আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল( ১১ আগষ্ট, ২০২১, বুধবাৰ)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল( ১১ আগষ্ট, ২০২১, বুধবাৰ)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ অহংভাব তুংগত উঠাৰ সম্ভাৱনা আছে আৰু যদি ইয়াক কলিতে নিৰ্মূল নকৰে, তেন্তে আপুনি এটা প্ৰেমৰ সম্পৰ্ক হেৰুৱাবলগীয়া হব পাৰে। আপুনি বাস্তৱবাদী হওক আৰু নিজৰ দৃষ্টিভংগীৰ লগত খাপ খাওক। আপুনি আপোনাৰ জ্ঞান বৃদ্ধি কৰিব আৰু সন্তানৰ পৰা সুখ পাব। ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতা উন্নত হব। এটা নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে অতি ভাল সময়।

বৃষ : (২১ এপ্ৰিল – ২১ মে')

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আপোনাৰ সমস্যাৰ বিষয়ে অন্তৰৰ আকূতিৰে কথা পাতিব পাৰে । আপুনি শান্ত মনেৰে সমস্যা সমাধান কৰিব লাগিব। ভ্ৰাতৃৰ সৈতে সম্পত্তি সম্পৰ্কীয় বিবাদ সৌহাৰ্দ্য পূৰ্ণতাৰে নিষ্পত্তি হ'ব। আপুনি আয়ৰ লগত সামঞ্জস্য ৰাখি ঘৰ পৰিচালনা কৰিব। ই লাভদায়ক হ'ব।

মিথুন : (২২ মে'- ২১ জুন)

আপুনি প্ৰেমৰ সম্পৰ্ক আগুৱাই নিবলৈ বিচাৰিব আৰু আপোনাৰ উদ্ভাৱনী এটা দিশৰ বিষয়ে কথা পাতিব । আপুনি আজি টকা-পইচাৰে জড়িত বিষয়ৰ কামত ব্যস্ত থাকিব। আপুনি চিকৰিত উন্নতি সাধন কৰিব। এই সময় আপোনাৰ জীৱনৰ কেতবোৰ কথা সলনি কৰাৰ বাবে ।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আজি জৰুৰীভাবে কোনো সমস্যা সমাধান কৰিব লগা হব পাৰে। । আপোনাৰ ব্যয় বৃদ্ধি পাব। আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক অধিক গভীৰ হ'ব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত প্ৰতিটো মুহূৰ্তই কটাবলৈ বিচাৰিব। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। পাৰিবাৰিক কাম-কাজত আপোনাৰ প্ৰতিপত্তী বৃদ্ধি পাব। পৰিয়াল আপোনাৰ সম্পূ্ৰ্ণ নিয়ন্ত্ৰণত থাকিব।

সিংহ : (২৩ জুলাই- ২৩ আগষ্ট)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক সঠিক দিশত আগুৱাই নিবলৈ অতি প্ৰতিজ্ঞাবদ্ধ হব। আপনোৰ পৰা পোৱা অনুপ্ৰেৰণামূলক কথাই আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক উজ্জীৱিত কৰিব। আপোনালোক দুয়োজনে একেলগে জীৱনত সন্মুখীন হোৱা প্ৰত্যাহ্বান দূৰ কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ প্ৰমেৰ সম্পৰ্কলৈ পৰিৱৰ্তন আহিব। আপোনাৰ আয় ভাল হব। আপুনি কামৰ খাতিৰত কাৰোবাক তোষামোদ কৰিবলগা হব পাৰে।.

