অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ চাকৰিৰ আবেদন আহ্বান
Published on

অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগে বন বিভাগৰ সহকাৰী সংৰক্ষকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে । ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : প্ৰবন্ধক : বন বিভাগৰ সহকাৰী সংৰক্ষক

খালী পদৰ সংখ্যা : ০৪টা

বয়স : ১৮ - ৩২বছৰ

দৰমহা : উল্লেখ  নাই। 

নিযুক্তিৰ স্থান : ইটানগৰ, অৰুণাচল প্ৰদেশ

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ০৫/১১/২০২১

আবেদনৰ মাছুল : ১৫০/- টকা

অৰ্হতা :

অৰুণাচল প্ৰদেশ ৰাজ্যিক সেৱা আয়োগত, বন বিভাগৰ সহকাৰী সংৰক্ষকৰ খালী পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী কোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা অনুষ্ঠানত পৰা উল্লেখিত কোনো এক বিষয়ত বিজ্ঞান বিভাগত স্নাতকোত্তৰ উত্তীৰ্ণ হ'ব লাগিব : কৃষি, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান, প্ৰাণীবিজ্ঞান, বন বিজ্ঞান, ভূ-বিজ্ঞান, উদ্যানবিদ্যা, অভিযান্ত্ৰিক (কৃষি/ ৰসায়ন/ চিভিল/ ইলেকট্ৰিকেল/ ইলেকট্ৰনিক্স/ যান্ত্ৰিক) কম্পিউটাৰ বিজ্ঞান প্ৰয়োগ, পৰিবেশ বিজ্ঞান, পশু বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক।

আবেদন প্ৰক্ৰিয়া :

• প্ৰাৰ্থীয়ে সকলে নিজৰ আবেদন পত্ৰ অনলাইন যোগে অৰুণাচল প্ৰদেশ ৰাজ্যিক সেৱা আয়োগ অফিচিয়েল ৱেবচাইট যোগে, নিজৰ পাছপৰ্ট ফটো আৰু স্বাক্ষৰৰ সৈতে আপলোড কৰিব লাগিব।

• প্ৰাৰ্থীয়ে আবেদন জমা কৰাৰ সময়ত ১৫০/- টকাৰ মাছুল পৰিশোধ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া : লিখিত পৰীক্ষা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com