আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৩১ জুলাই, শনিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৩১ জুলাই, শনিবাৰ, ২০২১)

                                                    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৩১ জুলাই, শনিবাৰ, ২০২১)

মেষ : ( ২১ মাৰ্চ – ২০ এপ্ৰিল )

আপুনি আকস্মিকভাবে এজন নতুন ব্যক্তিক লগ পাব আৰু তেওঁৰ প্ৰতি সম্পূৰ্ণৰূপে আকৃষ্ট হব। আপোনাৰ আবেগ অনুভূতিৰ বিস্ফোৰণ ঘটাৰ উপক্ৰম হব। আপুনি পূৰ্ণাংগ প্ৰেমৰ সম্পৰ্কৰ দিশে অগ্ৰস হৈছে। আপেনাৰ আয় বৃদ্ধি পাব। আজি পিছবেলা আপুনি নিজৰ বাবে কিছু ফলদায়ক কাম কৰিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে)

আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ককলৈ সন্তুষ্ট নহয় বুলি কলে, আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই হতাশ অনুভৱ কৰিব। বিত্তীয় দিশত আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন হব। আপুনি প্ৰিয়জনৰ পৰা প্ৰেম আৰু সহযোগিতা লাভ কৰিব। আপোনাৰ নাম-যশস্যা আৰু সন্মান বৃদ্দি পাব।

মিথুন : (২২ মে' – ২১ জুন)

যিমান সোনকালে সম্ভৱ হয়, সিমান সোনকালে আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ত্যাগ কৰিবলৈ বিচাৰিব আপুনি নিজকে অসুবিধাজনক পৰিস্থিতিৰ মাজত আবদ্ধ থকা বুলি অনুভৱ কৰিব। কাৰণ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত নিষ্পত্তি নোহোৱা এটা বিবাদত লিপ্ত হব। আপুনি বুদ্ধিমত্তাৰে কাম কৰি ধন আয় কৰিব। আোপনাৰ ব্যৱসায়ত উত্পাদন বৃদ্ধি পাব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি প্ৰেম-প্ৰীতিৰ সম্পৰ্ককলৈ সিদ্ধান্ত লওঁতে আপোনাৰ লগত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ বুজাবুজি থাকিব লাগিব। আপুনি এক দূৰ ভ্ৰমণলৈ যাব পাৰে। আপুনি নিজৰ সামৰ্থ অনুসৰি সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিব। বিত্তীয় দিশত আজিৰ দিনটো আপোনাৰ বাবে সুন্দৰ দিন হব। আপুনি প্ৰিয়জনৰ পৰা প্ৰেম আৰু সহযোগিতা লাভ কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি প্ৰেমৰ সম্পৰ্ক গঢ়িব খোজা ব্যক্তিজনক কাষলৈ অনাৰ বাবে নিৰ্দিষ্ট পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। ইয়ে আপোনাৰ ভালেখিনি উপকাৰ সাধন কৰিব। আজিৰ দিনটো আপোনাৰ বাবে জ্ঞান অৰ্জনৰ দিন হব। আপুনি আত্মীয়-স্বজন আৰু বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। তেওঁলোকে আপোনাক সহায় কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি আজি ব্যক্তিগত জীৱনৰ কথা চিন্তা কৰিবলৈ সময় প্ৰায় নাপাব। ইয়ে আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত চিন্তাৰ কাৰক হৈ উঠিব। কৰ্মস্থলীত আপুনি যিয়েই নকৰক, তাতেই সফলতা অৰ্জন কৰিব। আপোনাৰ সামৰ্থত জ্যেষ্ঠ কৰ্মচাৰীসকলে আস্থা ৰাখিব। আপোনাক কামৰ দায়িত্ব দিব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ আৰু শক্তিশালী হব। আপোনালৈ ধন-সম্পত্তিৰ আগমন অব্যাহত থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি কোনো বিশেষ ব্যক্তিক লগ পাব, যিয়ে আপোনাৰ অন্তৰত নতুন অনুভূতিৰ সৃষ্টি কৰিব। আপুনি অধিক আত্মবিশ্বাসী হৈ উঠিব আৰু উত্সাহ-উদ্দীপনাৰে আপোনাৰ কাম সম্পূ্ৰণ কৰিব। কোনো কোনো সময়ত আপুনি খৰধৰকৈ কাম কৰিব। কিন্তু এনেদৰে কাম কৰিলে আপুনি আকাংক্ষিত ফলাফল নাপাব পাৰে। আপুনি আনৰ পৰামৰ্শ আওকাণ কৰিব পাৰে। কিন্তু সিয়ে আপোনাৰ উপকাৰ সাধন নকৰে।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি সহানুভূতিপূৰ্ণতাৰে আজি কাম কৰিব। ই আজি আপোনাৰ কামৰ মূল হৈ উঠিব। আপোনাৰ প্ৰিয়জনে আপোনাৰ পাৰ মৰম বিচাৰিব। দুয়োকে উচ্চাকাংক্ষী কৰি ৰাখিব আৰু দুয়োজনে সফলতা কামনা কৰিব। ইয়ে আপোনালোকক অধিক কাষ চপাই আনিব। আপুনি বিত্তীয় লাভালাভ অৰ্জন কৰিব। আপুনি কৰা বিনিয়োগৰ জৰিয়তে ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি পৰিয়ালৰ কথাও চিন্তাও কৰিব ।