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

এটা ডাঙৰ সমস্যা আপুনি যিমান পাৰে সিমান সোনকালে সমাধা কৰাৰ প্ৰয়োজন হব, কিন্তু তাকে কৰিবলৈ হলে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সমস্যাটোৰ কথা খুলি কব লাগিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আপুনি তৰ্কাতৰ্কিত লিপ্ত হবলগা হব পাৰে, যিয়ে আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। আপুনি আপোনাৰ ঘৰৰ বাবে কোনো নতুন সামগ্ৰী ক্ৰয় কৰিব পাৰে । এই সময়ছোৱাত আপুনি সম্পূ্ৰ্ণৰূপে আধ্যাত্মিক আৰু নৈষ্ঠিক হ'ব পাৰে। মানুহ আপোনাৰ দ্বাৰা প্ৰভাৱিত হ'ব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ মাজত থকা বহুসংখ্যক ঋণাত্মক দিশ আঙুলিয়াই দিব পাৰে, গতিকে আপুনি এনে দিশ আঁতৰোৱাৰ বাবে আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি দিবলগা হব। আপুনি তেওঁক চম্ভালি লোৱাৰ বাবে তেওঁক সন্তুষ্ট কৰিবলৈ সুকীয়া সুকীয়া পথৰ কথা চিন্তা কৰিব পাৰে। আপুনি গৱেষণা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত সময় উত্সৰ্গা কৰিব আৰু আধ্যাত্মিক আৰু ধৰ্মীয় গ্ৰন্থও পঢ়িব পাৰে। আপুনি বিত্তীয় লাভ অৰ্জন কৰাৰ ইংগিত ফুটি উঠিছে।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰখাৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক অধিক উত্সাহ-উদ্দীপনা যোগাব লাগিব । স্বাৰ্থপৰতাই প্ৰাধান্য পোৱাত আপোনাৰ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত এটা ভয়-আশংকাৰ সৃষ্টি হব পাৰে। আপোনাৰ পিতৃৰ সৈতে বা আপোনাৰ ভাড়াতীয়াৰ লগত আপোনাৰ সৰু-সুৰা মত পাৰ্থক্য থাকিব । আপোনাৰ আত্মীয়-স্বজনে অশান্তিৰ সৃষ্টি কৰিব পাৰে। এই সময়ছোৱাত আপুনি ধৈৰ্য ধৰিব লাগিব আৰু নিজক সম্বৰণ কৰিব লাগিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

সঠিকভাবে কথা-বতৰাবোৰ আগনাবাঢ়িলে এক ভাৰসাম্যশীল দৃষ্টিভংগী ধৰি ৰাখিব। সময়ৰ সৈতে অহা উত্থান-পতনক মোকাবিলা কৰাৰ বাবে আপোনাক এটা অধিক প্ৰায়োগিক দৃষ্টিভংগীৰ প্ৰয়োজন হ'ব পাৰে। সন্তানৰ সৈতে জড়িত উদ্বেগ-আশংকা ভালেখিনি নিৰাময় হব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু জ্যেষ্ঠ কৰ্মচাৰীসকলৰ সৈতে আপোনাৰ সম্পৰ্ক উন্নত হোৱাত আপোনাৰ কেৰিয়াৰ সুস্থিৰ হ'বলৈ গতি কৰিছে।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি এটা ভাল সময়ৰ দিশে অগ্ৰসৰ হৈছে । পূৰ্বৰ তুলনাত আপুনি জীৱন অধিক উপভোগ কৰিবলৈ পাব। আপোনাৰ প্ৰেম-ৰোমান্সলৈ অহা সকলো ভাবুকি বোধহয় দূৰ হব। গতিকে আপুনি প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত সফল হোৱাৰ দিশত অগ্ৰসৰ হৈছে। আপোনাৰ প্ৰতিষ্ঠা, মৰ্যাদা আৰু গৌৰৱ উৰ্ধমুখী হ'ব। পৰিস্থিতি যিয়েই নহওক কিয়, আপুনি আপোনাৰ মূল্যবোধ আৰু আদৰ্শৰ সৈতে আপোচ নকৰিব ।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাক জুমুৰি দি ধৰা সমস্যাবোৰ সমাধান কৰোতে আপুনি নিজকে শক্তিশালী যেন অনুভৱ নকৰিব পাৰে । এই সময়ছোৱা আপোনাৰ বাবে সমস্যাযুক্ত হ'ব পাৰে আৰু আপুনি বিচৰা ধৰণেৰে কাম-কাজবোৰ হৈ নুঠিব পাৰে। আপুনি আোপনাৰ দৃষ্টিভংগীৰ জৰিয়তে সকলোকে মুগ্ধ কৰিব। আপুনি সামাজিক দায়বদ্ধতা, অতিথিপৰায়নতা আৰু বন্ধুত্বসুলভ প্ৰকৃতিৰে নিজকে বোদ্ধা বুলি প্ৰতিপন্ন কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ প্ৰেমৰ সংগীৰ যতন নোলোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি জটিল পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। আপোনালোক দুয়োজনৰ মাজত দূৰত্ব বৃদ্ধি পাবলৈ ধৰাৰ পৰিপ্ৰেক্ষিতত আপুনি অন্তৰত অঘাত পাব পাৰে। আপুনি আয়ৰ অতিৰিক্ত উত্সৰ সন্ধান কৰিব। আৰু আপুনি ধন ভাবি-চিন্তি বিনিয়োগ কৰিব। আপুনি মুক্ত চিন্তা-ধাৰাৰে কাম কৰিব আৰু কাম বা ব্যৱসায়ত সফলতা অৰ্জন কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com