Begin typing your search above and press return to search.

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৯ জুলাই, ২০২১)

মেষ, বৃষ, মিথুন আদি বিভিন্ন ৰাশিৰ ব্যক্তিৰ আজিৰ দিনটোৰ ৰাশিফল

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল ( ৯ জুলাই, ২০২১)

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 July 2021 4:15 AM GMT

মেষ : (২১ মাৰ্চ - ২০ এপ্ৰিল)

আপুনি পূৰ্বৰ ভুলৰ শুধৰণি কৰিছে, গতিকে আপুনি জীৱনসংগীৰ সৈতে সফলতাৰ দিশত অগ্ৰসৰ হব। এক শান্তিপূৰ্ণ সহাৱস্থানৰ প্ৰক্ৰিয়া আৰম্ভ হব আৰু আপুনি একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰিব। মানূহে আপোনাৰ অৱদানৰ কথা স্বীকাৰ কৰিব। আপুনি আপোনাৰ কাৰণে কাপোৰ আৰু আ-অলংকাৰ ক্ৰয় কৰিব। আপোনাৰ ব্যক্তিত্ব উজ্জ্বলি উঠিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আপুনি পাৰ্টীত অংশ লব পাৰে আৰু বন্ধুবৰ্গক লগ কৰিব পাৰে। আপুনি আপোনাৰ নতুন প্ৰেমিক বা প্ৰেমিকাক সকলোৰে লগত পৰিচয় কৰাই দিবলৈ ভাল পাব। আপুনি সুখী মনেৰে থাকিব আৰু নিজক লৈয়ে সময় উপভোগ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ বিশেষ দায়িত্ব গ্ৰহণ কৰিব। গতিকে আপুনি নিজৰ মন শান্ত কৰি ৰখা উচিত। ধন বা টকা-পইচাৰ লগত সম্পৰ্কিত বিষয়বোৰত আপুনি সাৱধান হোৱা উচিত। আপুনি সুখী মনেৰে দিনটো অতিবাহিত কৰিব।

মিথুন: (২২ মে' – ২১ জুন)

কোনো নতুন কামৰ বাবে আপুনি যথেষ্ট সময় দিবলগা হব পাৰে আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আবদাৰৰ মাজত লুকুৱাব লগা হব পাৰে। অৱশ্যে আপুনি সকলো কামেই সুন্দৰ ভাবে সম্পাদন কৰিব। আপুনি বিবাহৰ অনুষ্ঠানত অংশ লব। আজিৰ দিনটো আপোনাৰ বাবে অতি ফলদায়ক দিন। আপুনি নতুন ফ্লেট. ভূমি বা গাড়ী ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ বাবে ধনৰ কোনো সমস্যা নাই।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হব পাৰে আৰু আপুনি অধিক দায়িত্বশীল হোৱাৰো প্ৰয়োজন। কোনো গুৰু্ত্বপূৰ্ণ কামৰ লক্ষ্যত উপনীত হোৱাৰ বাবে আপুনি পৰিকল্পনা কৰাৰ উপযুক্ত সময় উপস্থিত হৈছে আৰু এনে গুৰুত্বপূৰ্ণ কামৰ শীৰ্ষত আপোনাৰ বিয়াৰ কথা থাকিব। আপুনি বহু কামত জড়িত হব আৰু মানুহৰ লগত চিন্তাৰ আদান প্ৰদান কৰিব। আপুনি নতুন পৰিকল্পনাও কৰিব। আপুনি নতুন প্ৰযুক্তি আৰু বিজ্ঞানৰ লগত জড়িত বিষয়ৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপুনি খন্তেকীয়া সময়ৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা আঁতৰি থাকিব। এই সময়চোৱা আপুনি নিজৰ কথা-বতৰা পুনৰ জুঁকিয়াই চাবলৈ সুযোগ হব পাৰে আৰু চিন্তা কৰিব যে আপোনাৰ প্ৰেম-জীৱন কেনে দিশত অগ্ৰসৰ হৈছে। আপোনাৰ মনত অশান্তিৰ সৃষ্টি কৰি থকা কিছুমান প্ৰশ্নৰ উত্তৰো আপুনি পাব পাৰে। আপোনাৰ ব্যক্তিত্ব উন্নত হব। আপুনি আপোনাৰ প্ৰতিদ্বন্দীক পৰাস্ত কৰাত সফল হব। আপুনি নতুন দায়িত্বও পাব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