ধনু : (২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)

আপোনাতকৈ অধিক ব্যক্তিত্বশালী কোনো ব্যক্তিৰ প্ৰেমত আপুনি পৰিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে সম্পৰীক্ষাৰ দিন হব। কাম বা ব্যৱসায়ত আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হব।কিন্তু আপুনি নীৰৱে আৰু শান্তিপূৰ্ণভাবে কাম কৰিব আৰু ইয়াক আপুনি উপভোগ কৰিব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

আপুনি এটা সুন্দৰ দিনৰ দিশে অগ্ৰসৰ হৈছে। . আপুনি আজি বহু কাম কৰিব লাগিব আৰু তাৰ বাবে প্ৰস্তুত হব। আপুনি আজিৰ সন্ধিয়াতো বন্ধুবৰ্গৰ সৈতে পাৰ কৰিব। নিৰ্দিষ্ট সময়ৰ পূ্ৰ্বে আপুনি কাম সম্পূৰ্ণ কৰাত সফল হব। আপুনি নতুন কামৰ দায়িত্ব লাভ কৰিব পাৰে। আপুনি বজাৰ কৰা আৰু আমোদ-প্ৰমোদতো আজি ব্যস্ত থাকিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ভৱিষ্যতক লৈ আজি বহুদিন ধৰি বাদ পৰি থকা এটা সিদ্ধান্ত লব লাগিব। আপুনি আপোনাৰ প্ৰিয়জনক আস্থাত লৈ তেওঁৰ সৈতে কথাবোৰ আলোচনা কৰিব লাগিব। আপুনি আপোনাৰ সন্তানৰ পঢ়া-শুনাত ধন ব্যয় কৰিব। আপুনি বাহুল্যতাৰ পৰা আঁতৰি থকাৰ প্ৰয়োজন। আপুনি আপোনাৰ ব্যৱসায় বা কৰ্ম সম্প্ৰাৰণৰ বাবে নিজৰ সৰ্বোচ্চ উজাৰি দিব। 

মীন : (১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)

আপুনি নিজে বিচৰা ধৰণেৰে আপোনাৰ প্ৰেমৰ সম্পৰ্কক আগুৱাই নিবলৈ বিচাৰিলে আপুনি আপোনাৰ প্ৰেমক গুৰুত্ব আৰোপ কৰিব লাগিব। আপোনাৰ মন আজি গোটেই দিন শান্তি, আনন্দৰে পূৰ্ণ হৈ থাকিব। ধন, টকা-পইচাও থাকিব।আপোনাৰ উপস্থিতিত আপোনাৰ পৰিয়ালে সুৰক্ষিত অনুভৱ কৰিব আৰু আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গক দিক-নিৰ্দেশনা দিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com