Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৩ আগষ্ট, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৩ আগষ্ট, শুকুৰবাৰ, ২০২১)

RaktimBy : Raktim

  |  13 Aug 2021 3:45 AM GMT

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

মানুহৰ ওপৰত কাম চাপ হ্ৰাস পোৱাৰ সুবাদত আপুনি আপোনাৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যলৈ গুৰুত্ব দিব পাৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত অধিক খাপ খাই পৰাৰ বাবে আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ পৰিকল্পনা কৰিব পাৰে। এই সময়ছোৱাত আপুনি বিত্তীয় দিশক মূল গুৰুত্ব দিব। আপুনি আপোনাৰ সন্তানক পঢ়া-শুনা কৰোৱাত ব্যস্ত থাকিব আৰু তেওঁলোকক হোমৱৰ্ক কৰাত সহায় কৰিব। আপোনাৰ ঘৰত শান্তি বিৰাজ কৰিব।

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক লৈ তুষ্ট হ'ব লাগিব । অন্যথা আপোনাৰ প্ৰেম-জীৱনলৈ দুৰ্যোগ আহিব। আপুনি সৰু-সৰু কামৰ জৰিয়তে তেওঁৰ যতন লোৱাটো প্ৰমাণ কৰক । আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কৰা ইতিবাচক কথা-বতৰাই তেওঁক সুখী কৰি ৰাখিব । বিপদ-বিঘিনীৰ আশংকা থকা কাম এৰাই চলক, অন্যথা সিয়ে আপোনাৰ অন্তৰত আঘাত দিব পাৰে। আপুনি আপোনাৰ ধন বা টকা-পইচা আৰু প্ৰেমক লৈ সৃষ্টি কৰা ঘেৰৰ মাজৰ পৰা ওলাই অহাৰো প্ৰয়োজন।কাৰণ কোনো কথাতেই অতিমাত্ৰা হোৱাটো বেয়া। আপুনি আপোনাৰ স্বাস্থ্যৰ যতন আপোনাৰ স্বস্থ্যৰ যতন ল'ব।

মিথুন : (২২ মে' – ২১ জুন)

আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ বাবে এটা সুন্দৰ সময়ে অপেক্ষা কৰিছে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক সুখী কৰি ৰাখিবলৈ কেতবোৰ ভাল পদক্ষেপ ল'ব। আৰু আপুনি আপোনাৰ প্ৰেমৰ শক্তিশালী হোৱাটো লক্ষ্য কৰিব। আপুনি আপোনাৰ সুন্দৰ অনুভৱৰ সৈতে সুখী হ'ব । আপোনাৰ উৰ্ধতন বিষয়াৰ লগত আপোনাৰ সৰু-সুৰা দ্বন্দ্ব থাকিব। আপুনি প্ৰতিশোধৰ মানসিকতাৰে কামৰ মাজলৈ ঘূৰি আহিব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

এই সময়ছোৱা আপোনাৰ বাবে ভ্ৰমণৰ ক্ষেত্ৰত ভাল সময় আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আমোদ ভ্ৰমণ কৰিব পাৰে। এই ভ্ৰমণে আপোনালোক দুজনৰ মাজত আন্তৰিকতা বৃদ্ধি কৰিব। টকা-পইচা সংক্ৰান্তীয় বিষয়কলৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে । ঘৰত শান্তি অটুট ৰখাৰ বাবে আপুনি আপোনাৰ কথা-বতৰাত সংযম ৰক্ষা কৰি চলক।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ প্ৰেমৰ সংগী ইতিবাচক চিন্তাধাৰাৰ হ'ব । গতিকে আপুনি কোনো কথাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত তেওঁৰ সৈতে আলোচনা কৰিব। আৰু এই প্ৰক্ৰিয়াটো আপুনি উপভোগ কৰিব। মনৰ ভাব আদান-প্ৰদান আৰু ইজনে সিজনৰ যতন লোৱাটোৱেই সম্পৰ্কত হোৱা উচিত। যদিও আপুনি আপোনাৰ সন্তানৰ শৈক্ষিক পাৰদৰ্শিতাক লৈ উদ্বিগ্ন হ'ব , কিন্তু আপোনাৰ সন্তানে ভাল ফল প্ৰদৰ্শন কৰি আপোনাক আচৰিত কৰ তুলিব ।

