আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৯ ফেব্ৰুৱাৰী, বুধবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৯ ফেব্ৰুৱাৰী, বুধবাৰ, ২০২২)

জন্মদিনৰ শুভাশুভ ( আজি জন্মদিন থকাসকলৰ)

শুভ  তাৰিখসমূহ

৯, ১৮, ২৭ 

শুভ বাৰসমূহ


মঙলবাৰ, শুকুৰবাৰ, দেওবাৰ

শুভ ৰংসমূহ

মেৰুন, গোমধানৰ ৰঙৰ, বগা
 

 

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

কোনোবা এজন অচিনাকি ব্যক্তিৰ সৈতে হোৱা সাক্ষাতে আপোনালৈ প্ৰচুৰ সুখ আৰু আনন্দ কঢ়িয়াব পাৰে ৷ বন্ধু-বান্ধৱৰ লগত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পৰব আৰু আপোনাক আপোনাৰ কোনো বন্ধু বা বান্ধৱীয়ে বিয়াৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে ৷ আপুনি পৰীক্ষা বা সাক্ষাৎকাৰত সফল হ'ব ৷ আপুনি সম্পন্ন হোৱা সকলো কামৰ কৃতিত্বও পাব। আপুনি সতৰ্ক হৈ সাৱধানে থাকিব ৷v 

বৃষ : (২১ এপ্ৰিল – ২১ মে' )

আপুনি নিজৰ কাৰ্যালয়ৰ কাম-কাজক অগ্ৰাধিকাৰ দি ব্যস্ত হৈ পৰাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই নিজকে অৱহেলিত যেন অনুভৱ কৰিব । পেচাগত ক্ষেত্ৰত লগ পোৱা কোনোবা নতুনজনৰ লগত আপোনাৰ আন্তৰিকতা বৃদ্ধি পাব আৰু সদ্যহতে আপুনি ভাল অনুভৱ কৰিব ৷ আপুনি কিছু কাম পাব, যিয়ে আপোনাক আশ্বৰ্যচকিত আৰু উৎসাহিত কৰি ৰাখিব ৷ আপুনি আস্থাত লোৱা মানুহৰ লগত কাম কৰিব। 

মিথুন : (২২ মে' – ২১ জুন)

দীৰ্ঘদিনৰ মূৰত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত চকুত চকু থৈ কথা পাতিব ৷ আপুনি সম্পৰ্ক উন্নত কৰাৰ চেষ্টা নকৰিলে আপোনাৰ প্ৰেমত ভাঙোন অৱশ্যেম্ভাৱী হৈ পৰিব পাৰে ৷ আপুনি ধনৰ ব্যয় নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন ৷ অন্যথা আপুনি ঋণ ল'ব লাগিব ৷ আপোনাৰ বাবে সামগ্ৰিকভাবে এই সময়চোৱা ভাল ৷v 

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপুনি এই সময়চোৱাত কাৰোবাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। কাৰণ এইক্ষেত্ৰত আপুনি স্পৰ্শকাতৰ হৈ আছে ৷ কাৰোবাক আপুনি আকৰ্ষণীয় যেনো অনুভৱ কৰিব ৷ আপুনি প্ৰেমৰ ক্ষেত্ৰত দোধোৰ-মোধোৰত থাকিলে আপোনাৰ প্ৰতিষ্ঠাৰ দিশত ক্ষতিসাধন হ'ব ৷ আজিৰ দিনটোৰ শেষ সময়ছোৱা আপোনাৰ বাবে ভাল হ'ব ৷ আপুনি কোনো ভাললগা এজনৰ সান্নিধ্যত সময় সুখৰ মাজত অবিস্মৰণীয়ভাবে পাৰ কৰিব ৷

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

 আপোনালোক স্বামী-স্ত্ৰীৰ বাবে আজিৰ দিনটো এটা সুখৰ দিন হ'ব। প্ৰেম-ৰোমান্সে আপোনাক ব্যস্ত কৰি ৰাখিব আৰু আপুনি প্ৰচুৰ সুখ আৰু আনন্দৰ ঢৌৰ মাজত বুৰ যাব ৷ আপুনি যিকোনো উপায়ৰে নিজৰ কাম সম্পন্ন কৰিব। আপোনাৰ অন্তৰ সাহস আৰু উদ্যমেৰে ভৰপূৰ হৈ থাকিব। আপুনি ভৱিষ্যতৰ পৰিকল্পনাও কৰিব। পৰিয়াল আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হৈ উঠিব। । 

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপোনাৰ পেচাদাৰী জীৱনত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ অহেতুক হস্তক্ষেপে আপোনাক অ-সুখী কৰি তুলিব আৰু আপুনি তেওঁৰ লগত ক্ষণিকৰ কাজিয়াত লিপ্ত হ'ব পাৰে ৷ কাম বা বিষয়ত আপুনি সফলতা অৰ্জন কৰিব। এই সময় হৈছে আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে আনন্দ-স্ফূৰ্তি কৰাৰো সময়। আপুনি বনভোজ অথবা আনন্দ-স্ফূৰ্তিৰে ভৰা ভ্ৰমণত যোৱাৰ পৰিকল্পনা কৰিব পাৰে।

