Begin typing your search above and press return to search.

এইমছ গুৱাহাটীত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদখালী

এই বিষয়ে তলত সবিশেষ তথ্য পাব।

এইমছ গুৱাহাটীত জ্যেষ্ঠ আৱাসিক চিকিত্সকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Nov 2021 10:17 AM GMT


এইমছ গুৱাহাটীৰ বিষয়েঃ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) হৈছে ৰাষ্ট্ৰীয় গুৰুত্ব থকা প্ৰতিষ্ঠান। এইমছ গুৱাহাটীও হৈছে এনে এখন প্ৰতিষ্ঠান।এইমছ গুৱাহাটী হৈছে মুকলি হবলগা এইমছসমূহৰ অন্যতম। এই প্ৰতিষ্ঠান কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা ( পি এম জি এছ ৱাই)-ৰ অধীনত নিৰ্মাণ কৰাই থকা এখন প্ৰতিষ্ঠান। ইয়াৰ উদ্দেশ্য হৈছে সকলোৱে বাবে সম-পৰ্যায়ৰ চিকিত্সা সেৱা মুকলি কৰা। এই প্ৰতিষ্ঠানত চিকিত্সা বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ আৰু প্ৰশিক্ষণ প্ৰদান কৰা হব।

এইমছ গুৱাহাটীয়ে জ্যেষ্ঠ আৱাসিক চিকিত্সক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

এই বিষয়ে তলত সবিশেষ তথ্য পাব।


পদৰ নাম

জ্যেষ্ঠ আৱাসিক চিকিত্সক।

বিভাগ অনুযায়ী পদঃ এনাটমীঃ ২টা, বায়োকেমেষ্ট্ৰীঃ ২টা, কমিউনিটী মেডিচিন আৰু ফেমিলী মেডিচিনঃ দুটা, ফৰেণচিক ছায়েন্সঃ ২টা, জেনেৰেল মেডিচিনঃ ১ টা, জেনেৰেল ছাৰ্জাৰীঃ ১টা, মাইক্ৰোবায়োলজীঃ ২টা, অবষ্ট্ৰেটিকছ এণ্ড গায়নোকোলজীঃ ১টা, পেথোলজীঃ ২টা আৰু ফিজিলজী দুটা,।

খালী পদৰ সংখ্যা

খালী পদৰ সংখ্যাঃ ১৯ টা।

আবেদনৰ মাচুলঃ ১০০০টকা। এছ চি-এছ টিৰ বাবে ৫০০টকা। বিশেষভাবে সক্ষমৰ ক্ষেত্ৰত নাই।

বয়স

৪৫ বছৰ।

শিক্ষাগত অৰ্হতাঃ চিকিত্সা শিক্ষাৰ স্নাতকোত্তৰ ( এম ডি /এম এছ /ডি এন বি)) হব লাগিব।

দৰমহা

মাহিলী ৬৭, ৭০০ টকাৰ লগতে অন্যান্য ভাট্টা।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ লিখিত পৰীক্ষা/সাক্ষাতকাৰ।

নিযুক্তিৰ স্থান

গুৱাহাটী, অসম






সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।


Next Story
চাকৰি