মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)
আইনী যুঁজত আপুনি জয়লাভ কৰিব । পেচাগত কামতো আপোনাৰ পাৰদৰ্শিতা উন্নত হ'ব । কাৰ্যালয়ৰ কাম-কাজত আপুনি আধিপত্য বিস্তাৰ কৰিব। আপোনাক এক গুৰুত্বপূৰ্ণ স্থানত স্থলাভিষিক্ত কৰা হব পাৰে। আপুনি আধাৰুৱা হৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব। আপুনি ধনেৰে উপচ খাই থাকিব আৰু কোনো বিত্তীয় সমস্যা নাথাকিব। আপোনাৰ স্বাস্থ্যও ভালে থাকিব। আপুনি আপোনাৰ পচ্ছন্দৰ এজন ব্যক্তিৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ যোগ আছে। আপুনি আকস্মিকভাবে পদোন্নতিও পাব। আপুনি আপোনাৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ পৰা সহায়-সহযোগিতা পাব। আপুনি এটা নতুন কাম /ব্যৱসায়ো আৰম্ভ কৰিব। আপুনি আপোনাৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যবৰ্গৰ লগত ভাল বান্ধোন অটুট ৰাখিব। আহি থকা দিনবোৰে আপোনালৈ আনন্দ আৰু সম্পদ আনিব। আপুনি প্ৰতিটো কামতে সফলতাও অৰ্জন কৰিব। কাৰিকৰী কামত জড়িত ব্যক্তিসকলে অধিক লাভ অৰ্জন কৰিব।
বৃষ : (২১ এপ্ৰিল -২১ মে')
আগন্তুক সপ্তাহটো আপোনাৰ বাবে বৈপৰীত্যৰে পূৰ্ণ সপ্তাহ হব । আপোনাৰ সকলো উদ্বেগ-উত্কণ্ঠা মৰিষণ হব। আপোনাৰ আত্মবিশ্বাস উচ্চ হব। আপুনি নতুন ব্যক্তিৰ লগতো যোগোযোগ স্থাপন কৰিব। আপুনি নতুন চাকৰি /ব্যৱসায়ৰ প্ৰস্তাৱো পাব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ সহায়ত জটিল কাম কৰিবলৈ সক্ষম হব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব। আপোনাৰ প্ৰেম-ৰোমান্সৰ জীৱন অপূ্ৰব হব। কোনোবা এজনৰ সৈতে ঘটা সাক্ষাতে আনন্দকৰ প্ৰেমৰ সম্পৰ্কৰ সৃষ্টি কৰিব। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কত থকাসকলে বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিব। আপুনি পৰিয়ালৰ সৈতে আমোদ-প্ৰমোদৰ বাবে ভ্ৰমণতো যাব পাৰে । আপুনি আপোনাৰ প্ৰিয়জন আৰু বন্ধুবৰ্গৰ সৈতে অবিস্মৰণীয় মুহূৰ্ত পাৰ কৰিব। আপুনি সামাজিক আৰু ৰাজনৈতিক কাম-কাজৰ প্ৰতি আকৰ্ষিত হব পাৰে। আপুনি আপোনাৰ ব্যৱসায়তো সফলতা অৰ্জন কৰিব। আপুনি নিজৰ মাজতে ইতিবাচক পৰিৱৰ্তন দেখিব। গভীৰ চিন্তাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহে আপোনাক ধন অৰ্জন কৰাত সহায় কৰিব।
মিথুন : (২২ মে' – ২১ জুন)
