আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৪ আগষ্ট, শনিবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১৪ আগষ্ট, শনিবাৰ, ২০২১)


মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ মনত নকৈ গঢ়ি উঠা অনুভূতি আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অনুকূল নহ'ব পাৰে। আপুনি পূৰ্বৰ মানসিক অৱস্থালৈ ঘূৰি অহাৰ বাবে আপোনাক কিছু সময়ৰ প্ৰয়োজন হ'ব । আপোনাৰ বাবে আজিৰ দিনটো এটা সন্তুষ্টিদায়ক দিন হ'ব । আপুনি দেহ-মনত শিথিলতা অনুভৱ কৰিব। আপোনাৰ বন্ধুবৰ্গ, আত্মীয়-স্বজন আদি আপোনাৰ ওচৰলৈ আহিব। আপুনি দিনটো সুন্দৰভাবে অতিবাহিত কৰিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আপুনি আপোনাৰ প্ৰেমৰ গতিধাৰাক লৈ সন্তুষ্ট নহ'ব পাৰে। বহু চিন্তাই আপোনাক আগুৰি ধৰি আপোনাক বিবুধিত পেলাব আৰু এটা স্থিৰ সিদ্ধান্ত লব নোৱাৰিব। আপুনি আপোনাৰ ঘৰৰ বাবে নতুন কিছুমান বস্তু ক্ৰয় কৰিব। আপুনি সভা-আলোচনাত অংশ ল'ব । এই সময়ছোৱাত আপুনি হাতখুলি ধন খৰচ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ বাবে আ-অলংকাৰ ক্ৰয় কৰিব।

মিথুন : (২২ মে'- ২১ জুন)

আপোনাৰ প্ৰজ্ঞামিশ্ৰিত অনুভূতিয়ে আপোনাক জীৱনৰ পথত থকা প্ৰতিবন্ধকতা অতিক্ৰম কৰাত সহায় কৰিব। আৰুল ইয়ে আপোনাৰ প্ৰেম-জীৱনলৈ আনন্দ-স্ফূৰ্তি আনিব। এই মুহূৰ্তত আপুনি যি ভাবে তাকে কৰা উচিত। আপুনি ধন, টকা-পইচা বিষয়ত কোনো সিদ্ধান্ত ল'বলগা হ'ব পাৰে। আপুনি অধিক দৃঢ়তা আৰু ইচ্ছা শক্তিৰে জীৱনৰ পথত থকা প্ৰতিবন্ধকাতৰে মোকাবিলা কৰিব। আপুনি এইক্ষেত্ৰত অৱশেষত জয়ী হ'ব ।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কত ধুমুহা অনুভৱ কৰিব আৰু নিজক লৈ আত্মবিশ্বাসী হৈ থাকিব । কাৰণ আপুনি জীৱনৰ প্ৰতিটো খোজতে সুখ পাব। আপুনি আপোনাৰ প্ৰেমিকাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ'ব । আপুনি ক'ৰবাৰ পৰা কিছু ভাল খবৰ পাব। আকস্মিকভাবে আপুনি প্ৰচুৰ ধন লাভ কৰিব। আপোনাৰ বাবে ব্যৱসায়ত বিনিয়োগৰ বাবে এয়াই সঠিক সময়।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আপোনাৰ শান্ত প্ৰকৃতিৰ বলত বহু বন্ধু-বান্ধৱ পাব । আপুনি সৌভাগ্যবান, কাৰণ আপুনি নিজৰ পচ্ছন্দ অনুসৰি জীৱনসংগী বাছি ল'ব পাৰিব। ধন অৰ্জনৰ বাবে আপোনাৰ মনত প্ৰবল আকাংক্ষা থাকিব। আপুনি অতি সংবেদনশীল হ'ব । আপুনি নিজক আৰু আনক অতি সূক্ষ্মভাবে বিশ্লেষণ কৰিব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ অন্তৰ আজি ইতিবাচক শক্তি আৰু আপুনি পোৱা প্ৰেমৰ বাবে কৃতজ্ঞতাৰ অনুভূতিৰে ভৰি থাকিব । গতিকে আজিৰ দিনটো আপোনাৰ বাবে আনন্দ-স্ফূৰ্তিৰে ভৰি থকা দিন হ'ব । আপুনি হঠাতে পৃথিৱীখন উজ্জ্বল আৰু প্ৰত্যেকতে ইতিবাচকতা দেখিব। আপুনি সকলো দিশৰ পৰাই ভাল খবৰ পাব। আপোনাৰ কাম সম্পূৰ্ণ হ'ব । আপুনি পৰিচিত মানুহৰ পৰা সহায় পাব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

