Begin typing your search above and press return to search.

অভিনেতা মনোজ বাজপেয়ীৰ পিতৃৰ বিয়োগঃ বন্ধুবৰ্গ-অনুৰাগীয়ে জনালে সমবেদনা

কেৰালাত নিজৰ পৰবৰ্তী প্ৰকল্পৰ চিত্ৰগ্ৰহণত ব্যস্ত অভিনেতাগৰাকী পিতৃৰ অন্তিম সময়ত তেওঁৰ কাষত থাকিবলৈ দিল্লীলৈ উৰা মাৰে।

অভিনেতা মনোজ বাজপেয়ীৰ পিতৃৰ বিয়োগঃ বন্ধুবৰ্গ-অনুৰাগীয়ে জনালে সমবেদনা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 Oct 2021 8:40 AM GMT




দেওবাৰে পুৱা ইহলীলা সম্বৰণ কৰে ৰাষ্ট্ৰীয় পদকেৰে সন্মানিত অভিনেতা মনোজ বাজপেয়ীৰ পিতৃ আৰ. কে. বাজপেয়ীয়ে। মৃত্য়ৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ।

এই শোকাকুল পৰিস্থিতিৰ সৈতে যুঁজি থকাৰ অৱস্থাত অনুৰাগী, পৰিয়াল আৰু বন্ধুবৰ্গই বিভিন্ন সমবেদনা ভৰা সংবাদেৰে উপচাই পেলাইছে প্ৰিয় অভিনেতা গৰাকীক। এনে এক কঠিন পৰিস্থিতিত সকলোৰে প্ৰচেষ্টা অভিনেতাগৰাকীৰ মন সাহস আৰু মৰমৰ ভৰাই তোলে। আৰু এই মৰমৰ প্ৰত্যুত্তৰত অভিনেতা গৰাকীয়ে আজি পুৱা টুইটাৰযোগে তেওঁক সাহস যোগোৱা প্ৰতিজন ব্যক্তিলৈ আন্তৰিকতাপূৰ্ণ ধন্যবাদ জ্ঞাপন কৰিছে।

অভিনেতাগৰাকীয়ে লিখিছে, "জীৱনৰ সকলো সময়তে সাহস যুগুটোৱা মোৰ পিতৃৰ পৰা চিৰবিদায় পোৱাৰ সময়ত আপোনালোকে পঠোৱা মৰম আৰু প্ৰাৰ্থনা পাই অভিভূত হৈছোঁ"।

খবৰ অনুসৰি যোৱা কিছু দিনৰ পৰা স্বাস্থ্যৰ অৱনতি ঘটে অভিনেতাগৰাকীৰ পিতৃৰ। কেৰালাত নিজৰ পৰবৰ্তী প্ৰকল্পৰ চিত্ৰগ্ৰহণত ব্যস্ত অভিনেতাগৰাকী পিতৃৰ অন্তিম সময়ত তেওঁৰ কাষত থাকিবলৈ দিল্লীলৈ উৰা মাৰে।

আৰ. কে. বাজপেয়ীৰ শেষকৃত দিল্লীৰ নিগম বোধ ঘাটত সমাপন কৰা হয়।

যোৱা ছেপ্টেম্বৰত বয়স সম্বন্ধীয় কিছু ৰোগৰ হেতুকে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল বিশিষ্ট ব্যক্তি গৰাকী।


আৰু পঢ়িব পাৰেঃ

Next Story
চাকৰি