Begin typing your search above and press return to search.

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ (AAI)-ৰ মেডিকেল কনছালটেণ্ট নিযুক্তি

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ (AAI)-ই মেডিকলে কনছালটেম্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে. ।

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ (AAI)-ৰ মেডিকেল কনছালটেণ্ট নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Feb 2022 10:43 AM GMT


ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণ(এ এ আই)-ৰ বিষয়েঃ

ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণ হৈছে দেশৰ এটা প্ৰথম শ্ৰেণীৰ মিনিৰত্ন প্ৰতিষ্ঠান। এ এ আইৰ মালিকীস্বত্ব ভাৰত চৰকাৰৰ ্সামৰিক বিমান পৰিবহণ মন্ত্ৰীলয়ৰ হাতত আছে। ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষই ভাৰতত অসামৰিক বিমান পৰিবহণৰ আন্ত-গাঁথনিৰ সৃষ্টি, উন্নতকৰণ, চোৱাচিতা কৰা আদি কাম কৰিব লাগে। ভাৰতীয় াকাশমাৰ্গত এ এ আয়ে যোগাযোগ নেভিগেচন নিৰীক্ষণ, এয়াৰ ট্ৰেফিক মেনেজমেণ্টৰ য়োগান ধৰে। বৰ্তমানে এ এ আয়ে ৩৪ টা আন্তৰ্জাতিক বিমানকোঠকে ধৰি মুঠ ১৩৭ টা বিমানকোঠ পৰিচালনা কৰি আছে। আন বিমানকোঠসমূহৰ মাজত ১০ টা কাষ্টম এয়াৰপোৰ্ট,, ৮১ টা দেশৰ ভিতৰত বিমান চলাচল কৰা বিমানকোঠ আৰু ২৩ টা চিভিল এনক্লেভ আছে।

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ (AAI)-ই মেডিকেল কনছালটেণ্ট নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাব। আগ্ৰহীী প্ৰাৰ্থীসকলে আবেদন গৰ্হণৰ শেষ তাৰিখৰ ভিতৰত আবেদন জনাব পাৰে।

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ (AAI)-ৰ নিযুক্তি-২০২২ঃ

ভাৰতীয় বিমানকোঠ কৰ্তৃপক্ষ (AAI)-ই মেডিকলে কনছালটেম্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে. । এই পদৰ বাবে প্ৰয়োজনীয় শি৭াগত অৰ্হতা, বয়সৰ সীমা. দৰমহা আদিৰ তথ্য তলত পাবঃ


এই পদসমূহৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ



পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

মেডিকেল কনছালটেণ্ট।

পদৰ সংখ্যা

১ টা।

দৰমহা

প্ৰতিদিনৰ ৬ ঘণ্টা কৰ্তব্যৰ বাবদ ৩ হেজাৰ টকাকৈ।

বয়সৰ সীমা


৪০-৬৫ বছৰ।

নিযুক্তিৰ স্থান

কলকাতা।

অন্তিম তাৰিখ

২৮ ফেব্ৰুৱাৰী, ২০২২।

আবেদনৰ মাচুল

তথ্য উপলব্ধ নহয়।

শিক্ষাগত অৰ্হতাঃ

স্বীকতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা এম বি বি এছ ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি চৰকাৰী বা প্ৰতিষ্ঠিত ব্যক্তিগত হাস্পতালত কাম কৰাৰ ন্যূনতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

আবেদনৰ নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২৮ ফেব্ৰুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ aai.aero -ৰ পৰা আবেদন জনাব পাৰিব।


সাক্ষাতকাৰৰ ভিত্তিত প্ৰাৰ্তী বাছনি কৰা হব।


আৰু চাব পাৰে : শ্বিলং কমাৰ্চ কলেজ নিযুক্তি ২০২২: সহকাৰী অধ্যাপকৰ খালী পদ



Next Story
চাকৰি