Begin typing your search above and press return to search.

অল ইণ্ডিয়া ৰেডিঅ'ৰ গুৱাহাটীৰ সম্পাদনা শাখাত পদখালী

অল ইণ্ডিয়া ৰেডিঅ’ৰ গুৱাহাটীৰ সম্পাদনা শাখাত নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

অল ইণ্ডিয়া ৰেডিঅৰ গুৱাহাটীৰ সম্পাদনা শাখাত পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Aug 2020 11:58 AM GMT

পদসমূহঃ

সম্পাদক(অসমীয়া)

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ ০১-০৮-২০২০ত ২১ৰ পৰা ৫০ বছৰ।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম স্নাতক ডিগ্ৰী। তদুপৰি স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতাৰ নূন্যতম এবছৰীয়া ডিগ্ৰী বা ডিপ্ল'মা থাকিব লাগিব। অথবা সংবাদ সংগ্ৰহ বা সম্পাদনা আদি কামত নূন্যতম ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অসমীয়া ভাষাত ব্যুতপত্তি থাকিব লাগিব।

বাতৰি পৰিৱেশক তথা অনুবাদক(অসমীয়া) বা News Reader-cum-Translator। বয়সৰ সীমাঃ ০১-০৮-২০২০ত ২১ৰ পৰা ৫০ বছৰ।

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ন্যূনতম স্নাতক ডিগ্ৰী। অসমীয়া ভাষাত ব্যুতপত্তি থাকিব লাগিব। কণ্ঠ ভাল হব লাগিব।

আবেদনৰ মাচুলঃ সম্পাদক পদবীৰ ক্ষেত্ৰত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ ৩০০টকা। এছ চি-এছ টি আৰু অ' বি চি প্ৰাৰ্থীৰ ২৫০ টকা। (অ-প্ৰত্যৰ্পিত) আবেদন মাচুল এছ বি আইৰ একাউণ্ট নম্বৰ 10566983491, IFSC – SBIN0000221ত জমা দিব লাগিব আৰু Transaction ID/Counter Foil আবেদনৰ সৈতে প্ৰেৰণ কৰিব লাগিব।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা, কণ্ঠস্বৰ পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ গুৱাহাটীৰ পৌৰ নিগমৰ অধীনৰ অঞ্চলত বাস কৰা প্ৰাৰ্থীয়ে সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন পত্ৰ অহা ২০ আগষ্টৰ ভিতৰত "The RNU Head, All India Radio, Chandmari, Guwahati – 781003লৈ জমা দিব লাগিব। আবেদনৰ সৈতে শিক্ষাগত অৰ্হতা, বয়স, অভিজ্ঞতা, জাতিগত প্ৰমাণপত্ৰ আদিৰ প্ৰতিলিপি গাঁঠি দিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি