আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১০ আগষ্ট, মঙলবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১০ আগষ্ট, মঙলবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ- ২০ এপ্ৰিল)

আপুনি আপোনাৰ অনুভূতি ঘূৰি আহিলে, সেয়া প্ৰকাশ কৰাৰ প্ৰয়োজন ।আপোনাৰ প্ৰিয়জনে আপোনাৰ আবেগ-অনুভূতি শুনিবলৈ বিচৰালৈ অপেক্ষা কৰক। তেতিয়া আপুনি আপোনাৰ আবেগ-অনুভূতি প্ৰকাশ কৰক। আপুনি সম্পূৰ্ণৰূপে সংবেদনশীল হব। আপুনি দয়ালু, স্বাধীনচিতিয়া, অনুগত আৰু সৃষ্টিশীল ব্যক্তি হব। আপুনি খৰধৰকৈ লোৱা কিছুমান সিদ্ধান্ত সলনি কৰিবলগা হব পাৰে।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপুনি অনুভৱ কৰিবলৈ ল'ব যে বহু মানুহৰ লগত লাগি থকাতকৈ নিৰ্দিষ্ট এজন ব্যক্তিৰ প্ৰতি দায়বদ্ধ হোৱাটো শ্ৰেয় হ'ব । আপোনাৰ মাজত এজন নতুন ব্যক্তি আৱিষ্কাৰ কৰি আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াল সুখী হ'ব । আপুনি নিজৰ কাম আৰু ঘৰুৱা কামৰ মাজত এটা ভাৰসাম্য ৰাখি চলিব। আপুনি আপোনাৰ পিতৃ-মাতৃৰ দয়াশীল দৃষ্টিৰ মাজত থাকিব। আপুনি আপোনাৰ সন্তানক লৈ উদ্বিগ্ন নহব।

মিথুন : (২২ মে' – ২১ জুন)

আপুনি আপোনাৰ প্ৰিয়জনক লৈ সুখী হব, কাৰণ তেওঁ আপোনাক আপোনাৰ লেখীয়াকৈ প্ৰেমেৰে উপচাই পেলাব। আপুনি পৰালৈকে প্ৰতিক্ষেত্ৰতে তেওঁক সহায় কৰিব আৰু আপুনি ভদ্ৰ-মাৰ্জিত হব। আপোনাৰ বাবে পৰিস্থিতি সুন্দৰ হব। আপুনি ধন লাভ কৰাৰ সম্ভাৱনা আছে। ক'ৰবাৰ পৰা আপুনি কিছু ভাল খবৰ পাব। আপুনি কাম বা ব্যৱসায়ত সফলতা অৰ্জন কৰিব। আপোনাৰ আয় ভাল হ'ব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি ভেশচন নধৰিব, কাৰণ আপুনি সঁচাকৈয়ে আকৰ্ষণীয় আৰু মানুহক আপুনি নিজৰ প্ৰতি আকৰ্ষণ কৰিব পাৰে। যদি আপুনি অবিবাহিত, তেন্তে এগৰাকী সুযোগ্য পাত্ৰ বা পাত্ৰী লাভ কৰিব। সাধাৰণভাবে ব্যৱসায় আৰম্ভ কৰিলেও আপুনি ভাল লাভ অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি ব্যক্তিগত যোগাযোগৰ জৰিয়তে কাম সম্পূ্ৰ্ণ কৰিবলৈ সক্ষম হব। মানুহে আপোনাক সহায় কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ শ্তিশালী ব্যক্তিত্বৰ বলত অনেক অনুৰাগীৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। আৰু বহুতে আপোনাৰ সান্নিধ্য পাবলৈ চেষ্টা কৰিব। আপোনাৰ প্ৰিয়জন আপোনাৰ প্ৰতি ইমান আকৰ্ষিত হব যে আপুনি তেওঁক বিয়াৰ প্ৰস্তাৱ দিয়াৰ ইংগিত সূচিত হৈছে। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক উন্নত কৰিব। আপুনি সাহসেৰে প্ৰতিকূল পৰিৱেশ-পৰিস্থিতিৰ সন্মুখীন হব।

কন্যা : (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আপুনি অতি মোহনীয় ব্যক্তিত্বৰ অধিকাৰী হ'ব আৰু ইয়াৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক অধিক ভাল পাব। আপুনি তেওঁৰ সংগ ভাল পাব আৰু আপুনি নিজকে সামাজিক ক্ষেত্ৰৰ সৈতে জড়িত কৰিব। আপুনি বিবাদ আৰু আইন-আদালতৰ গোচৰৰ সন্মুখীন হব পাৰে। স্বামী-স্ত্ৰীৰ মাজত ব্যৱধান থাকিব পাৰে। আপুনি কাম বা ব্যৱসায়ত সফলতা অৰ্জন কৰিব। আপুনি শান্ত-সমায়িত হৈ থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ আত্মবিশ্বাসৰ মাত্ৰা হ্ৰাস পাব পাৰে । গতিকে আপুনি প্ৰেমৰ ক্ষেত্ৰত প্ৰথমে অগ্ৰসৰ হ'বলৈ সংকোচবোধ কৰিব। আপুনি যিজন ব্যক্তিৰ প্ৰতি আগ্ৰহী, তেৱোঁ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব । আজি দুপৰীয়াৰ পৰা আপোনাৰ কামৰ গতি হ্ৰাস পাব। আপুনি টকা-পইচাৰ ক্ষেত্ৰত প্ৰতাৰিত হ'ব পাৰে। আপুনি আকস্মিকভাবে সমস্যাৰ সন্মুখীন হব পাৰে। আপুনি আজি কোনো উত্পাদনশীল কাম কৰিবলৈ সক্ষম নহ'ব। আপুনি কামৰ হেঁচা পাব পাৰে। নিজৰ গা-মন শিথিল কৰক।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ প্ৰেম-জীৱন ইতিবাচক অনুভূতি আৰু অভিযানসদৃশ ঘটনাৰে পৰিপূৰ্ণ হ'ব । আপুনি সৃজনশীল হোৱাৰ সুবাদত কিছু কাম কৰিবলৈ সক্ষম হ'ব । আপুনি আপোনাৰ স্বাস্থ্যৰ উপযুক্ত যতন লওক। আৰু বতৰ অনুসৰি খাদ্য-তালিকা প্ৰস্তুত কৰক। আপুনি দৰিদ্ৰ-নিচলা ব্যক্তিক আহাৰ যোগান ধৰিবলগা হ'ব পাৰে অথবা তেনে ধৰণৰ কাম-কাজত ব্যস্ত থাকিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব ।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

সকলো চিন্তা-চৰ্চাই আপোনাক অস্থিৰ কৰি তুলিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত দেখা দিয়া সন্দেহৰ ডাৱৰে আপোনাৰ মনৰ পৰা শান্তি হৰণ কৰিব। কেৰিয়াৰৰ সৈতে জড়িত আপোনাৰ সকলো সমস্যা সমাধান হ'ব। আপুনি উমৈহতীয়া শত্ৰুতা আঁতৰ কৰক আৰু কামত গুৰুত্ব দিয়ক। অভিজ্ঞ ব্যক্তিৰ দিক-নিৰ্দেশনাত আপোনাৰ পথৰ পৰা প্ৰতিবন্ধকতা দূৰ হব। আজি আপোনাৰ সৃষ্টিশীলতাই চূড়াত উপনীত হ'ব ।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ ইতিবাচক ভংগীয়ে আপোনাৰ প্ৰেমৰ অনুভূতি বৃদ্ধি কৰিব। যদিও আপুনি আপোনাৰ কাম-কাজৰ প্ৰতি অধিক গুৰুত্ব দিবলগা হব, তথাপি আপুনি আপোনাৰ প্ৰেম-ৰোমান্স অটুট ৰাখিব। আপুনি শিক্ষাপ্ৰদ আৰু আকৰ্ষণীয় সাহিত্য পঢ়ি সময় অতিবাহিত কৰিব। আজিৰ দিনটোত আপুনি সৰ্বদিশৰ পৰা লাভান্বিত হব। আপুনি বন্ধুবৰ্গৰ সৈতে পুৰণি স্মৃতি ৰোমন্থন কৰিব। আপোনাৰ উপস্থাপন শৈলী সাংঘাটিক।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কিছু সমস্যা সত্বেও আপুনি আপোনাৰ প্ৰিয়জনক সহায় কৰিবলৈ সক্ষম হ'ব আৰু তেওঁৰ অন্তৰ জয় কৰিব । আপোনৰ জীৱন ধাৰণৰ উন্নত কৰা সম্পৰ্কে মনত নতুন কৰ্ম-ধাৰণা গঢ় ল'ব । আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু কিছু জ্যেষ্ঠ কৰ্মীৰ পৰা কথা শুনিবলগা হ'ব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা ভাল হ'ব। বিনিয়োগ সম্পৰ্কীয় সিদ্ধান্ত ভালদৰে চিন্তা-চৰ্চা কৰি ল'ব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰয়িজনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। কাৰণ তেওঁ আপোনাৰ দ্বাৰা উপেক্ষিত হোৱা বুলি অনুভৱ কৰিব পাৰে। ইয়াকে কৰাটো ভবাতকৈ সহজ হ'ব পাৰে আৰু ইয়াৰ ফলাফল হৃদয় ভৰি পৰা হব। আপোনালৈ ভাল খবৰ আহিব পাৰে। আপুনি পদোন্নতি পাব পাৰে। আপোনাৰ স্থান সলনি হব পাৰে। আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com