আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৪ জুলাই, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ২৪ জুলাই, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি অতি দৃঢ়তা সম্পন্ন হব আৰু আপোনাৰ প্ৰিয়জনৰ সৈতে কাজিয়া কৰিব পাৰে। অৱশ্যে ই মাথোঁ এটা অধ্যায় হব, কাৰণ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বুজি পাব যে আপুনি কেনে পৰিস্থিতিৰ মাজত আছে। আপোনাৰ বৈবাহিক জীৱনক লৈ আপুনি সুখী হব। অনেক ইটো-সিটোৰ মাজত আপোনাৰ পৰিয়ালত কিছু চিন্তা-দুঃশ্চিন্তা থাকিব । আপুনি আপোনাৰ মাত-কথাত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপোনাৰ ৰোমাণ্টিক জীৱনত কোনো নাটকীয় ঘটনা সংঘটিত হব পাৰে। ইয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাব আৰু আপুনি আপোনাৰ জীৱনত প্ৰৱেশ কৰা ব্যক্তিজনক সন্তুষ্ট কৰিবলৈ অগ্ৰসৰ হব। ভাগ্য আপোনাৰ অনুকূলে থাকিব। আপুনি আকাংক্ষিত খবৰ পাব আৰু চাকৰিত নিয়োগৰ সুযোগ পাব।

মিথুন : (২২ মে' – ২১ জুন )

আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে অতি সহায়কাৰী হব। আপুনি চাৰিওদিশে সহজে আৰু কম আয়াসতে বিচৰণ কৰি থাকিব। আপুনি বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ কথা চিন্তা কৰিব আৰু যিমান পাৰি সিমান সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ কথা ভাবিব। আপুনি কিছুমান খবৰ পাৰে। এইবোৰে আপোনাৰ মন-প্ৰাণ উজ্জীৱিত কৰিব। আপুনি উদ্ধাৰ কৰাৰ চেষ্টা সফল হব। আপোনাৰ প্ৰগতিৰ পথ উজ্বল হৈ উঠিব।

কৰ্কট: (২২ জুন – ২২ জুলাই)

আপোনাৰ আজিৰ দিনটো সুখানভুতিৰে পূৰ্ণ দিন হব। এজন বন্ধুৰ জৰিয়তে আপুনি প্ৰেমত পৰাৰ সুযোগ পাব। আপুনি ভাল বাতাবৰণ উপভোগ কৰিব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সংগত সুখপ্ৰদ মুহূৰ্ত অতিবাহিত কৰিব। আদালতৰ সৈতে জড়িত বিষয়ত আপুনি কোনো প্ৰতিবন্ধকতাৰ সন্মুখীন নহব। আপুনি সু-সিদ্ধান্ত আৰু কৌশলৰ বলত পৰিস্থিতি চম্ভালি লব পাৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কাজিয়া-পেচাল এৰাই চলিব । কাৰণ ই অনাকাংক্ষিত ঘটনাৰ অৱতাৰণা কৰিব পাৰে। আপোনালোকৰ উমৈহতীয়া লক্ষ্যত মনোনিৱেশ কৰক আৰু আপুনি দেখা পাব যে জীৱন ভাল পথেৰে অগ্ৰসৰ হৈছে। এৰাব নোৱৰা গুৰুত্বপূৰ্ণ বিষয়ত আপুনি মন সলনি কৰাটো বন্ধ কৰক। আপুনি যোগ আৰু আধ্যাত্মিকতাৰ প্ৰতি মনোযোগ দিব । ইয়ে আপোনাৰ মনক কোনো কথাত গুৰুত্ব দিয়াত সহায় কৰিব।

