আপোনাৰ আগন্তুক সপ্তাহৰ ৰাশিফল (১১ জুলাই)

কাইলৈ সোমবাৰৰ আৰম্ভ হ'বলগীয়া আগন্তুক সপ্তাহৰ ৰাশিফল
আপোনাৰ আগন্তুক সপ্তাহৰ ৰাশিফল (১১ জুলাই)

                                                                আপোনাৰ আগন্তুক সপ্তাহৰ ৰাশিফল (১১ জুলাই)

মেষ: (২১ মাৰ্চ – ২০ এপ্ৰিল)

আগন্তুক সপ্তাহ আপোনাৰ বাবে সন্তুষ্টিদায়ক সপ্তাহ। আপোনাৰ মৰ্যাদা উচ্চ হব। কৰ্ম বা চাকৰিত আপুনি উন্নতি সাধন কৰিব। আপোনাৰ ব্যৱসায় বৃদ্ধি পাব আৰু উন্নতি সাধন কৰিব। আপোনাৰ কামে গুৰুত্ব পাব। আপোনাৰ কাম মসৃণভাবে ক্ষিপ্ৰতৰে সম্পন্ন হব। আপোনাৰ সহকৰ্মী আৰু উৰ্ধতন বিষয়াসকলে আপোনাক সহায়-সমৰ্থন কৰিব। এই সময়ছোৱা হৈছে আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত উত্পাদনশীলভাবে পাৰ কৰাৰ সময়। আপুনিও মনোাৰঞ্জনধৰ্মী আৰু আনন্দদায়ক কামত সময় ব্যয় কৰিব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব। সময় আপোনাৰ বাবে বৰ অনুকূল। টকা-পইচাৰ লগত জড়িত সমস্যাবোৰ সমাধান হব। আপুনি শত্ৰুক বশ কৰিবলৈ সক্ষম হব। আপুনি বুদ্ধিমত্তা আৰু ধৈৰ্যৰ সিদান্ত লব। নতুন কিছুমান কথা শিকি ছাত্ৰ-ছাত্ৰীসকলে সময় খৰচ কৰিব। সহকৰ্মীৰ সহযোগত আপুনি আপোনাৰ সকলো কাম সম্পূৰ্ণ কৰিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

আগন্তক সপ্তাহটো আপোনাৰ বাবে শান্তিপূৰ্ণ হব। নিৰ্দিষ্ট তাৰিখৰ পূৰ্বেই আপুনি আপোনাৰ সকলো কাম শেষ কৰিবলৈ সক্ষম হব। নতুন কামৰ বাবে আপুনি অনুপ্ৰেৰণা পাব। আপোনাৰ মনত কামৰ নতুন ধাৰণা বা আইডিয়া উদয় হব আৰু সেই আইডিয়া বাস্তৱত কামত পৰিণত কৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব। আৰু আপুনি দোকানৰ পৰা বয়বস্তু কিনাত ব্যস্ত থাকিব। কোনো ব্যক্তিৰ লগত হোৱা সাক্ষাতে ৰোমাণ্টিক সম্পৰ্কৰ সৃষ্টি কৰিব পাৰে আৰু ইয়ে বিবাহত পৰিণত হব পাৰে। আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতক লৈ উদ্বিগ্ন হব, কিন্তু সকলোখিনি সহজভাবে লোৱাৰ প্ৰয়োজন। পাৰিবাৰিক বান্ধোনত সুখ-আনন্দ থাকিব। আপোনাৰ ভাগ্য উন্নত হব। আপুনি আনৰ পৰা সুখ তথা সহায়-সমৰ্থন পাব। আপুনি আপোনাৰ কাম আৰু ধৰ্মৰ প্ৰতি আগ্ৰহী হব। আপুনি সকলো সময়তে আৰাম-শিথিলতা অনুভৱ কৰি থাকিব। আপোনাৰ উৰ্ধতন বিষয়াসকলে আপোনাৰ প্ৰতি অনেক সহায়-সমৰ্থন আগবঢ়াব।

মিথুন : (২২ মে' -২১ জুন)

