Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৪ আগষ্ট, বুধবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৪ আগষ্ট, বুধবাৰ, ২০২১)

RaktimBy : Raktim

  |  4 Aug 2021 4:19 AM GMT

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

মুঠতে এটা আৰম্ভণিয়ে আপোনাৰ বাবে অপেক্ষা কৰিছে । আপোনাৰ প্ৰেমৰ সম্পৰ্কত অধিক স্পষ্টতা আৰু সাধুতা থাকিব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰে সম্পৰ্কৰ ক্ষেত্ৰত আপোনাতকৈ গ্ৰহণ কৰা অধিক পদক্ষেপক আপুনি আদৰণি জনাব। আপোনাৰ সুখৰ অনুভূতি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ভাগ-বাটোৱাৰা কৰাৰ বাবে আৰু আপোনাৰ সামাজিক সংযোগ বৃদ্ধিৰ বাবে এয়াই উপযুক্ত সময় । কৰ্মৰ ক্ষেত্ৰত আপুনি প্ৰশংসিত হব। আপুনি এনেদৰে কাম কৰিব য়ে আপোনাৰ বিৰোধীয়েও আপোনাক প্ৰশংসা কৰিব।

বৃষ : ( ২১ এপ্ৰিল – ২১ মে')

যদিও আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত গ্ৰহণ কৰা কেতবোৰ পদক্ষেপে কিছু পৰিৱৰ্তনৰ সূচনা কৰিছে, তথাপি আপোনাৰ প্ৰেমৰ সম্পৰ্ক মসৃণ নহ'ব। অৱশ্যে আজি আপুনি হাঁহি-স্ফূৰ্তিৰ মাজত থাকিব আৰু সকলোৰে লগত মন খুলি কথা-বতৰা পাতিব। আপোনালৈ ধনৰ আগমন ঘটাৰ সম্ভাৱনা আছে। কিন্তু আপুনি যদি কাৰোবাক ধন ধাৰে দিয়ে, তেন্তে ঘূৰাই নোপোৱাৰ সম্ভাৱনা আছে।

মিথুন: (২১ মে'- ২১ জুন)

আপুনি অত্যধিক আবেগিক হোৱাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাৰ ক্ষেত্ৰত মানসিক চাপৰ সন্মুখীন হব। আপুনি সমস্যা সমাধানৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আলোচনা কৰিব লাগিব। আপুনি কৰ্ম-পথত প্ৰতিবন্ধকতাৰ সন্মুখীন হৈ বিৰক্ত হব। আপুনি মন নিয়ন্ত্ৰণত ৰাখক। আপুনি পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিব পৰা এজন ব্যক্তি।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনালোক প্ৰেমিক-প্ৰেমিকাৰ মাজত ভাল বুজা-পৰা থাকিব । আপোনালোকৰ জীৱনলৈ কিছু পৰিৱৰ্তন আহিব পাৰে, যিয়ে আপোনালোকক সন্তুষ্ট কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে অগ্ৰসৰ হব পাৰে। আপুনি শান্তি মনেৰে কামত জড়িত হব আৰু সেই অনুসৰি ফলাফল পাব। কথা-বতৰাবোৰ সুন্দৰভাবে আগবাঢ়িব। আপুনি আপোনাৰ কাম আৰু ব্যৱসায়ৰ প্ৰতি বিশেষ মনোযোগ দিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰিয়জনক চম্ভালোতে কিছু সমস্যাৰ সন্মুখীন হব পাৰে। তেওঁ আপোনাৰ পৰা সম-আচৰণ বিচাৰিব আৰু আপুনি প্ৰতি অবিচাৰ কৰাটো নিবিচাৰিব। আপোনাৰ মনত ক্ষোভ-অসন্তুষ্টিয়ে গঢ় লব। আপোনাক উদ্বিগ্ন কৰি ৰখা কাৰকবোৰৰ পৰিসমাপ্তি ঘটিব। আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গ আৰু পুৰণি বন্ধুবৰ্গই আপোনাক উত্সাহিত কৰিব।

কন্যা: (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপোনাৰ আজিৰ দিনটো সুখৰ হব। আপোনাক আনন্দ-শিহৰণে ঘেৰি ৰাখিব আৰু আপোনাৰ মনত বিবাহৰ প্ৰশ্ন উদয় হব। সন্ধিয়ালৈ আপুনি কোনো উত্সৱ-পাৰ্বণত অংশ লব পাৰে। কথা-বতৰাবোৰ সঠিক দিশত অগ্ৰসৰ হব। আপুনি অতি ভালদৰে আপোনাৰ পৰিয়ালৰ আৰু সামাজিক দায়িত্ব পালন কৰিব। আৰু প্ৰত্যেককে সন্তুষ্ট কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ )

