আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২৩ জুলাই, শুকুৰবাৰ, ২০২১ )

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২৩ জুলাই, শুকুৰবাৰ, ২০২১ )

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি সফল হবলৈ হলে আপোনাৰ কাৰ্যপ্ৰণালীলৈ পৰিৱৰ্তন আনিব লাগিবই । আপুনি দৌৰা-ঢপৰাকৈ কাম কৰি থকাৰ মাজতে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক এটা প্ৰতিশ্ৰুতি দিব, যিটো পূৰণ কৰাটো সহজ নহব। আপুনি পদোন্নতিৰ সুযোগ পাব। আপুনি আপোনাৰ ভাব-চিন্তা সলনি কৰাৰো সুযোগ পাব। আপুনি এটা প্ৰকল্পৰ কামৰ বাবে ঋণ লব। অধ্যয়নত আপোনাৰ মনোযোগ বৃদ্ধি পাব।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে এটা সুন্দৰ দিন। আপুনি আৰাম-শিথিলতা অনুভৱ কৰাৰ বাবে আউটিঙত যাব পাৰে। আপোনাৰ প্ৰিয়জন আপোনাৰ কাষত থাকিব আৰু আপোনাৰ ইচ্ছা পূৰণৰ বাবে সদায় তেওঁ প্ৰস্তুত থাকিব। এই সময়ছোৱা আপোনাৰ বাবে লাভদায়ক সময়। আপোনাৰ ক্ষতি কৰিবলৈ শত্ৰু সক্ষম নহব। আপুনি অতি সংবেদনশীল হব আৰু নিজৰ কামকলৈ সচেতন হব। বৃহস্পতিয়ে আপোনালৈ প্ৰচুৰ লাভ কঢ়িয়াব।

মিথুন : (২২ মে' - ২১ জুন)

আপুনি ব্যস্ততাপূৰ্ণ প্ৰেম-জীৱনত দেখা দিয়া সমস্যা দূৰ কৰাৰ বাবে আপোনাক এতিয়াই অতিৰিক্ত শক্তিৰ প্ৰয়োজন হব। আপুনি এই প্ৰক্ৰিয়াটো উপভোগ কৰিব। আপোনাৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত ভাল খবৰে অপেক্ষা কৰিছে। কোনোবাই আপোনাৰ বিৰুদ্ধে আপত্তি দিব পাৰে আৰু ইয়ে চৰকাৰী বা বে-চৰকাৰী চাকৰিত কৰ্মৰত সকলৰ ক্ষেত্ৰত সমস্যাই সৃষ্টি কৰিব পাৰে। এইসকল ব্যক্তিৰ সন্মান লাঘব হব পাৰে আৰু ধন অৰ্জনত ক্ষতি হব পাৰে।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপুনি কামবোৰ সঠিকভাবে হৈ নুঠাৰ বাবে চিন্তাত পৰিব পাৰে আৰু কেনেদৰে কাম কৰিব লাগে, সেই কথা চিন্তা কৰিবলগা হব পাৰে । তাত্ক্ষণিকভাবে গঢ়ি উঠা সম্পৰ্কই আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ধ্বংস কৰিব পাৰে। গতিকে আপুনি কোনো কাম আৰম্ভ কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰা উচিত । আপোনাৰ বাবে সময় সঠিক নহয়। আপুনি সাৱধান উচিত। আপুনি ইতিবাচক চিন্তাৰে অগ্ৰসৰ হব আৰু ব্যৱসায়ত উন্নতি সাধন কৰিব। আপোনাৰ স্বাস্থ্য ভাল।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ জীৱনলৈ কোনোবা নতুন এজনৰ আগমনৰ সময়তে আপোনাৰ পৰিয়ালত বিৰাজ কৰা পৰিস্থিতিয়ে আপোনাৰ মনত কিছু বিৰক্তিবোধৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে আপুনি কিঞ্চিত পৰিকল্পনাৰ জৰিয়তে আপোনাৰ প্ৰেম আৰু ঘৰুৱা পৰিস্থিতিক চম্ভালি লব পাৰিব। আপুনি বয়-বস্তু কিনাত ব্যস্ত থাকিব । আপুনি মানসিক শিথিলতাৰ মাজত থাকিব আৰু আমোদ-প্ৰমোদত ব্যস্ত থাকিব। আপুনি অনেক কল্যাণমূলক কামতো জড়িত থাকিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