আগন্তুক সপ্তাহ আপোনাৰ বাবে অনুকূল সপ্তাহ হব। আপোনাৰ সপোন পূৰ হব আৰু আপুনি বিচৰাখিনি পাব। আপোনাৰ পৰিয়ালৰ সকলো দিশত আনন্দ-উছাহৰ পৰিৱেশ থাকিব। সকলোৰে আগত আপোনাৰ সৃষ্টিশীল সামৰ্থ অনুধাৱন কৰিব। কিছুসংখ্যক ব্যক্তিৰ সৈতে আলোচনা আপোনাৰ ব্যৱসায়ৰ বাবে ফলদায়ক হব। আপুনি আনৰ লগত ভাল ব্যৱহাৰ কৰিব। আপুনি পৰিয়ালকো সময় দিব আৰু তেওঁলোকৰ লগত আপুনি হাঁহি-স্ফূৰ্তি আৰু মনোৰঞ্জনৰ মাজত থাকিব। আপুনি সুখী অনুভৱ কৰিব আৰু লাভ পাব। আপুনি আনৰ সমস্যাৰ কথাও শুনিব আৰু সমস্যা সমাধানত তেওঁলোকক সহায় কৰিব। আপোনাৰ ব্যৱসায় বৃদ্ধিৰ বাবে আপুনি নতুন আইডিয়া খটাব। আপুনি ঘৰলৈ নতুন বস্তু কিনিব। আপোনাৰ মনোযোগ আৰু একাত্মতাৰ বলত আোপনাৰ বাবে কিছু ইতিবাচক ঘটনা সংঘটিত হব।

কৰ্কট : (২২ জুন – ২২ জুলাই)

আপোনাৰ আয় বৃদ্ধি পাব। কিন্তু ব্যৱসায়ত আপোনাৰ ব্যয় বৃদ্ধি পাব। এই সময়চোৱাত আপোনাৰ স্বাস্থ্যৰ উন্নতি সাধন হব। কিন্তু আপুনি কৰ্মস্থলীতো সমস্যা সমাধান কৰিব লাগিব। আপুনি আপোনাাৰ ব্যৱসায় /কৰ্মত সমস্যাৰ সন্মুখীন নহব। আপুনি দোকান-বজাৰ কৰি আনন্দ পাব। সপ্তাহটোৰ শেষৰ সময়চোৱা আপোনাৰ বাবে অপূৰ্ব হব। আপোনাৰ ব্যক্তিত্বত দীৰ্ঘদিন ধৰি থকা সমস্যাৰ লগতে আপুনি আচাৰ-ব্যৱহাৰলৈ এটা বিস্ময়কৰ পৰিৱৰ্তন আহিব । অনেক চেষ্টা সত্বেও আপোনাৰ শত্ৰুৱে আপোনাৰ কোনো ক্ষতি কৰিবলৈ সক্ষম নহব। ভাই-ককাইৰ লগত আপুনি ভাল সময় অতিবাহিত কৰিব। জীৱনসংগীৰ লগত আপোনাৰ বান্ধোন অপূৰ্ব হব। আপোনাৰ উৰ্ধতন বিষয়াই আপোনাৰ অনেক কাম বিচাৰিব। আপুনি কোনো কঠিন লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্য কাম কৰিব লাগিব।

সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)

আপোনাৰ বাবে আগন্তুক সপ্তাহ অতিশয় ফলদায়ক সপ্তাহ হব। আপুনি আপোনাৰ কামত উন্নতি সাধন কৰিব। আপুনি বৈষয়িক সন্তুষ্টি লাভ কৰিব। আপুনি আপোনাৰ প্ৰিয় কৰ্মৰ প্ৰতিও গুৰুত্ব দিব। আপুনি কোনো ঘনিষ্ঠজনৰ ওচৰলৈ যোৱাৰ পৰিকল্পনা কৰিব। আপোনাৰ বিত্তীয় অৱস্থা উন্নত হব। চাকৰি কৰাসকলে বোনাচ পাব। আপুনি আপোনাৰ ঘৰ মেৰামতি বা পুনৰুজ্জীৱিত কৰাৰো পৰিকল্পনা প্ৰস্তুত কৰিব। আপুনি ভাল ৰোমাণ্টিক জীৱনৰ মাজত থাকিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে সন্তুষ্টিৰ উত্স হব। আপুনি কাৰোবাক ধাৰে দিয়া ধনো ঘূৰাই পাব। আপুনি এই সময়চোৱা বন্ধ দিন কটোৱাৰ লেখীয়াকৈ পাৰ কৰিব। আপুনি এই সময়ছোৱা আমোদ-প্ৰমোদ আৰু মনোৰঞ্জনৰ মাজত পাৰ কৰিব। আপুনি কামৰ বোজাৰ বাগ-বাটোৱাৰাও কৰিব। আপুনি এই সময়ছোৱা খৰতকীয়াকৈ পাৰ কৰিব। আপুনি এটা সুবিধাজনক স্থানত থাকিব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ হব। আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত সুখ-আনন্দৰ ভাগ-বাটোৱাৰা কৰিব।

