আপোনাৰ ৰাশিফল ? কেনে হ'ব আপোনাৰ আগন্তুক সপ্তাহ ?

মেষ, বৃষ, মিথুন আদি ৰাশিৰ ব্যক্তিৰ আগন্তুক সপ্তাহটোৰ ৰাশিফল
আপোনাৰ ৰাশিফল ? কেনে হ'ব আপোনাৰ আগন্তুক সপ্তাহ ?


মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আগন্তক সপ্তাহটোত আপুনি লৰা-ঢপৰাকৈ কাম কৰিব লাগিব। আপুনি কামত অতি ব্যস্ত থাকিব। কৰ্মস্থলীত হঠাতে বৃদ্ধি পোৱা কাম আপুনি চম্ভালিব লাগিব। আপোনাৰ সামাজিক জীৱনেও আপোনাক ব্যস্ত ৰাখিব। আপুনি সভা-সমিতি, পাৰ্টী আদিত অংশগ্ৰহণত ব্যস্ত থাকিব। সপ্তাহটোৰ মাজভাগত আপুনি ক'ৰবাৰ পৰা এটা ভাল খবৰ পাব। ইয়ে আপোনাৰ উজ্জীৱিত কৰিব। কিন্তু আপুনি টকা-পইচাৰ লগত জড়িত বিষয়ত সাৱধান হব লাগিব।আপোনাৰ ব্যয় বৃদ্ধি পাব। আপোনাৰ আয়ো বৃদ্ধি পাব। আপোনাৰ জনপ্ৰিয়তা উৰ্ধমুখী হৈ গৈ থাকিব। ইয়ে আপোনাৰ প্ৰতি কিছুসংখ্যক ব্যক্তিক ঈৰ্ষান্বিত কৰিব পাৰে । আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সুন্দৰ মুহূৰ্ত অতিবাহিত কৰিব। তেওঁ আপোনাক সুখী কৰি ৰাকিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ লগতো ভাল সম্পৰ্ক ধৰি ৰাখিব। আহাৰত আপুনি চকু ৰাখিব আৰু নিয়মীয়াভাবে ব্যায়াম কৰিলে আপোনাৰ স্বাস্থ্য সুন্দৰ তথা সুস্থ-সবল হৈ থাকিব।

বৃষ: (২১ এপ্ৰিল – ২১ মে')

দীৰ্ঘদিন ধৰি হৈ থকা কাম-কাজবোৰ পুনৰ পৰ্যবেক্ষণ কৰক। আপুনি কেনেদৰে কাম কৰিছে আৰু আনৰ পৰা কি প্ৰত্যাশা কৰিছে, তাক লৈ ভালকৈ চিন্তা কৰক। চূড়ান্ত অৱস্থাত এয়া আপোনাৰ বাবে সহায়কাৰী প্ৰমাণিত হব। আপুনি মানসিক শান্তি পাব। আৰু বিত্তীয় লাভো অৰ্জন কৰিব। আপোনাৰ কৰ্মস্থলীত কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হব। আপুনি আপোনাৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন ঘটাব লাগিব। আপুনি আপোনাৰ পত্নী বা স্বামীৰ লগত সুন্দৰ সম্পৰ্ক ধৰি ৰাখিব। আপুনি পাৰিবাৰিক কথাটো ভাগ লব। আপুনিয়েই আপোনাৰ সময় ভালদৰে ব্যৱস্থাপনা কৰিব লাগিব। আপুনি কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ক লগ পাব, যি আপোনাক লগ পাই অতি সুখী হব। আপোনাৰ ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণ লাভদায়ক হব। আপুনি নতুন বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব আৰু কোনো নতুন কথা শিকিব বিচাৰিব।

মিথুন: (২২ মে' – ২১ জুন)

