Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৩ আগষ্ট, মঙলবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৩ আগষ্ট, মঙলবাৰ, ২০২১)

RaktimBy : Raktim

  |  3 Aug 2021 3:54 AM GMT


মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)

আপুনি মানুহৰ পৰা কি বিচাৰে, সেয়া ঠিৰাং কৰাৰ বাবে এই সময়ছোৱাই উপযুক্ত সময়। আপুনি মানুহক মুগ্ধ কৰিব পাৰে। এজন পুৰণি সহকৰ্মীৰ লগত আপোনাৰ অন্তৰংগতা বৃদ্ধি পোৱাৰ প্ৰৱল সম্ভাৱনা আছে। ভগৱানক প্ৰাৰ্থনা জনাওক। সৰ্বশক্তিমানজনৰ ওপৰত থকা আপোনাৰ বিশ্বাসে আপোনাক সঠিক সিদ্ধান্ত লোৱাত সহয়া কৰিব। পৰিয়ালে আপোনাক সুখ-শান্তি দিব। আপোনাৰ স্বাস্থ্য ভাল।

বৃষ : (২১ এপ্ৰিল -২১ মে')

আপুনি সদায়ে নিজৰ চিন্তা-চৰ্চা অনুসৰি অগ্ৰসৰ হ'বলৈ বিচাৰে, কিন্তু এইবাৰ আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই তাকে কৰিবলৈ নিদিব। ইয়ে আনন্দ-স্ফূৰ্তি কৰাৰ ক্ষেত্ৰত আপোনাৰ মন ভাঙি পেলাব আৰু আপোনালোক দুজনৰ মাজত সৰু-সুৰা কাজিয়া হব পাৰে। নিবনুৱাসকলে ভাল খবৰ আশা কৰিব পাৰে। আপুনি বিত্তীয় লাভ পাব। আজিৰ দিনটোৱে আপোনালৈ সুখ, শান্তি আৰু আনন্দ কঢ়িয়াব।

মিথুন : (২২মে' – ২১ জুন)

আপুনি সঠিক প্ৰেম লাভ কৰিব পাৰে আৰু ইয়ে আপোনাক সন্তুষ্ট কৰিব। আপুনি এই প্ৰেমৰ সম্পৰ্ক আগৰ তুলনাত দীঘলীয়া হোৱাটো বিচাৰিব। ইয়ে আপোনাৰ জীৱনৰ প্ৰধান লক্ষ্য হব আৰু আপুনি ইয়াক বাস্তৱায়িত কৰিবলৈ নিজকে ভালদৰে প্ৰস্তুত কৰিব। আপুনি ৰাজনৈতিক কৰ্মৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আৰু এইক্ষেত্ৰৰে ইতিমধ্যে জড়িত ব্যক্তিসকলৰ ওচৰ চাপিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

প্ৰধানতঃ পৰিয়াল বা সামাজিক হেঁচাৰ বাবে আপুনি নিজৰ কাম কৰিব। আপোনাৰ ৰোমাণ্টিক জীৱন শেহতীয়া সময়ছোৱাত পৰিত্যক্ত হোৱা যেন অনুভৱ কৰিব আৰু এই সময়ছোৱাত আপুনি প্ৰেম-ৰোমান্সত নতুন উদ্দীপনা সংযোজন কৰক। আপুনি দুঃশ্চিন্তা-দুৰ্ভাৱনাৰ মাজত থাকিব।আপোনাৰ স্বামী বা পত্নীয়ে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন পাৰে। আপুনি লক্ষ্যত উপনীত হবলৈ চেষ্টা কৰিব পাৰে, কিন্তু লক্ষ্যস্থলে বহু দূৰৈত অৱস্থান কৰিছে।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

কোনো ধৰ্মীয় উত্সৱ-পাৰ্বনত আপুনি কৰা অংশগ্ৰহণে আপোনাৰ বাবে প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত নতুন পথ মুকলি কৰিব। নতুন নতুন মানুহক লগ পোৱাটোৱে আপোনাৰ সৈতে ভালদৰে মিলা জীৱনসংগী পোৱাত সহায় কৰিব। আপুনি নতুন প্ৰকল্প হাতত লবলৈ উত্সাহিত হব। এই প্ৰকল্পসমূহে আপোনাক কামৰ ক্ষেত্ৰত নতুন প্ৰণালী তৈয়াৰ কৰিবলৈ উত্সাহিত কৰিব। আপুনি প্ৰচুৰ বিত্তীয় লাভ অৰ্জনৰ ইংগিত সূচিত হৈছে ।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ )

কিছু সময়ৰ বাবে আপুনি আনন্দ দায়ক অনুভূতিৰ মাজত থাকিব পাৰে । অৱশ্যে আপুনি অমনোযোগিতাবশতঃ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক কোনো ক্ষেত্ৰত বিৰোধিতা কৰিব আৰু ইয়ে তেওঁক হতাশ কৰিব। আপুনি তেওঁক বুজনি দি অনেক সময় পাৰ কৰিব লগা হব পাৰে । আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিবৰ বাবে আপোনাক অনেক ধৈৰ্যৰ প্ৰয়োজন হব। আপুনি নিজকে সামাজিক কাম-কাজত ব্যস্ত ৰাখিব। আৰু এটা পথ বিচাৰি পাব।