কন্যা : (২৪ আগষ্ট- ২২ ছেপ্টেম্বৰ)

আগন্তুক সপ্তাহটোত আপুনি আনন্দ-স্ফূৰ্তি আৰু উত্সাহ-উদ্দীপনাৰ মাজত থাকিব। আপুনি আপোনাৰ আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হব। আপুনি আপোনাৰ প্ৰিয়জনৰ লগতো সময় অতিবাহিত কৰিব। আপুনি কামৰ পৰা সৃষ্ট মানসিক চাপ দূৰ কৰাৰ উদ্দেশ্য কামৰ পৰা খন্তেক সময়ৰ বাবে বিৰতি লৈ ঘৰৰ ওচৰৰে বনভোজস্থলীলৈ বনভোজ খাবলৈ যাব। আপুনি আপোনাৰ ইচ্ছা-সপোনো পূৰ কৰিবলৈ সক্ষম হব। এই দিনবোৰ আপোনাৰ বাবে অতি অনুকূল দিন। আপোনাৰ ভাগ্য উদয় হব। আপুনি চাকৰিত এটা পদোন্নতিও পাব। জ্ঞানৰ ক্ষেত্ৰত আপুনি আনতকৈ আগত থাকিব। আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। আপোনাৰ স্বাস্থ্য উন্নত হব। আপুনি মানুহক সৌজন্যতাৰে সাক্ষাত কৰিব আৰু আপোনাৰ কৰ্তব্য ভালদৰে সম্পাদন কৰি যাব। আপুনি যিকোনো প্ৰত্যাহ্বান গ্ৰহণৰ বাবে প্ৰস্তুত থাকিব। আৰু যি কামেই নিদিয়ক, তাকে কৰিবলৈ লব।