তুলাঃ    

আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই এতিয়াই এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ হেঁচা দিব আৰু আপুনি এই হেঁচা ভাল নাপাব । ইচ্ছাশক্তিৰ বলত সফলতাৰ দিশত অগ্ৰসৰ হব। আপোনালৈ ধন আৰু সম্পদৰ আগমন অব্যাহত থাকিব । আপোনাৰ শত্ৰু আৰু বিৰোধীয়ে আপোনাৰ স্বাৰ্থত আঘাত হানিবলৈ সক্ষম নহব। আপুনি আনৰ প্ৰতি সহানুভূতিশীল হব। আপুনি গুৰুত্বসহকাৰে কাম সম্পূৰ্ণ কৰিব। আপুনি আপোনাৰ চৌকাষে থকা ব্যক্তিসকলৰ সৈতেও সু-সম্পৰ্ক স্থাপন কৰিব।

বৃশ্চিক: (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি আপোনাৰ পদক্ষেপৰ জৰিয়তে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক এতিয়া সম্পূৰ্ণৰূপে আপোনাৰ প্ৰতি ঢাল খোৱাব পাৰিব ৷ আপুনি প্ৰতিটো কথা আৰু কামত গুৰুত্ব দিব। আধ্যত্মিক আৰু পাৰ্থিৱ—দুয়োটা দিশৰ পৰাই এই সময়ছোৱা আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হব। আপুনি নিৰ্দিষ্ট লক্ষ্য আগত ৰাখি অগ্ৰসৰ হব। স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। বিবদমান বিষয়ত আপোনাৰ জয়ৰ ইংগিত সূচিত হৈছে। আপুনি নতুন প্ৰকল্প হাতত লব ।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰেম-জীৱনৰ ক্ষেত্ৰত অতি লাজুক হ'ব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পূৰ্ণৰূপে মিলি নপৰিব পাৰে ৷ ইয়ে আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰিব আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই নিজকে বঞ্চিত হোৱা যেন অনুভৱ কৰিব ৷ আপুনি কামত সফলতা অৰ্জন কৰিব ৷ আপুনি নতুন কামো আৰম্ভ কৰিব পাৰে ৷ স্বামী-স্ত্ৰীৰ মাজত ভাল বুজাপৰা থাকিব ৷ 

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ জীৱনে সুন্দৰ গতি ল'ব আৰু আপুনি সেই উজ্জ্বল ছবিখন দেখিবলৈ পাব ৷ সামাজিক ক্ষেত্ৰত আপোনাৰ স্থিতি উন্নত হ'ব আৰু মানুহ কোনোকালে নোহোৱা ধৰণেৰে আপোনাৰ দ্বাৰা মুগ্ধ হ'ব । আপুনি আপোনাৰ ঘনিষ্ঠজনৰ আস্থা জয় কৰিব। মানুহে আপোনাৰ ভদ্ৰ আৰু অমায়িক আচৰণক প্ৰশংসা কৰিব। সপ্তাহটোৰ শেষৰফালে আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ হাতত লব পাৰে, যিটো ফলদায়ক হব। কিছুমান সুখপ্ৰদ খবৰে আপোনাৰ সজীৱতা বৃদ্ধি কৰিব।  

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপুনি নিজক আৱৰি সৃষ্টি কৰি লোৱা খোলাৰ পৰা ওলাই আহিবলৈ ধৰিছে আৰু ইয়ে আপোনাক সুখী কৰিব ৷ আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই সকলোখিনি সুন্দৰভাবে চম্ভালি লব। আপোনাক যোগ, প্ৰাৰ্থনা, উপাসনা আৰু ধৰ্মীয় কাম-কাজে আকৰ্ষিত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব আৰু আপুনি উপকৃত হব পৰা কামৰ প্ৰতি গুৰুত্ব দিব। আপুনি গতিশীল ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাৰ বিকাশ সাধন কৰিব। 

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

বিত্তীয় লাভ অৰ্জনে আপোনাৰ স্পৃহা-উদ্যম অভূতপূৰ্বভাবে বৃদ্ধি কৰিব আপুনি অপব্যয়ীতাৰে আপোনাৰ প্ৰেমিক বাবে প্ৰেমিকাৰ বাবে ধন খৰচ কৰিব ৷ আনকি আপুনি এই ব্যক্তিজনক বিয়া কৰোৱাৰো সিদ্ধান্ত ল'ব পাৰে আৰু আপোনাৰ পৰিকল্পনা অনুসৰি অগ্ৰসৰ হ'ব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপোনাৰ পৰিয়ালত কোনো উৎসৱ-পাৰ্বণ উদযাপন হ'ব পাৰে ৷ আপুনি এটা সৰু-সুৰা পাৰ্টীৰ আয়োজন কৰিব পাৰে ৷ আপোনাৰ জীৱনত হাঁহি আৰু আনন্দ থাকিব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com