আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২০ আগষ্ট, শুকুৰবাৰ, ২০২১)

মেষ, বৃষ, মিথুন আদি ভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল, (২০ আগষ্ট, শুকুৰবাৰ, ২০২১)

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ বাবে এই সময়ছোৱা কোনো অ-প্ৰীতিকৰ বিষয় আলোচনা কৰাৰ সময় নহয়। কিন্তু তাকে কৰি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক ক্ষুব্ধ কৰিব। কথা-বতৰাবোৰ সঠিকভাবে অগ্ৰসৰ হৈ থকাৰ সময়ত আপুনি অশান্তিৰ সৃষ্টি কৰে কিয় ! সন্তানক লৈ থকা আপোনাৰ উদ্বিগ্নতা দূৰ হব। কিন্তু আকস্মিকভাবে সৃষ্টি হোৱা কোনো সমস্যা আপুনি গোপনে ৰাখিবলৈ বিচাৰিব।

বৃষ: (২১ এপ্ৰিল -২১ মে')

আপুনি শক্তি-সামৰ্থ প্ৰয়োগ কৰিও আকাংক্ষিত কোনো ফল নাপাব পাৰে । আপুনি কৰ্ম-জীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ধৰি ৰাখিব নোৱাৰিব পাৰে। কোনো পুৰণি বন্ধুক আপুনি লগ পাব পাৰে আৰু সিয়ে আপোনাক সুখী কৰিব। কৰ্মস্থলীত আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব। ব্যৱসায়তো আপুনি লাভ অৰ্জন কৰিব।

মিথুন : (২২ মে'-২১ জুন)

আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক দিন হব। সামাজিক কাম-কাজে আপোনাক ব্যস্ত ৰাখিব। মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হব পাৰে আৰু আপুনি কাৰোবাৰ সৈতে বন্ধুত্ব গঢ়ি তুলিব পাৰে। আপোনাৰ ঘৰলৈ আলহী-অতিথি আহিব আৰু আপুনি তেওঁলোকক আদৰ-সম্ভাষণ জনোৱাত ব্যস্ত থাকিব। আপুনি হঠাত লগ পোৱা কোনোবাজনৰ সৈতে আপোনাৰ দীঘলীয়া প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিব। আপুনি বিত্তীয় লাভ অৰ্জন কৰাৰ ইংগিত সূচিত হৈছে ।

কৰ্কট : (২২ জুন- ২২ জুলাই)

আপুনি কোনো ব্যক্তিৰ প্ৰেমত পৰিব পাৰে । আপোনাৰ নতুন প্ৰেমিক বা প্ৰেমিকাৰ লগত আপোনাৰ চিন্তা-ধাৰাৰ বহু মিল থাকিব আৰু আপুনি সুখী হব। আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কাম সম্পন্ন কৰাত গুৰুত্ব দিব। আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হব। আপুনি কোনো প্ৰভাৱশালী ব্যক্তিক লগ পাব আৰু পাছত তেওঁৰ জৰিয়তে লাভ অৰ্জন কৰিব।

সিংহ: (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। কিন্তু পূৰ্বৰ প্ৰেমৰ ব্যৰ্থতাই আপোনৰ উদ্যম হ্ৰাস কৰিব পাৰে। কিন্তু আপুনি প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ অতি ইচ্ছুক হব। আপুনি কৰবাৰ পৰা এটা ভাল খবৰ পাব। ভাই-ভনীৰ মাজত থকা দ্বন্দ্ব-খৰিয়াল দূৰ হব। এইক্ষেত্ৰত এজন তৃতীয় ব্যক্তিয়ে হস্তক্ষেপ কৰিব। ধনৰ লেনদেনৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰক।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ প্ৰেমৰ সম্পৰ্কই বিবাহৰ ৰূপ লোৱাৰ দিশত অগ্ৰসৰ হব পাৰে। ইয়ে আপোনাক ব্যস্ত কৰি ৰাখিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে সম্পৰ্ক আগুৱাই নিবলৈ চেষ্টা কৰিব। আপুনি দৈনন্দিন কাম-কাজত ধন আৰু সময় খৰচ কৰিব। আপুনি আপোনাৰ বাবেও সময় উলিয়াবলৈ সক্ষম হব। আপোনাৰ স্বাস্থ্য ভালে থাকিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আোপনাৰ প্ৰেম জীৱনত গভীৰ হতাশাৰ সৃষ্টি হব পাৰে। বন্ধুবৰ্গৰ সহায়ত আপুনি জীৱনৰ এই জটিল মেৰপেচৰ পৰা ওলাই আহিবলৈ সক্ষম হব আৰু পুনৰ জীৱন আৰম্ভ কৰিব । আপুনি পেচাগত কাম আৰু ঘৰুৱা কামৰ মাজত ভাৰসাম্য ধৰি ৰাখিবলৈ সক্ষম হব। আপুনি টকা-পইচাৰ ক্ষেত্ৰত কিছু ৰিস্ক লোৱাৰ সিদ্ধান্ত লব, কিন্তু আপোনাৰ সেই সিদ্ধান্ত বিবেচনাপূৰ্ণ সিদ্ধান্ত নহব বুলি বিবেচিত হব।