এই দিনবোৰ আপুনি অতি আনন্দ, আৰাম আৰু উত্সাহ-উদ্দীপনাৰ মাজত পাৰ কৰিব। দীৰ্ঘ সময়ৰ পাছত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ লগত অনেক সময় পাৰ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে বনভোজ, পুনৰুজ্জীৱিতকৰণ কাৰ্যসূচী বা দীৰ্ঘ ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গক অগ্ৰাধিকাৰ দিব আৰু কিছুমান গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকৰ লগত আলোচনা কৰিব। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত ঘনিষ্ঠ সম্পৰ্ক ৰাখিব। আপোনাৰ ভ্ৰাতৃ-ভগ্নীয়ে আপোনাক সকাহ দিব। আপুনি সহকৰ্মী আৰু জ্যেষ্ঠকৰ্মীৰ লগতো ভাল সম্পৰ্ক ৰাখিব। তেওঁলোকে আপোনাক অনেক সহায় কৰিব। আপুনি বিত্তীয় দিশত শক্তিশালী হৈ থাকিব। প্ৰত্যেকেই আপোনাক সন্মান জনাব। সময় আপোনাৰ অনুকূলে থাকিব। আপুনি কাৰোবাক ঋণ হিচাপে ধাৰে দিয়া টকা উভতাই দিব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পাব। আপুনি আপোনাৰ শত্ৰুক বশ কৰিবলৈ সক্ষম হব আৰু আপোনাৰ স্বাস্থ্য অটুট থাকিব।

কৰ্কট : (২২ জুন- ২২ জুলাই)

এই সপ্তাহত আপোনাৰ ক্ষেত্ৰত বহু ভাল ঘটনা সংঘটিত হব। আপুনি আপোনাৰ ব্যৱসায় বা কৰ্মত লাভ অৰ্জন কৰিব। আপুনি আপোনাৰ কৰ্ম-ক্ষেত্ৰত জনপ্ৰিয় হৈ থাকিব। আপুনি ধনৰ লাভ অৰ্জন কৰিব। আপুনি ভাল কামত ব্যস্ত থাকিব। আপোনাৰ আত্মবিশ্বাস উচ্চ হৈ থাকিব। আপুনি এটা নতুন ঘৰ বা গাড়ী কিনাৰ পৰিকল্পনা কৰিব। আপুনি আপোনাৰ ঘৰৰ বাবেও কিছু নতুন সামগ্ৰী ক্ৰয় কৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ বৃহত সম্প্ৰসাৰণ কথা চিন্তা কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি চলিব। বস্তুৰ প্ৰাচুৰ্যই আপোনালৈ সুখ কঢ়িয়াই আনিব আৰু আপোনাক সুৰক্ষিত অনুভৱ কৰাব। আপোনাৰ জীৱনসংগী আপোনাৰ শক্তিৰ উত্স হৈ থাকিব। আপুনি আমোদ-প্ৰমোদ আৰু মনোৰঞ্জনমূলক কাম-কাজত অধিকাংশ সময় ব্যয় কৰিব। এই সময়ছোৱাত আপোনাৰ জীৱনলৈ পৰিৱৰ্তন আহিব আৰু আপোনাৰ বদলি হব পাৰে।

সিংহ: (২৩ জুলাই – ২৩ আগষ্ট)

গতানুগতিকতাতকৈ আপুনি অধিক উজ্জীৱিত অনুভৱ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতে সুখী আৰু আনন্দিত হৈ থাকিব। পাৰিবাৰিক সম্পৰ্কত প্ৰচুৰ মৰম—স্নেহ, উষ্মতা আৰু পৰস্পৰৰ প্ৰতি সন্মান বৰ্তি থাকিব। আপুনি কোনো আকাংক্ষিত অনুষ্ঠানৰ বাবে প্ৰস্তুতি চলাব। অনুকূল স্থানত নিয়োজিত হোৱাৰ বাবে আপোনালৈ ধনৰ প্ৰচুৰ আগমন ঘটিব। আপুনি চাকৰি বা কৰ্মত ওপৰলৈ উঠাৰ বহু সুযোগ পাব। আপুনি হঠাতে কোনো অপৰিচিত ব্যক্তিৰ প্ৰেমত পৰিব পাৰে। আপুনি দৈনদ্দিন কাম-কাজত সময়-সূচী মানি চলিব। আপুনি মানসিক শান্তি অনুভৱ কৰিব। আপুনি সন্মুখীন হোৱা সমস্যা-অশান্তি দূৰ হব। আপোনাৰ শত্ৰুৱে চেষ্টা চলায়ো সফল নহব। সময় আপোনাৰ বাবে লাভজনক হব। আপুনি ইতিবাচক ফলাফল পাব।

কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)