তুলা: (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আগন্তুক সপ্তাহ আপোনাৰ বাবে অপূৰ্ব সুন্দৰ সপ্তাহ হব। আগন্তুক দিনবোৰ আপোনাৰ বাবে অনুকূল দিন হব। আপুনি আপোনাৰ পৰিয়ালক সুখী কৰি ৰাখিবলৈ সক্ষম হব আৰু তেওঁলোকৰ বৈষয়িক প্ৰয়োজনীয়তা পূৰণ কৰিব। আপোনাৰ দৈহিক স্বাস্থ্য ভালে থাকিব। আপুনি কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ প্ৰতি প্ৰদৰ্শন কৰা উত্সৰ্গীকৃত মানসিকতাৰে আপুনি আপোনাৰ মুৰব্বী আৰু সহকৰ্মীসকলক সন্তুষ্ট ৰাখিবলৈ চেষ্টা কৰিব। আপুনি ভাল বিত্তীয় লাভ পাব। আপুনি জীৱনৰ প্ৰতি এটা ইতিবাচক দৃষ্টিভংগী ধৰি ৰাখিব। আপুনি সহজতাৰে কামবোৰ সম্পূ্ৰ্ণ কৰিবলৈ সক্ষম হব। আপুনি লৰা-ঢপৰা কৰি কাৰ্যালয়ৰ কাম সম্পূ্ৰ্ণ কৰিবলৈ সক্ষম হব। আপোনাৰ ব্যৱসায়ীক লেন-দেন সফল হব। আঁচনি-পৰিকল্পনালৈ পৰিৱৰ্তন অনাটোৱে সহায় কৰিব। আপুনি আপোনাৰ জীৱনসংগীৰ লগত সু-সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ প্ৰিয়জনৰ বাবে কোনো উপহাৰ ক্ৰয় কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত যুৱক-যুৱতী / চাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিকল্প বিচাৰিব। আনৰ কথাত হস্তক্ষেপ কৰোঁতে সাৱধান হব। আপুনি কোনো মহত কাম কৰিব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি কৰ্মস্থলীত যথেষ্ট উত্সৰ্গীকৃত মানসিকতাৰে কাম আৰু এটা উন্নতি সাধন কৰিব। আপুনি আধ্যাত্মিকতাৰ প্ৰতিও আকৰ্ষিত হব। ইয়ে আপোনালৈ সুখ আৰু আধ্যাত্মিক শান্তি কঢ়িয়াই আনিব। আপুনি কাম উন্নত কৰিবলৈ সক্ষম হব। কাম সম্পূৰ্ণ নোহোৱালৈকে আপুনি জিৰণি নলব। আপুনি আপোনাৰ জীৱনসংগীৰ লগতো সু-সম্পৰ্ক উপভোগ কৰিব। আৰু আপুনি পৰিয়ালৰ লগতো উত্পাদনশীলতাৰে সময়পাৰ কৰিব। প্ৰেমিক-প্ৰেমিকাসকলে অপূৰ্ব সুন্দৰ সময় পাব। জীৱনত আগুৱাই যোৱাৰ আকাংক্ষা আপোনাৰ থাকিব। মানুহৰ লগত সম্পৰ্ক স্থাপনতো আপুনি ভাল। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকে সফলতা লাভ কৰিব। তেওঁলোকে নিজৰ পচ্ছন্দৰ কলেজ/প্ৰতিষ্ঠানত নামভৰ্তি কৰিবলৈ সক্ষম হব। আপোনাৰ কোতবোৰ সৰু-সুৰা সমস্যাৰ সৃষ্টি হব। ধনৰ সৈতে সম্পৰ্কিত বিষয়ত আপুনি ব্যস্ত থাকিব। ভূমি, ঘৰ আদিৰ লগত জড়িত কাম সম্পূ্ৰ্ণ হব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আগন্তপক সপ্তাহটো আপোনাৰ বাবে সকলো দিশতে এটা ব্যতিক্ৰমী সপ্তাহ হব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব। আপুনি দুয়োহাতেৰে ধন খৰচো কৰিব। আপুনি সুখেৰে সময় অতিবাহিত কৰিব। আপুনি আপোনাৰ খং-ৰাগ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন। আপুনি যথেষ্ট উত্সৰ্গীকৃত মনোভাবেৰে কাম কৰিব আৰু আনৰ চকুত আপোনাৰ ভাবমূৰ্তি উন্নত হব। বিবাহিতসকলৰ জীৱনলৈ বসন্ত পুনৰ ঘূৰি আহিব। আপুনি ওচৰৰে কোনো স্থানলৈ ফুৰিবলৈও যাব। আপুনি আপোনাৰ দায়িত্বও ভালদৰে পালন কৰিব। আপুনি মানসিক শান্তি পাব। আপুনি আপোনাৰ ঘৰো সজাই তুলিব। প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে সময় অপূৰ্ব। আপোনাৰ জীৱনসংগীৰ লগত ভাল বান্ধোন থাকিব। আপুনি হঠাতে লাভ আদায় কৰিব। আপোনাৰ চেষ্টা ফলদায়ক হব। আপুনি একেধৰণৰ চিন্তাৰ ব্যক্তি লগ পাব। আপুনি খেলা-ধুলা আৰু আমোদ-প্ৰমোদতো ব্যস্ত থাকিব। আপুনি আপোনাৰ খাদ্যকলৈ সাৱধান হব। কটোৰ পৰিশ্ৰম কৰাৰ ফলত আপুনি ভাগৰ অনুভৱ কৰিব।

মকৰ : (২২ ডিচেম্বৰ- ২০ জানুৱাৰী)