আপুনি কৰ্মস্থলীত অতিৰিক্ত দায়িত্ব পালন কৰিবলগা হব পাৰে আৰু ইয়ে আপোনাৰ সম্পূ্ৰ্ণ সময় লব । আপুনি আপোনাৰ জীৱনসংগীক কামৰ ক্ষেত্ৰত জৰুৰী অৱস্থাটোক উপলব্ধি কৰাব নোৱাৰিব। সৃষ্টিশীলতাৰ দিশৰ পৰা এই সময়ছোৱা আপোনাৰ বাবে সঠিক সময়। আপুনি আপোনাৰ পিতৃ-মাতৃ বা পৰিয়ালৰ জ্যেষ্ঠজনৰ যতন লব। আপুনি নিজকে ব্যস্তও ৰাখিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি এক অতি কৰ্ম-ব্যস্ত এটা দিনৰ দিশে অগ্ৰসৰ হৈছে। অৱশ্যে আপুনি হৃদয়ৰ সন্তুষ্টিৰ বাবে নিজকে সামাজিক কৰি তুলিব আৰু নিজক লৈ অসাৱধান হব। এক মোহনীয় ব্যক্তিত্বৰ অধিকাৰী কোনো ব্যক্তিয়ে আপোনাৰ জীৱনত প্ৰৱেশ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এই পৰিৱৰ্তনক লৈ আপুনি সুখী হব। আপুনি কোনো সমস্যাৰ মাজত সোমাই পৰিব পাৰে। আপোনাৰ কোনো মৰমৰ সম্পদ চুৰি হব পাৰে। গতিকে বয়-বস্তু সাৱধানে ৰাখিব।

ধনু : (২৩ ছেপ্টেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি বল-শক্তিহীন অনুভৱ কৰিলে প্ৰেমৰ ক্ষেত্ৰত পিছুৱাই আহিব পাৰে। অৱশ্যে কিন্তু এই অৱস্থা মাথোঁ সাময়িকহে হব। আপোনাৰ বাবে ভাল সময়ে অপেক্ষা কৰিছে। আপুনি অতি গুৰুত্বপূ্ৰ্ণ কোনো বিত্তীয় চুক্তিত আবদ্ধ হব। আপুনি আপোনাৰ কামত ব্যস্ত থাকিব আৰু নিজৰ বাবে সময় নাপাব।

মকৰ: (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

প্ৰেমৰ দেৱতাৰ আশীৰ্বাদ আপুনি বিচৰাতকৈ অধিক পাব। ইয়ে আপোনাৰ হৃদয় শাঁত পেলাব আৰু কিছু পৰিমাণে আপোনাক আচৰিত কৰিব। সম্পূৰ্ণ অন্তঃকৰণেৰে নিৰ্ভৰ কৰিবপৰা কোনোবাজনক আপুনি বিচাৰিব। অতি ব্যস্ত থকাৰ মাজতো আপুনি আপোনাৰ ঘৰ আৰু পৰিয়ালক সময় দিব। এই সময়ছোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সঠিক সময়। তেওঁলোক নিজৰ অধ্যয়নক লৈ ব্যস্ত হব আৰু উন্নত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

বিত্তীয় দিশৰ পৰা সৃষ্টি হোৱা মানসিক চাপে আপোনাৰ মানসিক চাপ অধিক বৃদ্ধি কৰিব, কিন্তু আপুনি সুখী হব। তথাপি আপুনি আপোনাৰ প্ৰিয়জনক সৃষ্টিশীলতাৰে কৰ্মত মনোনিৱেশ কৰাবলৈ নিজে পৰালৈকে চেষ্টা কৰিব আৰু আপুনি কৰা এই চেষ্টাই তেওঁক আনন্দিত কৰিব। আপোনাৰ উত্সাহ-উদ্দীপনাই আপোনাক আগুৱাই লৈ যাব। আপুনি আপোনাৰ স্বামী বা পত্নীৰ সৈতে থকা সম্পৰ্ক উপভোগ কৰিব। আপুনি আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কথা আনক নকব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি বহু লোকক প্ৰলুব্ধ কৰিবলৈ অগ্ৰসৰ হৈছে আৰু আনকি আপুনি কোনো সামাজিক অনুষ্ঠানত লগ পোৱা কোনো ব্যক্তিৰ প্ৰেমত পৰিব পাৰে। আপুনি অনেক আনন্দ-স্ফূৰ্তিৰ মাজত থাকিব। আপুনি অফুৰন্ত আজৰি সময় পাব। আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ লগত কোনো হোটেল বা ৰেস্তোৰাঁত আহাৰ গ্ৰহণ কৰিব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

Next Story
চাকৰি