বৃশ্চিক : (২৪ অক্টোবৰ- ২২ নৱেম্বৰ)

আপোনাৰ জীৱনত এক সুখকৰ প্ৰেম-ৰোমান্সৰ ইংগিত সূচিত হৈছে। আপুনি শীঘ্ৰেই বিবাহপাশত আবদ্ধ হব পাৰে। আপোনাৰ বন্ধুবৰ্গই আপোনাক আপোনাৰ সকলো লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। আপুনি আপোনাৰ সৈতে একে মানসিকতাৰ অনেক মানুহৰ সংস্পৰ্শলৈ আহিব। সমাজত আপোনাৰ সন্মান আৰু যশস্যা বৃদ্ধি পাব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক চুটি ভ্ৰমণ কৰিব পাৰে। আপুনি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ বিত্তীয় কামৰ খাতিৰত এই ভ্ৰমণসূচী হাতত লব আৰু আপোনালোক দুয়োজনেই উপকৃত হব। আপুনি ক'ৰবাৰ পৰা এটা ভাললগা খবৰ পাব। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত কোনো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব পাৰে। আপুনি চাকৰিত পদোন্নতি পাব পাৰে আৰু অতিৰিক্ত দায়িত্ব পাব পাৰে।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি বৰ্তমানৰ সম্পৰ্কত উশাহ-নিশাহ নোপোৱা যেন অনুভৱ কৰিব পাৰে আৰু কিছু স্বাধীনতা বিচাৰিব। এক ধৰণৰ নিঃসংগতা বিৰাজ কৰিব আৰু আপুনি পৰিত্যক্ত যেন অনুভৱ কৰিব। আপুনি শ্বেয়াৰ, বণ্ড, বেংকিং আদিৰ লেখীয়া বিত্তীয় কাম-কাজত ব্যস্ত থাকিব আৰু লাভ আদায় কৰিব। আপুনি জ্যেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ মনত বেমেজালিৰ সৃষ্টি কৰি থকা বহু কথা সম্পষ্ট হব। ইয়ে আপোনাৰ আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ মনৰ পৰা দুঃশ্চিন্তা দূৰ কৰিব। তাৰ পাছৰ পৰা আপোনালোকৰ সম্পৰ্কত শান্তি বিৰাজ কৰিব। আপোনালৈ ধন-সম্পদৰ আগমন অব্যাহত থাকিব। আপুনি জীৱন-জীৱিকা আৰু বাণিজ্যৰ ক্ষেত্ৰত বহু পদক্ষেপ লব। আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ মাজত পাৰস্পৰিক বুজাবুজি থাকিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপুনি লগ পোৱা কোনোবা এজনৰ সৈতে আপুনি এটা সুখৰ সম্পৰ্ক গঢ়িব পাৰে। আপোনাৰ হৃদয়ত প্ৰেমৰ অনুভূতি জাগ্ৰত হব আৰু ইয়ে আপোনাৰ মনলৈ এটা ভাল ভৱিষ্যতৰ আশা কঢ়িয়াব । আপুনি অত্যন্ত সাৱধানতাৰে কাম কৰিব। ক'ৰবাত আবদ্ধ হৈ থকা ধনো আপুনি পাব। আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লোৱাৰ প্ৰয়োজন।আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিকো লগ পাব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com