প্ৰত্যেকৰে সন্মুখত আপোনাৰ ব্যক্তিত্ব আকস্মিকভাবে উদ্ভাসিত হব। আপোনাৰ আকস্মিক পৰিৱৰ্তনে মানুহক চমক দিব। প্ৰতিজন ব্যক্তিৰ সন্মুখত আপোনাৰ শক্তি-সামৰ্থ উদ্ভাসিত হব। আপোনাৰ দক্ষতাৰ দ্বাৰা মানুহ সম্পূৰ্ণৰূপে মুগ্ধ হব। আপুনি অনেক লোকৰ লগত বন্ধুত্ব গঢ়িব। আপুনি আপোনাৰ কৰ্মতো উন্নতি সাধনৰ সুযোগ পাব। আপোনাৰ বিত্তীয় অৱস্থা ভাল। আপুনি আপোনাৰ গৃহ মেৰামতিৰ কাম হাতত লব। আপোনাৰ হাতত প্ৰচুৰ টকা-পইচা থাকিব। কাৰোবাৰ সৈতে থকা আপোনাৰ কাজিয়াৰ অন্ত পৰিব। আপোনাৰ ভ্ৰাতৃভগ্নীসকলৰ মাজত মৰম-স্নেহ বৃদ্ধি পাব। আপোনাৰ পাৰদৰ্শিতাক লৈ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী সুখী হব। আপুনি কোনো পুৰণি চিনাকি ব্যক্তি, নতুন বন্ধু আৰু প্ৰিয়জনক গল পাব, যিয়ে আপোনাৰ অন্তৰত সুকানুভূতিৰ সৃষ্টি কৰিব।

তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)

আপুনি আপোনাৰ কামৰ সৈতে ব্যস্ত থাকিব। আপুনি আপোনাৰ সৈতে মনৰ মিল থকা মানুহক লগ পাব। আপুনি আপোনাৰ সৈতে একে চিন্তা-ধাৰাৰ আৰু আদৰ্শৰ মানুহৰ সহযোগী হব। আপোনাৰ ওপৰত কামৰ বোজা বৃদ্ধি পাব। আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীয়ে আপোনাৰ প্ৰতি পূৰ্ণ সহযোগিতা আগবঢ়াব। আপুনি আপোনাৰ স্বামী বা পত্নীৰ লগত আবেগ-অনুভূতি ভাগ-বাটোৱাৰা কৰিব। আপোনালোকৰ সম্পৰ্ক পূৰ্ণাংগ হব। আপুনি আপোনাৰ পৰিয়ালৰ বয়স্কজনৰো যতন লব। আৰু আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ কাম-কাজৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰিব। ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত কঠোৰ পৰিশ্ৰম কৰিব আৰু ভাল ফলাফল পাব। আপুনি অধিক নীতি-নিষ্ঠ হব আৰু বৈচিত্ৰ্যপূৰ্ণ দৃষ্টিভংগী গ্ৰহণ কৰিব। আপোনাৰ আশংকা-উদ্বিগ্নতা দূৰ হব। আপোনাৰ স্বাস্থ্য ভালে থাকিব আৰু আপুনি মানসিক শান্তিত থাকিব। কোনো পুৰণি সমস্যাৰ আপুনি সমাধান বিচাৰি পাব। আপুনি কাৰোবাক ধাৰে দিয়া পইচা ঘূৰাই পাব। কৰ্মৰ ক্ষেত্ৰত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব। আপোনাৰ ধন বিলাসিতাৰ দৰে কাম আৰু চৌখিন সামগ্ৰীত ব্যয় হব।

