Begin typing your search above and press return to search.

কেন্দ্ৰীয় বিদ্যালয়, মালিগাঁৱত স্নাতকোত্তৰ শিক্ষকৰ পদ খালী

গিৰ্মিটিয়া ভাৱে ২০২১-২২ বৰ্ষৰ বাবে বিভিন্ন বিষয়ত পি. জি. টি. শিক্ষকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

কেন্দ্ৰীয় বিদ্যালয়, মালিগাঁৱত স্নাতকোত্তৰ  শিক্ষকৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Nov 2021 9:38 AM GMT

মালিগাঁৱত অৱস্থিত কেন্দ্ৰীয় বিদ্যালয় এন.এফ. আৰ. এখন উচ্চ মাধ্যমিক বিদ্যালয়। চেণ্ট্ৰেল বৰ্ড অফ চেকেণ্ডেৰী এডুকেশ্বনৰ (CBSE) অধীনত বিদ্যালয় খনৰ স্থাপনা কৰা হৈছিল ১৯৭৯চনত। এই বিদ্যালয় খনত কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল যেনে ৰেলৱে, সশস্ত্ৰ বাহিনী আদিৰ শিশু সকলক শিক্ষা প্ৰদান কৰা হয়। এই বিদ্যালয় পৰিচালিত কৰা হয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু ভাৰত চৰকাৰে মিলিত ভাৱে গাঁথনি কৰা এক স্বায়ত্ত্ব পৰিষদে।

কেন্দ্ৰীয় বিদ্যালয় এন.এফ. আৰ. মালিগাঁৱত পদখালী :

কেন্দ্ৰীয় বিদ্যালয় এন.এফ. আৰ. মালিগাওঁত, উপযুক্ত প্ৰাৰ্থী সকলক গিৰ্মিটিয়া ভাৱে ২০২১-২২ বৰ্ষৰ বাবে বিভিন্ন বিষয়ত পি. জি. টি. শিক্ষকৰ, খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।


পদৰ নাম

শিক্ষক (PGT ৰাজনীতি বিজ্ঞান)

খালী পদৰ সংখ্যা

০১

দৰমহা

উল্লেখ নাই

বয়স

উল্লেখ নাই

পদৰ নাম

শিক্ষক (PGT ৰসায়ন বিজ্ঞান)

খালী পদৰ সংখ্যা

০১

দৰমহা

উল্লেখিত নাই

বয়স

উল্লেখিত নাই

নিযুক্তিৰ স্থান

গুৱাহাটী

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ

০৮ নৱেম্বৰ ২০২১


অৰ্হতা:

পদৰ নাম

অৰ্হতা

PGT ৰাজনীতি বিজ্ঞান

# এন.চি. ই.আৰ.টি.ৰ আঞ্চলিক শিক্ষা মহাবিদ্যায়ৰ পৰা নিদিষ্ট বিষয়ত ২বছৰীয়া সংশ্লিষ্ট পোষ্ট গ্ৰেজুৱেট MA ডিগ্ৰী বা চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত ৫০% নম্বৰ সহ মষ্টাৰ্ছ ডিগ্ৰী।

# স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B. Ed বা সমান্তৰাল ডিগ্ৰী।

# ইংৰাজী আৰু হিন্দী মাধ্যমত শিক্ষকতাৰ অৰ্হতা।

আকাংক্ষিত : কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান।

PGT ৰসায়ন বিজ্ঞান

# এন.চি. ই.আৰ.টি.ৰ আঞ্চলিক শিক্ষা মহাবিদ্যায়ৰ পৰা নিদিষ্ট বিষয়ত ২বছৰীয়া সংশ্লিষ্ট পোষ্ট গ্ৰেজুৱেট M. Sc ডিগ্ৰী বা চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ন বিজ্ঞান/ জৈৱ ৰসায়ন বিজ্ঞান বিষয়ত ৫০% নম্বৰ সহ মষ্টাৰ্ছ ডিগ্ৰী।

# স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা B. Ed বা সমান্তৰাল ডিগ্ৰী।

# ইংৰাজী আৰু হিন্দী মাধ্যমত শিক্ষকতাৰ অৰ্হতা।

আকাংক্ষিত : কম্পিউটাৰ এপ্লিকেচনৰ জ্ঞান


আবেদন প্ৰক্ৰিয়া :

# এই পদৰ ইচ্ছুক প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট যোগে উপলব্ধ https://maligaon.kvs.ac.in/ আৱেদন সহ প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে সাক্ষাৎকাৰৰ বাবে উপস্থিত হ'ব লাগিব।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ০৮ নৱেম্বৰ ২০২১

সময় : পুৱা ০৯বজাৰ পৰা

স্থান : কেন্দ্ৰীয় বিদ্যালয় এন.এফ. আৰ. মালিগাঁও, গুৱাহাটী, ৭৮১০১১।


আৰু চাব পাৰেঃ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান,যোৰহাটত টেকনিচিয়ানৰ পদখালী



Next Story
চাকৰি