Begin typing your search above and press return to search.

অসম বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ পদখালী

উৰ্দু বিভাগত শিক্ষাদান কৰিবৰ কাৰণে ০২গৰাকী অতিথি অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

অসম বিশ্ববিদ্যালয়ত  অতিথি অধ্যাপকৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2021 9:28 AM GMT

অসমৰ শিলচৰত অৱস্থিত অসম বিশ্ববিদ্যালয় অসমৰ আগ শাৰীৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ভাৰতীয় সাংসদৰ এটি অধিনিয়মৰ অন্তৰ্গত এই অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয় ১৯৯৪চনত। NAAC ৰ দ্বাৰা B গ্ৰেড প্ৰাপ্ত এই অনুষ্ঠানত সৰ্বমুঠ ১৬টি বিষয়ত শিক্ষাদান কৰা হয়। আৰু এই ১৬টি বিষয়ৰ অধীনত থকা সৰ্বমুঠ বিভাগ হৈছে ৪২টা।

অসম বিশ্ববিদ্যালয়, শিলচৰত পদখালী :

অসম বিশ্ববিদ্যালয়, শিলচৰত, শেহতীয়া ভাৱে উৰ্দু বিভাগত শিক্ষাদান কৰিবৰ কাৰণে ০২গৰাকী অতিথি অধ্যাপকৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

অতিথি অধ্যাপক

পদৰ সংখ্যা

০২

বয়স

উল্লেখিত নাই

দৰমহা

নিয়মাৱলী অনুসৰি

পদৰ অৱস্থান

শিলচৰ, অসম

আৱেদন দাখিলৰ অন্তিম তাৰিখ

১১/১১/২০২১


শিক্ষাগত অৰ্হতা :

এই পদত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতোত্তৰ ডিগ্ৰী ধাৰী হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে ইমেইল যোগে প্ৰেৰণ কৰিব পাৰে।

ইমেইল : sanjibaus2010@gmail.com


সম্পূৰ্ণ প্ৰক্ৰিয়া :

• অফিচিয়েল ৱেবচাইট aus.ac.in খোলক

• আপুনি আবেদন দাখিল কৰিব বিচৰা পদটো বিচাৰক

• পদৰ বাবে উপলব্ধ আবেদন পত্ৰ ডাউনলোড কৰক

• আবেদন দাখিলৰ অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰিবলৈ নাপাহৰিব

• শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক

• প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আবেদন পত্ৰ জমা কৰক

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ :

• আবেদনৰ আৰম্ভণি - ০২/১১/২০২১

• আবেদনৰ জমা কৰা অন্তিম তাৰিখ - ১১/১১/২০২১।


আৰু চাব পাৰেঃ নতুন ছবিৰ বাবে বাংলাদেশী তাৰকা হিৰো আলমৰ সৈতে সহযোগ কৰিব ৰাণু মণ্ডলে

Next Story
চাকৰি