আপোনাৰ কৰ্মৰ সৈতে আপোনাৰ সন্মান আৰু গুৰুত্ব বৃদ্ধি পাব। আপুনি আপোনাৰ কাম আৰু ব্যৱসায়ত প্ৰচুৰ উন্নতি সাধন কৰিব। আপোনাৰ কামৰ পৰিৱেশ উন্নত হব আৰু আপুনি নিজকে উপভোগ কৰি দিনবোৰ অতিবাহিত কৰিব। আপুনি টকা-পইচা লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজন হব। আপুনি আপোনাৰ ব্যয়ো সীমিত কৰাৰ প্ৰয়োজন হব। আপোনাৰ স্বাস্থ্যৰ কোনো ডাঙৰ সমস্যা নাথাকিলেও আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন হব। কৰ্মস্থলীত আপুনি গুৰুত্বপূৰ্ণ নথিপত্ৰ সাৱধানে ৰখাৰ প্ৰয়োজন, যাতে আপোনাৰ শত্ৰুৱে কোনো উপায়েৰেই আপোনাৰ ক্ষতিসাধন কৰিব নোৱাৰে। চৰকাৰৰ সৈতে সম্পৰ্কিত কাম বা বিষয়ত আপুনি সফলতা অৰ্জন কৰিব। এই সময় হৈছে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আনন্দ-স্ফূৰ্তি কৰাৰো সময়। আপুনি বনভোজ অথবা আনন্দ-স্ফূৰ্তিৰে ভৰা ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰো যতন লব। আপুনি আপোনাৰ পিতৃ-মাতৃ আৰু আত্মীয়-স্বজনৰ পূৰ্ণ সমৰ্থন পাব।
কৰ্কট : (২২ জুন -–২২ জুলাই)
আপোনাৰ বাবে আগন্তুক সপ্তাহটোৰ আৰম্ভণী সুখানুভূতি মিশ্ৰিত হব। আপুনি সুখী হব আৰু আনন্দ-স্ফূৰ্তিৰ মাজত থাকিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কেতবোৰ অবিস্মৰণীয় মুহূৰ্ত পাৰ কৰিব। পৰিয়ালত গেট টুগেদাৰো হব পাৰে। আপোনাৰ মনলৈ পুৰণি স্মৃতি আহিব পাৰে আৰু আপুনি নষ্টালজিক হব। ধনৰ দিশৰ পৰা এই দিনবোৰ আপোনাৰ বাবে ভাল দিন। ক'ৰবাৰ পৰা আপুনি ভাললগা বা সুখ কঢ়িয়াব পৰা বাৰ্তা পাব। আপুনি চাকৰি বা ব্যৱসায়ৰ ভাল প্ৰস্তাৱ পাব। আপুনি আপোনাৰ শক্তিশালী ইচ্ছাশক্তিৰ বলত সফলতাৰ দিশত অগ্ৰসৰ হব। আপোনালৈ ধন আৰু সম্পদৰ আগমন অব্যাহত থাকিব । আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আপুনি আনৰ প্ৰতি সহানুভূতিশীল হব। আপুনি গুৰুত্বসহকাৰে কাম সম্পূৰ্ণ কৰিব। আপুনি আপোনাৰ চৌকাষে থকা ব্যক্তিসকলৰ সৈতেও সু-সম্পৰ্ক স্থাপন কৰিব।
সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)
এই দিনবোৰ আপোনাৰ বাবে জ্ঞানবৰ্ধক দিন। আপুনি আশা আৰু স্পৃহাৰে জীৱনক পুনৰ উভতি চাব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। আপুনি কামত অগ্ৰগতি লাভ কৰিব। আপুনি নিজৰ বাবে নতুন কিছু কাম কৰাৰ আকাংক্ষা থাকিব আৰু ইয়াৰ বাবে আপুনি অনেক নতুন কথা শিকিব। আপোনাৰ উৰ্ধতন মুৰব্বী বিষয়াসকলে আোপনাক সহায়-সমৰ্থন কৰিব। সময় আপোনাৰ বাবে অনুকূল। আপুনি সুন্দৰ ৰোমাণ্টিক জীৱন লাভ কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক যথেষ্ট সহায় কৰিব। আপোনাৰ ভাগ্যৰবি শক্তিশালী হব আৰু জীৱনত আগবাঢ়ি যোৱাত আপোনাক সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ বাবে অংসীদাৰী ব্যৱসায় শ্ৰেয়। আপুনি আকাংক্ষিত এটা কাম লাভ কৰি পূৰ্ণ শক্তিৰে কাম কৰিব। আপুনি এটা ভাল কাম কৰিবলৈ লব। আপুনি ঘৰুৱা কাম-কাজত ধন ব্যয় কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বিৰোধী পৰাভুত হব।
কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)
এই সপ্তাহটো আপোনাৰ বাবে অপূৰ্ব সুন্দৰ সপ্তাহ হব। আপুনি সুখী হব আৰু আনন্দ মনেৰে থাকিব। আপুনি বহুত আৰাম কৰিব। এই দিনবোৰত আপোনাক বহু পৰিমাণৰ ধনৰ প্ৰয়োজন হব। আপুনি কাৰ্যালয়ৰ কাম-কাজত ব্যস্ত থাকিব। আপুনি কামৰ জৰিয়তে প্ৰত্যেকৰে সন্মুখত আপোনাৰ সামৰ্থৰ পৰিচয় দিব। এই সময়ছোৱা আপোনাৰ বাবে স্বীকৃতি লাভৰ সময়। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আনন্দকৰ মুহূৰ্ত পাৰ কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে অতি ৰোমান্সকৰ সময় অতিবাহিত কৰিব। আপুনি নতুন পৰিকল্পনা আৰু কৰি ভালপোৱা কাম বাস্তৱায়িত কৰিবলৈ সক্ষম হব। আপুনি প্ৰতিটো কথা আৰু কামত গুৰুত্ব দিব। আধ্যত্মিক আৰু পাৰ্থিৱ—দুয়োটা দিশৰ পৰাই এই সময়ছোৱা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হব। আপুনি নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি অগ্ৰসৰ হব। স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। বিবদমান বিষয়ত আপোনাৰ জয়ৰ ইংগিত সূচিত হৈছে। আপুনি নতুন প্ৰকল্প হাতত লব।
তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)
এই সপ্তাহটো আপোনাৰ বাবে সন্মান বৃদ্ধিৰ সপ্তাহ হব। আপোনাৰ আত্মসন্মান, মৰ্যাদা আৰু জনপ্ৰিয়তা উৰ্ধমুখী হব। আপুনি আপোনাৰ ব্যৱসায় বা কামত উন্নতি সাধনৰ প্ৰচুৰ সুযোগ পাব। আপুনি আপোনাৰ শক্তি-সামৰ্থৰ চূড়াত উপনীত হব। আনকি আপোনাৰ বিত্তীয় অৱস্থাও উন্নত হব। আপোনাৰ উৰ্ধতন বিষয়ায়ো আপোনাক সম্পূৰ্ণ সহায়-সমৰ্তন কৰিব। প্ৰভাৱশালী ব্যক্তিৰ লগত আপোনাৰ যোগাযোগে অকথিত লাভ দিব। আপোনাৰ ব্যক্তিগত জীৱন শান্তিপূৰ্ণ হব। আপুনি আপোনাৰ জীৱনসংগীৰ লগত উত্পাদনশীল সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ সকলো শক্তি-সামৰ্থ খটুৱাই কাম কৰিব। আপুনি আপোনাৰ ঘনিষ্ঠজনৰ আস্থা জয় কৰিব। মানুহে আপোনাৰ ভদ্ৰ আৰু অমায়িক আচৰণক প্ৰশংসা কৰিব। সপ্তাহটোৰ শেষৰফালে আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব পাৰে, যিটো ফলদায়ক হব। কিছুমান সুখপ্ৰদ খবৰে আপোনাৰ সজীৱতা বৃদ্ধি কৰিব। আপুনি এজন সন্যাসী বা আধ্যাত্মিক গুৰু আশীৰ্বাদ লাভ কৰিব পাৰে।
বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)