দীৰ্ঘদিনীয়া এটা বিবাদ নিষ্পত্তি হব। আপুনি ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণত লাভান্বিত হব। কৰ্মস্থলীত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব। কৰ্ম আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে আপুনি প্ৰসংশিত হব। আপোনাৰ বিৰোধী সক্ৰিয় হৈ উটিব। কিন্তু আপোনাৰ মখামুখী হবলৈ সাহস নকৰিব। আপুন আপোনাৰ দায়িত্ব ভালদৰে সম্পাদন কৰিব। আপোনাৰ বাবে সময় অনুকূল। কৰবাত আবদ্ধ হৈ থকা আপোনাৰ ধনো পাব। আপোনাৰ কোনো পৰিচিত ব্যক্তিৰ লগত আপুনি ঘনিষ্ঠ সম্পৰ্ক গঢ়িব। আপুনি আপোনাৰ জ্ঞান বৃদ্ধি কৰিব। কোনোবাই আপোনাৰ সুনাম নষ্ট কৰাৰ চেষ্টা আৰু আপোনাৰ বিৰুদ্ধে উৰ্ধতন কৰ্তৃপক্ষক অভিযোদ দিব।আপুনি সমস্যাৰ পৰা সকাহ পাব। এই সময় হৈছে আপোনাৰ সপোন আৰু উচ্চকাংক্ষা পূৰণৰ সময়। আপোনাৰ ঘৰুৱা পৰিৱেশ উন্নত হব। ব্যৱসায়ত আপুনি নতু বিকল্প বিচাৰিব।

কুম্ভ: (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

সপ্তাহটো ধনৰ আগমনৰ জৰিয়তে আৰম্ভ হব। দম্পত্তীসকলৰ মাজত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক থাকিব। অবিবাহিতসকলে বিয়াৰ পৰিকল্পনা কৰিব। আপোনাৰ পৰিয়ালে ভাল খবৰ পাব। কঠোৰ পৰিশ্ৰমৰ জৰিয়তে আপুনি কাৰ্যালয়ত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হব। আপোনাৰ ব্যৱসায় বৃদ্ধিৰ পৰিকল্পনা থাকিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল। আপোনাৰ ঘৰত শান্তিপূৰ্ণ আৰু শান্ত পৰিৱেশ বিৰাজ কৰিব। প্ৰত্যেকেই আপোনাৰ পৰামৰ্শ গ্ৰহণ কৰিব। আপুনি উত্সৰ্গীকৃত মনোভাব পোষণ কৰিব। কেৰিয়াৰত আপোনাৰ সংগ্ৰমৰ অন্ত পৰিব। আপুনি সফলতা অৰ্জন কৰিব। আপোনাৰ পাৰদৰ্শিতাক লৈ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী সন্তুষ্ট হব। কৰ্মস্থলীত অতিৰিক্ত হেঁচা থাকিব। ইয়ে আপোনাৰ পাৰিবাৰিক জীৱনতো ওপৰতো ক্ৰিয়া কৰিব। আপুনি লক্ষ্যচ্যুত নহব। কাৰণ ইয়ে আপোনাৰ আয়ত ব্যাঘাত জন্মাম। কামত আপুনি সফলতা অৰ্জন কৰিব। আপুনি দৃঢ়তাৰে প্ৰতিবন্ধকতাৰ সন্মুখীন হব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ উত্কণ্ঠা-উদ্বিগ্নতা দূৰ হব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাৰ প্ৰতি সহায়ক দৃষ্টিভংগী গ্ৰহণ কৰিব। তেওঁ আপোনাৰ কামক প্ৰশংসা কৰিব আৰু ইয়াকে লৈ আপুনি উত্সাহিত হৈ উঠিব। এজন প্ৰভাৱশালী ব্যক্তিৰ সাক্ষাতে আপোনাৰ উন্নতিৰ দুৱাৰ মুকলি কৰিব। আপোনাৰ ৰোমাণ্টিক জীৱন সুন্দৰ হব। আপুনি চাকৰিত পদোন্নতি পাব পাৰে। আপোনাৰ ব্যৱসায় বৃদ্ধি পাব আৰু অব্যাহত থাকিব। আপুনি বিষ আৰু পুৰণি বেমাৰৰ পৰা কিছু সকাহ পাব। আপুনি ধন অৰ্জনত সময় অতিবাহিত কৰিব। যদি আপুনি আপোনাৰ বাহুল্য নিয়ন্ত্ৰণ কৰে, তেন্তে আপুনি ধন জমা কৰিবলৈ আৰু বিনিয়োগ কৰিব পাৰিব। আপুনি পৰিয়ালৰ সৈতে তীৰ্থ স্থান ভ্ৰমণৰ অনুভৱ কৰিব। আপুনি অতি প্ৰয়োজনীয় আবেগিক সমৰ্থন লাভ কৰিব। আপুনি জ্ঞান-বৰ্ধক সাহিত্য পঢ়ি সময় পাৰ কৰিব। আপুনি স্বাস্থ্যবান হৈ থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com