Begin typing your search above and press return to search.

কৃত্ৰিম অংগ নিৰ্মাণ নিগম ভাৰতত (ALIMCO) পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

কৃত্ৰিম অংগ নিৰ্মাণ নিগম ভাৰতত (ALIMCO) পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Oct 2021 10:17 AM GMT


কৃত্ৰিম অংগ নিৰ্মাণ নিগম ভাৰতত, প্ৰস্থেটিষ্ট আৰু অৰ্থতিষ্ট আৰু অডিঅ'লজিষ্টৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰস্থেটিষ্ট আৰু অৰ্থতিষ্ট

খালী পদৰ সংখ্যা : ১৩টা

বয়স : অধিকতম ৩৪বছৰ (০১/০১/২০২১ৰ মতে)

দৰমহা : ২৫,০০০/- টকা (নৱাগতৰ বাবে) আৰু ৩০,০০০/- টকা (নূন্যতম ১বছৰীয়া অভিজ্ঞতা ধাৰী বাবে)

পদৰ নাম : অডিঅ'লজিষ্টৰ

খালী পদৰ সংখ্যা : ১০টা

বয়স : অধিকতম ৩৪বছৰ (০১/০১/২০২১ৰ মতে)

দৰমহা : ৩৫,০০০/- টকা (নৱাগতৰ বাবে) আৰু ৪০,০০০/- টকা (নূন্যতম ১বছৰীয়া অভিজ্ঞতা ধাৰী বাবে)

নিযুক্তিৰ স্থান : ভাৰত

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৩/১১/২০২১

শিক্ষাগত অৰ্হতা :

• প্ৰস্থেটিষ্ট আৰু অৰ্থতিষ্ট :

প্ৰস্থেটিষ্ট আৰু অৰ্থতিষ্ট বিভাগত পোষ্ট গ্ৰেজুৱেট থকা প্ৰাৰ্থীক4 প্ৰাধান্য দিয়া হ'ব। RCI অধীনত থকা কেন্দ্ৰিত পুনৰ্সংস্থাপন পঞ্জীয়নৰ অধীনত পঞ্জীভূত থকাটো বাধ্যতামূলক। বিকলঙ্গো লোকৰ বাবে কৃত্ৰিম অংগ নিৰ্মাণ আৰু তাক ফিট কৰাৰ নূন্যতম ১বছৰীয়া অভিজ্ঞতা থাকিব লাগিব। স্থানীয় ভাষাৰ জ্ঞান থকা আকাংক্ষিত।

• অডিঅ'লজিষ্টৰ :

অডিঅ'লজিষ্টৰ বিভাগত পোষ্ট গ্ৰেজুৱেট থকা প্ৰাৰ্থীক4 প্ৰাধান্য দিয়া হ'ব। RCI অধীনত থকা কেন্দ্ৰিত পুনৰ্সংস্থাপন পঞ্জীয়নৰ অধীনত পঞ্জীভূত থকাটো বাধ্যতামূলক। ৰোগীৰ শ্ৰৱণ পৰীক্ষণ আৰু উপযোগী মেচিন প্ৰদান কৰাৰ নূন্যতম ১বছৰীয়া অভিজ্ঞতা থাকিব লাগিব। স্থানীয় ভাষাৰ জ্ঞান থকা আকাংক্ষিত।

আবেদন প্ৰক্ৰিয়া :

• এই দুই পদৰ ইচ্ছুক আৰু উপযোগী প্ৰাৰ্থিয়ে নিজৰ আবেদন পত্ৰ নিৰ্ধাৰিত পাঠ্য ৰূপত, প্ৰয়োজনীয় নথি পত্ৰ সহ উল্লেখিত ঠিকনা লৈ প্ৰেৰণ কৰিব লাগিব।

ঠিকনা : কৃত্ৰিম অংগ নিৰ্মাণ নিগম ভাৰতত , জি. টি. পথ, কানপুৰ - ২০৯২১৭, উত্তৰ প্ৰদেশ।

• প্ৰাৰ্থীয়ে নিজৰ এনভেলপৰ ওপৰত "বিজ্ঞাপন নং" আৰু "আবেদন কৰা পদৰ" বিষয়ে ব্যক্ত কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ।

আৰু চাব পাৰেঃ এএছ-চিএফএমএছ অসমত টীম লীডাৰ, পৰামৰ্শদাতা আৰু অন্যান্য পদখালী

Next Story
চাকৰি