তুলা : (২৩ ছেপ্টেম্বৰ- ২৩ অক্টোবৰ)

আপুনি বিচাৰিলেই নিজকে আকৰ্ষণীয় কৰি তুলিব পাৰে। আপুনি আপোনাৰ নিকটত থকা কোনোবাজনক আপোনাৰ প্ৰতি আকৰ্ষণৰ বাবে এয়াই উপযুক্ত সময়। কোনোবাজন আপোনাৰ প্ৰতি আকৰ্ষিত হৈছে । আপুনি আপোনাৰ কাম আৰু চিন্তা-চৰ্চাত গুৰুত্ব দিয়াটো নিশ্চিত কৰক। আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই। আপুনি আপোনাৰ কাম বা ব্যৱসায়ত লাভ অৰ্জন কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি গভীৰ আবেগ-অনুভূতিৰ মাজত ডুব যাব আৰু ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক অশান্তি কৰিব পাৰে । কিন্তু আপুনি জানিব পাৰি সুখী হব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা অতি ভাল আৰু পৰিস্থিতিৰ সৈতে খাপ খাব পৰা সংগী। । আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা প্ৰস্তত কৰিব। আপুনি কোনো আকাংক্ষিত অনুষ্ঠান আয়োজনৰ প্ৰস্তুতিত অনেক সময় ব্যয় কৰিব।

ধনু: (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

উপভোগ্য কাম-কাজে আপোনাৰ বহু সময় লব। ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাকো আনন্দিত কৰিব। কাৰণ তেওঁৰ মনো আপোনাৰ দৰে হৈ থাকিব । আজি আপুনি কাম কমকৈ কৰিবলৈ ভাল পাব আৰু দিনটো উপভোগ কৰিবলৈ বিচাৰিব । আপোনাৰ চাৰিওকাষে থকা মানুহে আপোনাৰ সৃজনশীলতাক প্ৰশংসা কৰিব। কিঞ্চিত চেষ্টা কৰিলেই আপুনি কথা-বতৰাবোৰ আপোনাৰ ফালে ঢাল খুৱাব পাৰিব। আপোনাৰ নাম-যশস্যা বৃদ্ধি পাব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰিবলগা হব পাৰে । পেচাগত আৰু ব্যক্তিগত-দুয়োটা ক্ষেত্ৰতে লাভ অৰ্জনৰ বাবে আপুনি পৰিস্থিতি কামৰ অগ্ৰাধিকাৰ নিৰূপণ কৰিব লাগিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপুনি বিচৰা ধৰণেৰে ধৈৰ্যশীল নহব পাৰে। গতিকে আপুনি কামৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ বাছনি কৰা উচিত। আপুনি অতিৰিক্ত কামৰ দায়িত্ব লব। প্ৰেমিক-প্ৰেমিকাসকলে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হব। স্বাস্থ্যগত দিশৰ পৰা আপুনি পূৰ্ণাংগ ব্যক্তি।

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপুনি এটা সুখদায়ক অনুভূতিৰে পূৰ্ণ দিনৰ দিশে অগ্ৰসৰ হৈছে । আজিৰ সন্ধিয়াৰ সময়ছোৱা আপোনাৰ বাবে সুখানুভূতিৰে পূৰ্ণ হব। আপুনি প্ৰিয়জনৰ লগত দিনজোৰা ভ্ৰমণৰ বাবে ওলাই যাব আৰু তেওঁৰ লগত উতপাদনশীল কিছু মুহূৰ্ত পাৰ কৰিব। প্ৰেম-ৰোমান্সৰ কথা-বতৰাবোৰ অপূৰ্ব হব। জীৱনে অ-প্ৰত্যাশিত পাক ল'ব পাৰে। আপুনি আকস্মিকভাবে পদোন্নতি পাব পাৰে। অ-প্ৰত্যাশিতভাবে আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আজি আপুনি আপোনাৰ হৃদয়ে কামনা কৰাৰ কথাবোৰক গুৰুত্ব দি আগবাঢ়িব আৰু ইয়ে আপোনাক এখন নতুন জগতলৈ লৈ যাব। সেই জগতত আপুনি আপোনাৰ সপোনৰ ব্যক্তিজনৰ লগ পাব পাৰে । আপুনি সময় ব্যয় নকৰাকৈ তেওঁক বিয়াৰ প্ৰস্তাৱ দিব। সমাজত আপোনাৰ প্ৰতিষ্ঠা আৰু ব্যক্তিত্বৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে ভাল। আপোনাৰ কামক লৈ আপোনাৰ মুৰব্বী বিষয়া সুখী হব। আপুনি আপোনাৰ দৃষ্টি বিত্তীয় আৰু পাৰিবাৰিক বিষয়লৈ সলনি কৰিব।

Next Story
চাকৰি