আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ২৬ জুলাই, সোমবাৰ, ২০২১

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, ২৬ জুলাই, সোমবাৰ, ২০২১

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক সুদৃঢ় কৰিবলৈ বিচাৰিব, কাৰণ ইয়াৰ পৰাই আপুনি সুৰক্ষা আৰু ঘনিষ্ঠতা স্পষ্ট হব। আপুনি যি আবেগিক সুৰক্ষা বিচাৰি আছিল, সেয়া পোৱাৰ পথ মুকলি হৈছে। আপোনাৰ আকাংক্ষিত কাম সম্পন্ন হব। আপুনি ব্যক্তিগত কথা গোপনে ৰাখিব। আপুনি জ্যেষ্ঠসকলৰ পৰা মৰম আৰু আশীৰ্বাদ পাব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপুনি কিছু কঠিন সিদ্ধান্ত লবলগা হব পাৰে। আপুনি আপোনাৰ পৰিয়ালক অনেক সময় দিবলগা হব পাৰে আৰু ইয়ে আপোনাৰ প্ৰেম-জীৱনত ব্যাঘাতৰ সৃষ্টি কৰিব পাৰে। আপুনি শাৰিৰীকভাবে সক্ৰিয় অনুভৱ কৰিব । বাধাপ্ৰাপ্ত কাম আগবাঢিব। যিমানেই চেষ্টা নচলাওক কিয় আপোনাৰ শত্ৰুৱে আপোনাক আমনি কৰিবলৈ সক্ষম নহব।

মিথুন : (২২ মে' -২১ জুন)

আপুনি আপোনাৰ প্ৰেমত অধিক জড়িত হব লাগিব আৰু সম্পৰ্কক লৈ আপুনি কিমান যতন লয়, সেয়া দেখুৱাব লাগিব। আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেম-ৰোমান্স বৰ্তাই ৰখাৰ ক্ষেত্ৰত আপুনি কিঞ্চিত কাম প্ৰদৰ্শন কৰিব লাগিব। আপুনি প্ৰতিটো কাম অতি সাৱধানতাৰে কৰে। আপুনি আপোনাৰ পিতৃ-মাতৃ আৰু পত্নীৰ বাবে সময় খৰচ কৰিব। কৰ্মস্থলীত বিতৰ্কৰ পৰা আঁতৰি থাকিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আকস্মিকভাবে নতুন দায়িত্ব পাব পাৰে । আপুনি ব্যক্তিগত জীৱনৰ সমস্যা দূৰ কৰিবলৈ চিন্তা পৰাকৈ কৰ্মস্থলীৰ দুঃশ্চিন্তাৰ পৰা মুক্ত হব। সুখ পোৱাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপোনাৰ আজিৰ দিনটো আনন্দ-স্ফূৰ্তিৰে পূৰ্ণ দিন হব। আোপনাৰ জীৱনসংগীয়ে আপোনাক অনেক সহায়-সমৰ্থন কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমৃজীৱন সুষমভাবে আগবঢ়াৰ বাবে অনেক চেষ্টা কৰিব লাগিব আৰু প্ৰেম-জীৱনৰ প্ৰতি মনোযোগ দিব লাগিব। কিন্তু তাকে কৰাতো সহজ নহব, কিন্তু সেই সম্পৰ্ক আপুনি হেৰুৱাবও নিবিচাৰিব। ভ্ৰাত—ভগ্নীৰ মাজত তিক্ততা থাকিব। আপোনাৰ বাবে এই সময়ছোৱা ভাল। সম্পত্তিৰ সৈতে জড়িত বিবাদ নিশ্পত্তি হব। নতুন বন্ধুৱে আপোনাক অনেক সহায় কৰিব।