আপোনাৰ ৰাশিচক্ৰত অনুকূল গ্ৰহৰ অৱস্থানে আপোনাক ধনৰ ক্ষেত্ৰত লাভ সুস্থিৰ কৰিব । পূৰ্বৰ তুলনাত আপুনি অধিক সুৰক্ষিত অনুভৱ কৰিব। আপুনি কোনো পাৰ্টী বা উত্সৱৰ অনুষ্ঠানত অংশ লব পাৰে। আপুনি এই অনুষ্ঠানত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হব। আপুনি আপোনাৰ মাৰ্জিত প্ৰকৃতিৰ সহায়ত মানুহক আকৰ্ষণ কৰিব। কিন্তু আপুনি কামত উজলি উঠিবৰ বাবে অনেক চেষ্টা কৰিব লাগিব। আপোনাৰ বিৰোধী সক্ৰিয় হৈ থাকিব, কিন্তু আপোনাৰ ক্ষতি কৰিবলৈ সক্ষম নহব। আপুনি কামত ব্যস্ত থাকিব, কিন্তু তাৰ মাজতে পৰিয়ালৰ বাবে সময় উলিয়াব লাগিব। আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰক লৈ উদ্বিগ্ন হব। আপুনি অকলশৰে নিৰলাত সময় অতিবাহিত কৰিবলৈ বিচাৰিব । এই সময়ছোৱাত আপুনি ধ্যান কৰিব আৰু তথ্যসমৃদ্ধ তথা অভিযানমূলক কাহিনীৰ গ্ৰন্থ পঢ়িব। আনকি আপোনাক যোগ, প্ৰাৰ্থনা, উপাসনা আৰু ধৰ্মীয় কাম-কাজে আকৰ্ষিত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব আৰু আপুনি উপকৃত হব পৰা কামৰ প্ৰতি গুৰুত্ব দিব। আপুনি গতিশীল ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাৰ বিকাশ সাধন কৰিব।
ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)
আপুনি ভৱিষ্যতৰ সিদ্ধান্ত লোৱাৰ বাবে এই সময়েই হৈছে উপযুক্ত সময়। চাকৰিত এটা পৰিৱৰ্তন ঘটাটো নিশ্চিত হৈছে। আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ সিদ্ধান্তও লব পাৰে। আপোনাৰ কামৰ পাৰদৰ্শিতাকলৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ সন্তুষ্ট হব। ইয়ে আপোনাক সুখী কৰিব। আপুনি অধ্যয়ন, পৰীক্ষা আৰু লিখা-মেলাত গুৰুত্ব দিয়াত আগ্ৰহী হব। চাকৰিত কেতবোৰ সমস্যাই দেখা দিব পাৰে আৰু তাৰ বাবে আপুনি খৰতকীয়া সিদ্ধান্ত লব লাগিব। আপুনি ভাল বন্ধুৰ সহায়-সমৰ্থন পাব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ বান্দোন ভাল হব আৰু দুয়োজনে পৰস্পৰক ভালদৰে বুজি পাবলৈ সক্ষম হব। আপুনি নতুন বন্ধুত্বও গঢ়িব। আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদক্ষেপে সফলতা আনিব। আপুনি চাকৰিত পদোন্নতি পাব। আপোনাৰ বাৰ্তা-সংযোগৰ দক্ষতা অদ্বিতীয়। আপুনি অধিক খোলা মনৰ হব আৰু আনতকৈ নিজৰ প্ৰতি অধিক গুৰুত্ব দিব।
মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)
আপুনি আপোনাৰ কামত ব্যস্ত থাকিব আৰু কামৰ লক্ষ্যত উপনীত হব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব। আপুনি নতুন চাকৰি বা ব্যৱসায়ৰ সন্ধান কৰিব পাৰে। হঠাতে লগপোৱা কোনো অপৰিচিত ব্যক্তিৰ সৈতে আপোনাৰ ৰোমাণ্টিক সম্পৰ্কৰ পাতনি ঘটিব পাৰে। আপুনি আপোনাৰ পৰিয়ালক আপোনাৰ সম্পূৰ্ণ সময় দিব। আপোনাৰ শত্ৰু আৰু বিৰোধী সক্ৰিয় হব, কিন্তু আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আত্মীয়ৰ সৈতে আপোনাৰ সু-সম্পৰ্ক