আপুনি লোৱা কিছুমান পৰিকল্পনা পুনৰ প্ৰস্তুত কৰিলে অধিক ভাল হব। প্ৰেমবাকৃৰ সম্পৰ্কৰ ক্ষেত্ৰত আপুনি অধিক আগ্ৰাসী বা খুলা-খুলী মনৰ হোৱাৰ প্ৰয়োজন হব। এনেদৰে আপুনি প্ৰেমৰ সম্পৰ্কক অধিক গুৰুত্বসহকাৰে লব পাৰিব। আপোনাৰ বিবাহত প্ৰতিবন্ধকতা থাকিব বা আপোনালোক স্বামী-স্ত্ৰীৰ মাজত সংঘাত থাকিব। গতিকে আপুনি সম্পৰ্ক পুনৰীক্ষণ কৰা উচিত।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি হৃদয়ৰ আকুতিৰে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বাৰ্তালাপ কৰক আৰু মনত উদয় হোৱা সন্দেহ দূৰ কৰক। আপুনি ভয় কৰি পিছুৱাই নাহিব। আপুনি ধূষৰতা দূৰ কৰা অধিক ভাল হব আৰু তাৰ পাছত নতুন আৰম্ভণী কৰিব পাৰিব। আপুনি নিজকে নিয়ন্ত্ৰণত ৰাখিব। মানুহক প্ৰভাৱিত কৰাৰ গুণ আপোনাৰ থাকিলেও আপুনি নিজকে সামজিক বুলি প্ৰদৰ্শন নকৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপোনালৈ এটা ভাল দিনে অপেক্ষা কৰিছে । আপুনি আনন্দ-উত্তেজনা উপভোগ কৰাৰ উদ্দেশ্য কোনো ঠাই ভ্ৰমণ কৰিব পাৰে। আপুনি দিনটোৰ সৰহভাগ সময়েই আৰাম কৰি চিন্তা-ভাবনা নোহোৱাকৈ পাৰ কৰিব। যদি আপুনি প্ৰশাসনিক বিষয়া, তেন্তে আপুনি অধস্তন কৰ্মচাৰীসকলৰ কথা শুনিব। আপুনি সমাজতো আদৰ-সন্মান পাব। আপুনি কথা কমকৈ কয়, অদিক শুনে আৰু সেই কথাক লৈ চিন্তা কৰে।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপোনাৰ কঠুৱা আচৰণে আপোনাক সহায় নকৰিব। আপুনি আপোনাৰ কোনো সহকৰ্মীৰ পৰা পোৱা সহায়ক আদৰণী জনাব আৰু সিয়ে আপোনালোকৰ মনত পৰস্পৰৰ প্ৰতি প্ৰেমৰ ভাবৰ সৃষ্টি কৰিব । এই অনুভৱ ক্ৰমে শক্তিশালী হবলৈ ধৰিব। আজিৰ দিনটো আপোনাৰ বাবে সকলো দিশৰ পৰাই ভাল দিন। আপোনাৰ শক্তিশালী ব্যক্তিত্ব মোহনীয় হব। যদি আপুনি সন্তানৰ মাতৃ, তেন্তে আপুনি শিশুৰ অধিকাৰক লৈ সচেষ্ট হব।

মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপুনি কিছু পৰিমাণে নীৰৱ হোৱা উচিত আৰু আপুনি কৰি থকা কামৰ প্ৰতি অৱহেলা প্ৰদৰ্শন কৰা উচিত নহয়। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতিটো কথাতে ইমানেই আবদাব বাঢ়িব যে আপুনি তেওঁ মনে বিচৰাখিনি পূৰণ কৰিবলৈ উপযুক্ত নহব বুলি নিজকে ধাৰণা কৰিব আৰু তেওঁলৈ আপুনি ভয় কৰিব। আপুনি সহ্যশীল হব আৰু জীৱনত কি গুৰুত্বপূৰ্ণ, সেয়া বুজি পাব। আপোনাৰ অহংবোধ থাকিব আৰু ইয়ে কাম নষ্ট কৰিব। পৰিস্থিতি আপোনাৰ অনুকূলে থাকিব।

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

কোনো ৰহস্য-উত্তেজনাপূৰ্ণ সময়ে আপোনালৈ অপেক্ষা কৰিছে। আপুনি নাটকীয়তাৰে কোনো ব্যক্তিৰ প্ৰতি আকৰ্ষিত হব আৰু অ-প্ৰত্যাশিত ঘটনাৰ বাবে সাজু হোৱা উচিত। আপোনাৰ বাবে অ-প্ৰত্যাশিতভাবে ইয়াৰো যৱনিকা পৰিব। ঋতুকালীন অসুখক লৈ আপুনি সাৱধান হোৱা উচিত। আপুনি পৰিয়ালৰ পৰা আবেগিক সহায় পাব। জ্ঞানবৰ্ধক সাহিত্য পঢ়ি আপুনি সময় অতিবাহিত কৰিব।

মীন : (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনালোক প্ৰেমিকা-উভয়ৰে আগ্ৰহ থকা উমৈহতীয়া বিষয়ে দুয়োকে পৰস্পৰৰ ওচৰ চপাই আনিব । যথেষ্ট সময় লোৱা আপোনাৰ কোনো প্ৰকল্পৰ কামৰ বাবে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সহায় লব পাৰে । আপুনি জঞ্জালৰ পৰা মুক্তি পাব। আয়তকৈ আপোনাৰ ব্যয় বৃদ্ধি পাব। আপোনাৰ হাতলৈ ধন অহাৰ পূৰ্বেই ওলাই যাব। আপুনি শান্ত হৈ থকা উচিত সময়ে আৰু কামত গুৰুত্ব দিয়াৰ প্ৰয়োজন।

Next Story
চাকৰি