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

এই সময়ছোৱা আপোনাৰ বাবে পৰিৱৰ্তন হোৱাৰ সময়। আপুনি ব্যৱসায় বা বৃত্তিত অতি সৰু কথাও গুৰুত্বসহকাৰে লব। ব্যৱসায় সংক্ৰান্তীয় ভ্ৰমণে আপোনাক ব্যস্ত কৰি ৰাখিব। আপুনি আপোনাৰ খাদ্যাভ্যাস আৰু দৈনন্দিন কৰ্ম-তালিকা সংগঠিত ৰপত ৰাখিব। অন্যথা আপুনি কিঞ্চিত দুৰ্ভোগ ভুগিবলগীয়া হব পাৰে। আপুনি ক'ৰবাৰ পৰা ধন পাব। আপুনি শান্তিপূৰ্ণভাবে কামো সম্পূৰ্ণ কৰিব। উচ্চ পদবীৰ কোনো ব্যক্তিৰ লগত আপুনি তৰ্ক-বিতৰ্ক কৰিব পাৰে। ইয়ে আপোনাক হতাশ কৰিব পাৰে আৰু আপোনাৰ মনৰ উদ্যমৰ ক্ষতি কৰিব পাৰে। আপুনি প্ৰেম-ৰোমান্সৰ প্ৰতি আকৰ্ষিত হব। প্ৰয়োজনত আপুনি ঘৰৰ বাবে কিছু নতুন সামগ্ৰী ক্ৰয় কৰিব। আপোনাৰ বিত্তীয় অৱস্থা ভাল হোৱাৰ বাবে আপুনি ভৱিষ্যতৰ প্ৰকল্পক গুৰুত্বসহকাৰে চূড়ান্ত ৰূপ দিব। আপোনাৰ মন উত্সাহ-উদ্দীপনাৰে ভৰি থাকিব। আপুনি এটা ভাললগা বাৰ্তাও পাব। আপোনাৰ শত্ৰু সক্ৰিয় আৰু শক্তিশালী হব, কিন্তু আপোনাৰ ক্ষতি কৰিবলৈ সক্ষম নহব।

ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)

আপুনি কৰ্ৰ ক্ষেত্ৰত কটোৰ পৰিশ্ৰম কৰিব, কিন্তু ফলাফল সন্তোষজনক নহব। আপুনি কিছু জিৰণী লোৱাৰ প্ৰয়োজন হব পাৰে আৰু কথা-বতৰাবোৰ সহজকৈ লওক। বিত্তীয় দিশ আৰু টকা-পইচাক লৈ আপুনি দুঃশ্চিন্তাত পৰিব পাৰে। আৰু আপুনি কিছু সংগ্ৰাম কৰিব লাগিব। আপুনি সমস্যাৰ মাজতে সমাধান বিচাৰি পাব। ক্ৰমান্বয়ে আপুনি কামত লাভ অৰ্জন কৰিব। এই সময় হৈছে আপুনি আপোনাৰ জ্যেষ্ঠকৰ্মীৰ পৰা পুনৰ আস্থা অৰ্জনৰ সময়। আপুনি আপোনাৰ স্বামী বা পত্নীৰ লগত সদভাব ধৰি ৰাখিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ লগতো অনেক সময় পাৰ কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰতি উত্সৰ্গীকৃত হৈ থাকিব আৰু দায়িত্ব লবলৈ ভয় নকৰিব। লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপুনি বুদ্ধিমান। আপুনি সকলো সুযোগ আপোনাৰ বিত্তীয় দৃষ্টিকোণৰ পৰা গ্ৰহণ কৰিব। আপোনাৰ বুদ্ধিমত্তাৰ দ্বাৰা সকলো লোক মুগ্ধ হব। সময় আপোনাৰ বাবে অনুকূল আৰু ইয়াৰ পূৰ্ণ সুযোগ আপুনি গ্ৰহণ কৰিব। আপুনি আপোনাৰ সাহস আৰু মানসিক দৃঢ়তাৰ বলত প্ৰতিটো কামেই সম্ভৱ কৰি তুলিব।

মকৰ: (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)

আপোনাৰ ৰাশিচক্ৰত গ্ৰহৰ অৱস্থানে প্ৰাচুৰ্যক সূচাইছে। কিন্তু আপুনি সাৱদান হৈ থকা উচিত আৰু অত্যতসাহী নহ'ব। আপুনি মৰ্যাদা উন্নত হ'ব। আপুনি আকস্মিকভাবে বিত্তীয় লাভ অৰ্জন কৰিব। আপোনাৰ ব্যয়ো বৃদ্ধি পাব। আপুনি মাথোঁ কথা-বতৰাবোৰ নিজৰ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন। আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে। আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ লগত সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক বৰ্তাই ৰাখিব বুলি আশা কৰা যায়। আপোনাৰ আয় ভাল হ'ব । আপোনাৰ ভাগ্য আৰু পৰিস্থিতিৰ ক্ষেত্ৰত বিস্ময়কৰ পৰিৱৰ্তন সাধন হ'ব। আপুনি কোনো পৰিচিত ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰে, যিয়ে আপোনাৰ জীৱনলৈ উষ্মতা আনিব আৰু সম্পৰ্ক পৰিপূৰ্ণ কৰি তুলিব। আপুনি পৰিয়ালৰ সমস্যা সমাধান কৰিব। আপুনি কিছু সময় ধৰি ভোগ কৰি থকা দুঃশ্চিন্তাৰ পৰা মুক্তি পাব। ক''বাত আবদ্ধ হৈ থকা ধন আপুনি লাভ কৰিব।