এটা উষ্ণ সম্পৰ্কই আপোনাক সকলো কথা পাহৰাই ৰাখিব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে মন-প্ৰাণ শিঁহৰিত কৰাকৈ একেলগে হোৱাৰ সুয়োগ পাব আৰু আপোনালোক দুয়োজনে পৰস্পৰৰ সংগৰ আমোদ লব। আপুনি জাগতিক সন্তুষ্টি উপভোগ কৰিব। প্ৰিয়জনক কৰা সাক্ষাতে আপোনাৰ মন পাতল কৰিব। আপুনি ক'ৰবাত অতিথি হব। আপুনি বহু পৰিকল্পনা কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি কোনো উত্সৱ পালনৰ পৰিকল্পনাত গুৰুত্ব দিব। আপোনাৰ অন্তৰৰ সংগীয়ে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব। সেয়ে আপুনি তেওঁৰ পাছত থাকিবলগীয়া হব পাৰে। এই সমস্যা অতিক্ৰম কৰাৰ বাবে আপুনি সম্ভৱতঃ অধিক বলিষ্ঠ হবলগা হব পাৰে। কোনো আনন্দ মিশ্ৰিত শিহৰণকাৰী কাৰ্য সমাধাৰ বাবে আপুনি আজি তাৰ ব্লু-প্ৰিণ্ট প্ৰস্তুত কৰিবলগীয়া হব পাৰে। এই পৰিকল্পনাসমূহৰ সাৰাংশ প্ৰস্তুত কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ আজিৰ দিনটো সুখানুভূতিপূৰ্ণ হব। আপুনি পোৱা মৰম তথা প্ৰেমক লৈ আপুনি আচৰিত হব আৰু আপোনাৰ প্ৰেম-ৰোমান্স দ্ৰুততৰে বৃদ্ধি পাব। আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আপোনাৰ সম্পৰ্ক দৃঢ় হব। আপুনি আপোনাৰ সন্তানক কিছু বিশেষ কৰিবলৈ কব আৰু এই ক্ষেত্ৰত আপুনি সফল নোহোৱালৈকে চেষ্টা ত্যাগ নকৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

সাধাৰণ কথাকলৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ সৈতে কাজিয়া-পেচাল কৰাৰ প্ৰৱণতা থকাৰ বাবে আপুনি অতি সুখী নহব পাৰে । আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক যতি পেলোৱাৰ সুযোগ পাব পাৰে। আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হব। আপুনি আপোনাৰ নিজস্বতাৰ বিকাশ সাধন কৰিব। নতুন কথা শিকাৰ বাবে আপোনাৰ আকাংক্ষা থাকিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে দেখা আশা আৰু সপোন বাস্তৱায়িত হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আশা আৰু সপোন দেখিবলৈ নেৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে ভ্ৰমণৰ আঁচনি লোৱা স্থানলৈ এতিয়া যাব পাৰে। আপুনি সকলো কামতে সফলতা অৰ্জন কৰিব।অধ্যয়নৰত সকলৰ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। আয়ৰ ক্ষেত্ৰত নতুন সম্পদৰ দুৱাৰ মুকলি হব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

অনেক ইতিবাচক অনুভূতিয়ে আপোনাৰ গভীৰ ভাৱনাত ঠাই লব আৰু এক বৃহত সুখানুভূতি লাভ কৰিব। আপোনাৰ প্ৰেমৰ বান্ধোন শক্তিশালী হব আৰু আপুনি কোনো অংগীকাৰ কৰাৰ বাবে সাজু হব। আপুনি কাম সম্পূৰ্ণ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলে হোম-ৱৰ্ক সম্পূ্ৰ্ণ কৰিব। কঠোৰ পৰিশ্ৰমৰ প্ৰত্যাশিত ফল আপুনি লাভ কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ ব্যৱসায়িক সংগীৰ সৈতে যুটীয়াভাবে ক্ৰয় কৰা সম্পত্তিৰ লেখীয়া বিষয়ত আগস্থান পাব। অৱশ্যে ইয়াকে লৈ আপোনাৰ মনত কোনো বেয়া বাব নাথাকিব আৰু এক বুজাবুজিতো উপনীত হব পাৰে। যুৱক-যুৱতীসকলে প্ৰিয়জনৰ লগত ফুৰা-চকা কৰাত ব্যস্ত থাকিব। এই সময় হৈছে সুখী হোৱাৰ এক সময়। সময় ভালদৰে অতিবাহিত হ'ব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com