কন্যা : (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

হঠাতে কামৰ হেঁচা বৃদ্ধি পালেও আপুনি আপোনাৰ প্ৰেমৰ প্ৰতি নিজক কিছু উতসৰ্গা কৰাৰ চেষ্টা কৰক । আপুনি এইক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণৰ চেষ্টা কৰক আৰু সঁচাকৈয়ে পৰিস্থিতি নিজৰ অধীনত ৰাখিবলৈ সক্ষম হ'ব । আপুনি নিজৰ মাজত কিছু অস্থিৰতা অনুভৱ কৰিব পাৰে। আপুনি আপোনাৰ ভ্ৰমণ স্থগিত ৰাখিবলগীয়া হ'ব পাৰে। চৰকাৰৰে সম্পৰ্কিত আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ সমস্যাৰ কথা পাহৰি মাথোঁ বৰ্তমানৰ সময় উপভোগ কৰক। আপুনি বন্ধৰ দিন উপভোগ কৰাৰ বাবে আপোনাৰ প্ৰিয়জনৰ লগত দূৰ ভ্ৰমণলৈ যাব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে আন গতানুগতিক দিনৰ লেখীয়াই হ'ব । কিন্তু মনত আবেগ-উদ্বিগ্নতা থাকিব পাৰে। আপোনাৰ লগত আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু আপোনাৰ পত্নী বা স্বামীৰ সম্পৰ্ক তিক্ত হৈ উটিব পাৰে আৰু আপুনি মনত অশান্তি অনুভৱ কৰিব পাৰে।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি জীৱনত আগবঢ়াৰ বাবে কেইবাটাও ভাল বিকল্প এতিয়া পাব। আপুনি বিকল্পসমূহৰ এটা বাচি ল'ব লাগিব যাতে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা সন্তুষ্ট হয়। আপুনি অৰ্থহীন কথা-বতৰা এৰাই চলিবলৈ আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠখিনি উজাৰি চেষ্টা কৰিব। আপুনি আনৰ প্ৰতি সহযোগিতা আগবঢ়াব আৰু সমাজৰ প্ৰতি সেৱাও আগবঢ়াব। আপুনি আনক সহায় কৰিব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ জীৱনত এটা ডাঙৰ আবেগিক মন্থৰতা বিচাৰিব। আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ এটা ভাল আধাৰ গঢ়িবলৈ বিচাৰিব, কাৰণ সিয়ে আপোনাৰ মন পুনৰুজ্জীৱিত কৰিব আৰু ইজনক সিজনৰ ওচৰলৈ কাষ চপাই নিব। আপোনাৰ দিনবোৰ উত্কৃষ্ট হ'ব । আপুনি আপোনাৰ কাম বা ব্যৱসায়ত আকাংক্ষিত সফলতা অৰ্জন কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ লগত সুখেৰে সময় অতিবাহিত কৰিব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আজি আপুনি কোনো বিশেষ এজনক লগ পাব আৰু ই আপোনাৰ ব্যক্তিগত জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হ'ব । আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কক অধিক পুষ্টিশীল কৰিবলৈ আপুনি প্ৰাণপণ চেষ্টা কৰিব। আপুনি দুগুণ লাভ অৰ্জন কৰিব। আপুনি বাতাবৰণ উপভোগ কৰি থকাৰ মাজতে আপোনাৰ কাম সম্পূ্ৰ্ণ কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি পৰিয়ালৰ বিভিন্ন কথা-বতৰা আলোচনাৰ বাবে যথেষ্ট সময় ব্যয় কৰিবলগা হ'ব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্কলৈ কিছু জটিলতা আহিব পাৰে। এই জটিলতাবোৰ দূৰ কৰিবলৈ আপুনি জৰুৰী পদক্ষেপ ল'ব লাগিব। আপুনি আপোনাৰ ঘৰ, কাৰ্যালয়, দোকান আদি নতুনকৈ সজাই-পৰাই তুলিব । আপুনি কৰ্মস্থলীত আপোনাৰ সহকৰ্মীৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক জীয়াই ৰখাৰ বাবে আপুনি কেতবোৰ পৰিৱৰ্তন অনাৰ প্ৰয়োজন হ'ব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আপোনাৰ হোৱা সঘন কাজিয়াই প্ৰেমৰ সম্পৰ্কত আঘাত হানিব পাৰে। আপোনৰ মনত আজি গোটেই দিন শান্তি আৰু স্ফূৰ্তি বিৰাজ কৰিব। আপুনি পূৰ্ণ উত্সাহেৰে আপোনাৰ কাম কৰিব।

Next Story
চাকৰি