কন্যা: (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

কৃত্ৰিম-আন্তৰিকতাহীন সংগত সময় কটোৱা কাৰ্যই এইটোকে সূচাব যে মানুহ সম্পৰ্কে আপোনাৰ মতামত অতি ভাল নহব পাৰে। আপোনাৰ প্ৰতি আগ্ৰহ দেখুওৱা কোনোবাজনক আপুনি লগ পাব, কিন্তু আপুনি তেওঁক পৰীক্ষা কৰাৰ কথাহে ভাবিব। আপুনি লাভ অৰ্জনৰ পৰিৱেশ পাব পাৰে । আপুনি বিত্তীয় সমস্যাৰ সন্মুখীন হব পাৰে। আপোনাৰ ব্যয় বৃদ্ধি পাব পাৰে। আপোনাৰ স্বাস্থ্য অটুট থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ জীৱনসংগীৰ লগত সুন্দৰ বুজাবুজিৰ সম্পৰ্ক অতিবাহিত কৰিব। আপোনালোক ইজনে-সিজনৰ প্ৰয়োজনীয়তাৰ প্ৰতি চকু দিব। আপুনি কোনো অভিযানমূলক কামত গৃহস্থানৰ পৰা বাহিৰলৈ যাব পাৰে। আপুনি আপোনাৰ শুভাকাঁীসকলৰ প্ৰতি আনুগত্য বৰ্তাই ৰাখিব। ই আপোনাৰ বৃহত সম্পদ হব। আপুনি আপোনাৰ মাজত এটা সম্পূৰ্ণ পৰিৱৰ্তন অনুভৱ কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ কৰ্মজীৱনৰ ক্ষেত্ৰত বহু উত্কৃষ্ট অফাৰ পাব আৰু সেইবোৰ কেনে গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগে, সেয়া আপুনি জানে । ইয়াৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিব নোৱাৰিব পাৰে। আপোনাৰ মনৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থাকিব। আপোনাৰ কাম সম্পূ্ৰ্ণ হৈ উঠিব। আপুনি আপোনাৰ সন্তানৰ সফলতাক লৈ সুখী হব। আপোনাৰ জীৱনত প্ৰেমে এটা গুৰুত্বপূৰ্ণঁ ভূমিকা পালন কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ প্ৰেম-জীৱন এক হতাশাজনক সময়ৰ মাজেৰে অতিবাহিত হৈছে, কিন্তু অৱশেষত আপুনি জয়ী হব। আপোনাৰ জীৱনত বহুখিনিয়েই ঘটিছে. কিন্তু আপুনি মাথোঁ এটা ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব। আপুনি সন্মান আৰু মৰ্যাদা অৰ্জন কৰিব । আপুনি পুৰণি বন্ধুবৰ্গক লগ পাব। আপোনাৰ জীৱন সুখেৰে ভৰি পৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

দৌৰা-ঢপৰাকৈ কামত ব্যস্ত থকাটোৱে আপোনাক ভাগৰুৱা কৰি তুলিব পাৰে আৰু আন বহু পদক্ষেপ লোৱাৰ চিন্তা মনৰ পৰা বাদ দিব পাৰে। আপুনি আনক সহায় কৰাৰ বাবে যথেষ্ট ধন ব্যয় কৰিবলগীয়া হব পাৰে। আপুনি আপোনাৰ জীৱনসংগীক সন্তুষ্ট ৰাখক। আপুনি আপোনাৰ কামত ব্যস্ত থাকিব আৰু আপুনি আনন্দকৰ মুহূৰ্তৰ মাজত থাকিব। কৰ্মস্থলীত আপুনি সুখী হব। আপোনাৰ মুৰব্বী আপোনাৰ ডাঙৰ সহায় হ'ব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

প্ৰেমৰ সন্ধানত থকাসকলে প্ৰাৰম্ভিক অৱস্থাত হতাশ হবলগীয়া হব পাৰে, কিন্তু কথাবোৰ যেনেদৰে আগবাঢ়িব, আপোনালোক সুখী হব। ইয়াকে আপুনি সদায়ে বিচাৰি আছিল। আপুনি কোনো পাৰ্টী বা বনভোজৰ সন্তুষ্টি পাব। ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰিব আৰু এই অপেক্ষাৰ ফল লাভদায়ক হব। আপোনাৰ শত্ৰু পৰাভুত হব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

অ-প্ৰয়োজনীয় তৰ্কাতৰ্কি এৰাই চলিলে আপুনি অনাকাংক্ষিত পৰিস্থিতি প্ৰতিহত কৰিব পাৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত থকা উমৈহতীয়া লক্ষ্যত মনোনিৱেশ কৰিলে, জীৱনে আপুনি বিচৰা ধৰণৰ দিশত অগ্ৰসৰ হব। আপোনাৰ ভ্ৰমণ লাভদায়ক হব। আপুনি ভগৱানক প্ৰাৰ্থনা জনোৱাত ব্যস্ত থাকিব। মানুহে আপোনাৰ গুণক প্ৰশংসা কৰিব। আপোনাক বহুতে ভাল পাব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com