থাকিব। আপোনাৰ ৰোমাণ্টিক জীৱন অপূৰ্ব হব। প্ৰেমিক-প্ৰেমিকাসকলে অপূৰ্ব সুন্দৰ সময় অতিবাহিত কৰিব আৰু ইজনে সিজনৰ অনুভূতি ভালদৰে বুজি পাব। আপুনি এটা ডাঙৰ বিত্তীয় বুজাবুজি কৰিব। কিন্তু চুক্তিত স্বাক্ষৰৰ পূৰ্বে আপুনি ভালদৰে নথিপত্ৰবোৰ পঢ়াৰ প্ৰয়োজন। আপুনি যোগ, ধ্যান আৰু প্ৰাৰ্থনাৰ প্ৰতি আগ্ৰহ বৃদ্দি কৰিব। আপুনি বৈচিত্ৰপূৰ্ণ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব। আপোনাৰ আয় বৃদ্ধি পাব। আপোনাৰ কামক লৈ আপোনাৰ উৰ্ধতন বিষয়াবৰ্গ আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সন্তুষ্ট হব।
কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)
দীৰ্ঘ সময় ধৰি পৰি থকা কাম আপুনি শেষ কৰিবলৈ সক্ষম হব। আপুনি কাম বা চাকৰিত উন্নয়ন সাধন কৰিবলৈ সক্ষম হব। সুযোগ-সুবিধাই আপোনাৰ জীৱনলৈ সুখ-শান্তি আনিব। আপুনি কামৰ ক্ষেত্ৰত ঠাৱৰ কৰা লক্ষ্যত উপনীত হবলৈ সক্ষম হব। মানুহে আপোনাৰ বুদ্ধিমত্তা, সৃজনশীলতা আৰু সামৰ্থ্যক প্ৰশংসা কৰিব। আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব। আপুনি ভাল খবৰ আৰু ধন লাভ কৰাৰ উচ্চ সুযোগ আছে। আপুনি অনেক উতৰ্গীকৃত মনোভাবেৰে কাম কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ লগত ভাল সম্পৰ্ক অটুট ৰাখিব। আপুনি তেওঁক এৰাব নোৱৰা কামত পৰামৰ্শ দিব। আপুনি অনুষ্ঠান, কৰ্মসূচী আৰু আলোচনা চক্ৰত ব্যস্ত থাকিব। আপুনি নতুন যোগাযোগ স্থাপন কৰিব। কৰ্মস্থলীত আপোনাৰ দায়িত্ব বৃদ্ধি পাব। আপুনি আপোনাৰ সহকৰ্মীৰ লগত অতি ভাল বাৰ্তা-সংযোগ বৰ্তাই ৰাখিব। আপোনালোক প্ৰেমিক-প্ৰেমিকাৰ মাজত ভাল বুজাপৰা থাকিব।
মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)
কেৰিয়াৰত অগ্ৰসৰ হোৱাৰ আপুনি ভাল সুযোগ পাব আৰু প্ৰত্যেকেই আপোনাৰ সামৰ্থ্য স্বীকাৰ কৰিব। টকা-পইচাৰ ক্ষেত্ৰত প্ৰত্যেক ব্যক্তিকে আস্থাত নলব। অন্যথা আপুনি প্ৰৱঞ্চিত হব পাৰে। আপোনাৰ প্ৰেমৃজীৱন ৰঙেৰে পৰিপূৰ্ণ হব। আপুনি কোনো মোহনীয় আৰু বুদ্ধিমান ব্যক্তিৰ লগত জড়িত হব। বহু চিন্তা-চৰ্চাৰ অন্তত আপুনি সিদ্ধান্ত লব। আপুনি তথ্যসমৃদ্ধ বা অভিযানমূলক কাহিনীৰ গ্ৰন্থ পঢ়ি সময় অতিবাহিত কৰিব। দীঘলীয়া সময়ৰ পাছত আপুনি কোনো পুৰণি বন্ধুক লগ পাই সুখী হব। আপুনি নতুন পৰিকল্পনাৰ কথা চিন্তা কৰিব। আপুনি আোপনাৰ পৰিয়াল আৰু সন্তানৰ সৰু-সুৰা প্ৰয়োজনীয়তাও পূৰণ কৰিব । জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সু-মসৃণ হব। আপুনি নতুন বস্তু ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আপোনাৰ পিতৃ-মাতৃৰ স্বাস্থ্য উন্নত হব। আপোনাৰ যাত্ৰা অনুকূল হব।