কন্যা: (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ বাবে এক উত্সাহদ্দীপক সময়ে অপেক্ষা কৰিছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সুখৰ উত্স হব। আপোনালোক দুয়োজনৰ মাজৰ সম্পৰ্ক অধিক দৃঢ় হব। আপুনি সন্তানৰ স্কুললৈ গৈ তেওঁলোকৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰে। আপুনি লক্ষ্য-উদ্দেশ্য পূৰণ কৰিবলৈ সক্ষম হোৱাৰ বাবে সন্তুষ্টি অনুভৱ কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি অসুবিধাজনক পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে আৰু তাৰ পৰা পৰিত্ৰাণৰ পথ নিজে বিচাৰিব লাগিব। আপুনি অনেক বিকল্প বিচাৰি পাব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সুখী কৰি ৰাখিব পাৰিব। এই সময় আপোনাৰ বাবে ভাল সময়। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰিয়পাত্ৰত পৰিণত হব। এই সময় হৈছে আপুনি লাভ অৰ্জন কৰাৰ সময়। আপুনি ধনৰ লাভ অৰ্জন কৰিব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ভাগ-বাটোৱাৰৰে অনেক কাম কৰিব আৰু ইজনে সিজনক অধিক বুজি পাব। ই হব দীঘলীয়া সময় ধৰি বিচাৰি অহা কিবা এটা নতুন অভিজ্ঞতা। আপুনি প্ৰেম-ৰোমান্সত ব্যস্ত থাকিব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব। আপুনি আয়ৰ অতিৰিক্ত উত্সৰ সন্ধান কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ আজিৰ দিনটো সুখৰ দিন হব। আপুনি আোপনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ফুৰিবলৈ যাব পাৰে। ইয়াৰ সুযোগ লৈ আপুনি বিবাহকে ধৰি ব্যক্তিগত কথা আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আলোচনা কৰিব। আপুনি আপোনাৰ কাম এক অভিযানৰূপে সম্পূৰ্ণ কৰিব। আপুনি যথাযথভাবে দাযিত্ব সম্পাদন কৰিব। ভাই-ভনীৰ মাজত থকা মতভেদ দূৰ হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি খং-ক্ষোভ ত্যাগ কৰিব আৰু প্ৰেমৰ অনুভূতি ভালদৰে প্ৰকাশৰ পৰা সদ্যহতে বিৰত থাকিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে থকা আপোনাৰ সুন্দৰ সম্পৰ্ক আপুনি কঠোৱা হলে নষ্ট হব। আপুনি সকলো দিশৰ পৰা লাভ অৰ্জন কৰিব। আপুনি সকলো দিশৰ পৰা লাভ অৰ্জন কৰিব। আপুনি আপোনাৰ কৰ্ম-আঁচনিৰ প্ৰতি মনোযোগ দিব আৰু কামত সফলতা অৰ্জন কৰিব। আপোনাৰ স্বাস্থ্য ভাল।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক অৰ্থপূৰ্ণ আৰু আনন্দদায়ক কৰিবলৈ আপোনাৰ সকলো শক্তি-সামৰ্থ প্ৰয়োগ কৰিব। আপুনি কোনো বিশেষজনৰ কথা জানিব পাৰিব আৰু সি আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হব পাৰে। এজন অ-পৰিচিত ব্যক্তিয়ে আপোনাক সহায় কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সমস্যা সমাধান হব। আপুনি আপোনাৰ অতিৰিক্ত ব্যয়ক লৈ উদ্বিগ্ন হব। আপুনি আপোনাৰ বিত্তীয় ব্যয় নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হব।

মীন: (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অনেক সহায়-সহযোগিতা পাব । আপুনি তেওঁক আপোনাৰ কোনো সিদ্ধান্তৰ কথা কব পাৰে। বিশেষকৈ আপুনি অকলে কৰিব নোৱৰা কামক লৈ লোৱা সিদ্ধান্তৰ বিষয়ে তেওঁক কব পাৰে। আপুনি পোৱা সহায় গ্ৰহণ কৰক। আপোনাৰ কৰ্ম-দক্ষতা বৃদ্ধি পাব। আপুনি কোনো বিতৰ্কত সাঙোৰ খাব পাৰে আৰু তাৰ পৰা ওলাই অহাটো কঠিন হব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com