Begin typing your search above and press return to search.

এইমছ দিল্লীত এছ আৰ এফ, ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তি

এইমছ দিল্লীয়ে জ্যেষ্ঠ গৱেষণা সহায়ক আৰু ডাটা এণ্ট্ৰী অপাৰেট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে

এইমছ দিল্লীত এছ আৰ এফ, ডাটা এণ্ট্ৰী অপাৰেটৰ নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2021 10:35 AM GMT

এইমছ দিল্লীৰ বিষয়েঃ

সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান ( এইমছ দিল্লী)ক সংসদে এক আইনযোগে ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠানৰূপে স্থাপন কৰে ৷ ভাৰতত আধুনিক চিকিৎসা শিক্ষা উন্নতৰূপত প্ৰচলনৰ উদ্দেশ্য এই প্ৰতিষ্ঠান স্থাপন কৰা হয় ৷ এইমছ দিল্লীত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ চিকিৎসা শিক্ষা প্ৰদান কৰা হয় ৷

এই প্ৰতিষ্ঠানত শিক্ষণ, গৱেষণা আৰু ৰোগীৰ চিকিৎসাৰ উন্নত ব্যৱস্থা আছে ৷ এইমছ আইন অনুসৰি এই প্ৰতিষ্ঠানে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত চিকিৎসা আৰু পেৰামেডিকেল পাঠ্যক্ৰমৰ শিক্ষা আগবঢ়ায় ৷ এইমছ দিল্লীত চিকিৎসা বিজ্ঞানৰ ৪২ টা শাখাত শিক্ষাদান কৰা হয় ৷ ভাৰতত চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত এইমছে গুৰি ধৰে ৷ এইমছ দিল্লীয়ে বছৰি ছয় শতাধিক গৱেষণা পত্ৰ প্ৰকাশ কৰি আহিছে ৷

এইমছ দিল্লীত নিযুক্তি ২০২২ঃ

এইমছ দিল্লীয়ে জ্যেষ্ঠ গৱেষণা সহায়ক আৰু ডাটা এণ্ট্ৰী অপাৰেট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা আদিৰ তথ্য তলত পাবঃ

এইমছ দিল্লীৰ চাকৰিৰ বিষয়েঃ

পদ

জ্যেষ্ঠ গৱেষণা সভ্য ( এছ আৰ এফ), ডাটা এণ্ট্ৰী অপাৰেটৰ

খালী পদৰ সংখ্যা

২ টা

বয়সৰ সীমা

এছ আৰ এফঃ সৰ্বোচ্চ ৪০ বছৰ ৷

ডাটা এণ্ট্ৰী অপাৰেটৰৰ ১৮-ৰ পৰা ৪০ বছৰৰ ভিতৰত হ'ব লাগিব৷

দৰমহা

মাহিলী ১৮ হেজাৰৰ পৰা ৩৫ হেজাৰ টকা

নিযুক্তিৰ স্থান

দিল্লী-নতুন দিল্লী

আবেদন গ্ৰহণৰ শেষ তাৰিখ

২২ জানুৱাৰী, ২০২২

আবেদন মাচুল

আবেদনৰ কোনো মাচুল নাই

খালী পদঃ

পদ

খালী পদ

এছ আৰ এফ

এটা

ডাটা এণ্ট্ৰী অপাৰেটৰ

এটা

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী, এম বি বি এছ ডিগ্ৰীধাৰী হ'ব লাগিব ৷

আবেদন পত্ৰঃ আবেদন পত্ৰ শেষ তাৰিখৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব লাগিব ৷

আৰু পঢ়ক : UCO বেঙ্ক নিযুক্তি ২০২২: অনুষদ আৰু কাৰ্যালয় সহায়ক পদখালী


Next Story
চাকৰি