কুম্ভ : (২১ জানুৱাৰী- ১৮ ফেব্ৰুৱাৰী)

আপোনাৰ জীৱনত পৰিৱৰ্তন সাধন হ'ব। আপুনি চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে। হঠাতে আপুনি বিয়াৰ প্ৰস্তাৱ পাব। সন্তানৰ বাবে তথা আনুসংগিক দিশত আপোনাৰ ব্যয় বৃদ্ধি পাব। স্বামী-স্ত্ৰীৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হব পাৰে। অৱশ্যে এই বুজাবুজি সময়তে দূৰ হব। আপুনি আপোনাৰ পিতৃ-মাতৃ, জ্যেষ্ঠজন আদিৰ পৰা আশীৰ্বাদো লাভ কৰিব। নতুন ব্যক্তিৰ সৈতে আপোনাৰ চা-চিনাকি ঘটিব আৰু নতুন যোগাযোগ স্থাপন হব। আপুনি আপোনাৰ স্বামী বা পত্নীৰ সৈতে ভাল বান্ধোনত থাকিব। আপোনাৰ আয় বৃদ্ধি পাব। আপুনি আপোনাৰ সৃষ্টিশীলতা অক্ষুন্ন ৰাখিব আৰু সৃষ্টিশীল হৈ থাকিব। আপুনি নতুন ব্যক্তিৰ লগত যোগাযোগ স্থাপন কৰিব আৰু পুৰণি চিনাকি ব্যক্তিসসকলৰ লগত সম্পৰ্ক উন্নত কৰিব। চৰকাৰৰ সৈতে জড়িত কাম-কাজ সম্পন্ন হৈ উঠিব। আপুনি আপোনাৰ মাজত নতুন উদ্যম অনুভৱ কৰিব। আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যত পৰিকল্পনা কৰিব।

মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)

আপোনাৰ বাবে আগন্তুক সপ্তাহ বিস্ময়কৰ সপ্তাহ। আপুনি আপোনাৰ স্বামী বা পত্নীৰ পৰা সহয়োগ পাব। আপুনি বিবাহৰ প্ৰস্তাৱো পাব। আপুনি কোনো উত্সৱ-পাৰ্বন আয়োজনতো ব্যস্ত থাকিব। আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী আৰু সুস্থিৰ। আপুনি ঠাইতে ধন ব্যয় কৰিবলগীয়া হব। কিন্তু ইয়াকে লৈ উদ্বিগ্ন নহব, কাৰণ আপুনি নিজৰ ভালৰ কাৰণে ধন ব্যয় কৰিব আৰু প্ৰত্যাহ্বানজনক হব। আপুনি বহু ক্ষেত্ৰ যেনে প্ৰেম-ৰোমান্স আৰু বৃত্তিৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। আপুনি এই সময়ছোৱাত অনেক উদ্যম-শক্তি অনুভৱ কৰিব। আপোনাৰ সন্তানে অধ্যয়নত কঠোৰ পৰিস্ৰম কৰিব আৰু সন্তানৰ কাম-কাজক লৈ আপুনি গৰ্ব অনুভৱ কৰিব। এই সময়ছোৱা আপোনাৰ বাবে প্ৰেম আৰু ৰোমান্সৰ সময়। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সুন্দৰ বান্ধোনত থাকিব। আপুনি অতিৰিক্ত আয় কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ ঘনিষ্ঠ হৈ উঠিব। আপুনি আপোনাৰ গুৰুৰ প্ৰতি উতসৰ্গীকৃত হৈ থাকিব। আপোনাৰ সামৰ্থ্যত মানুহে বিশ্বাস আৰু আস্থা ৰাখিব। আপুনি তেওঁলোকক হতাশ নকৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com