কোনো নতুন ব্যক্তিৰ লগত আপোনাৰ পৰিচিতি ঘটিব পাৰে আৰু তেওঁৰ সৈতে সময় কটাবলৈ ভাল পাব। আপোনালোক দুজনৰ মাজত আন্তৰিকতা গঢ়ি উঠিব। ইয়াকে আপুনি কামনা কৰি আছিল। আপুনি তেওঁক সাক্ষাত কৰিবলৈ ভাল পাব আৰু সুখী হ'ব । আপুনি আপোনাৰ সন্তানৰ সৈতে জড়িত কামৰ খাতিৰত কোনো নতুন ব্যক্তিক লগ পাব। আপুনি তেওঁৰ পিতৃ-মাতৃৰ পৰা সহায় পাব। আপুনি আপোনাৰ সৈতে একে মনৰ মানুহক লগ পাব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনাৰ বিত্তীয় অৱস্থালৈ এটা পৰিৱৰ্তন আহিব আৰু ইয়ে আপোনাক আনন্দিত কৰিব । কাৰণ ইয়াৰ বলত আপুনি বিলাসী সামগ্ৰীত অধিক ধন খৰচ কৰিবলৈ সক্ষম হ'ব । আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে অত্যধিক ধন ব্যয় কৰিব। চাকৰিত আপোনাৰ পদোন্নতিৰ সম্ভাৱনা আছে। আপোনাৰ চিন্তা-ধাৰালৈ পৰিৱৰ্তন আহিব। আপুনি ব্যৱসায়ৰ পৰা লাভ অৰ্জন কৰিব। আপোনাৰ স্পৃহা-উদ্যম বৃদ্ধি পাব আৰু নিজকে সুখী কৰিব ।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আজিৰ দিনটো আপোনাৰ বাবে এটা অতি ভাল দিন। কাৰণ আপোনাৰ বাবে ভাল এটা ইতিবাচক ঘটনা সংঘটিত হ'ব । কোনোবা বিশেষজনে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। ইয়ে আপোনালৈ প্ৰেম আৰু ডাঙৰ আবেগ-উদ্দীপনা আনিব। আপোনাৰ পত্নী বা প্ৰেমিকাই আপোনাক সকাহ-সমৰ্থন দিব। আপুনি ইণ্টাৰনেট বা মোবাইল ফোনত কিছু জ্ঞানবৰ্ধক কাম কৰিব। এয়া আপোনাৰ বাবে লাভদায়ক হ'ব ।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক ভাল বুলি অনুভৱ কৰিবলৈ লোৱাৰ বাবে আপুনি এক নতুন সময়ৰ অধ্যায়ত প্ৰৱেশ কৰিব। আপুনি কোনো বস্তু লাভৰ চেষ্টা কৰিব । আপুনি বিত্তীয় লাভ আদায় কৰিব। আপোনাৰ কাম সম্পূৰ্ণ হৈ উঠিব। আপুনি আধৰুৱা হৈ থকা সকলো কাম সম্পূৰ্ণ কৰিব। আপুনি পৰিয়ালৰ কোনো উত্সৱ-পাৰ্বনত অংশ ল'ব।

কুম্ভ : (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী)

যদি আপুনি অবিবাহিত, তেন্তে আপুনি কোনোবা এজনক লগ পাব পাৰে, যিয়ে আপোনাক তেওঁৰ প্ৰতি প্ৰলুব্ধ কৰিব । কিন্তু তেওঁ অবিবাহিত নহ'ব পাৰে। আপুনি আপোনাৰ সপোনৰ কোনো ছাৰপ্ৰাইজ পাব পাৰে। কোনো কাৰণত আপোনাৰ ঘৰৰ কোনো সুন্দৰ বস্তু হেৰাব পাৰে। কিন্তু সেই বস্তুটো আপুনি আকৌ পাব। আপুনি কিছু কথাক লৈ সুখী হ'ব । ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ চিন্তা-ধাৰাৰ পৰিৱৰ্তনে অপূৰ্ব ফলাফল দিব পাৰে । আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ লগত অধিক খাপ খাই পৰিব আৰু দুয়োজনে ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সাজু হ'ব পাৰে। আজিৰ দিনটো আপুনি শান্তিপূৰ্ণভাবে অতিবাহিত কৰিব। সমাজত আৰু ৰাজনীতিত আপোনাৰ প্ৰতিষ্ঠা থাকিব। আপোনাৰ স্বাস্থ্য ভাল হ'ব আৰু কোনো আবেগ-উদ্বিগ্নতা নাথাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com