অসম লোকসেৱা আয়োগৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

অসম লোকসেৱা আয়োগে কনিষ্ঠ প্ৰশাসনিক সহায়কৰ ১৩ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম লোকসেৱা আয়োগৰ কনিষ্ঠ প্ৰশাসনিক সহায়ক নিযুক্তি

অসম লোকসেৱা আয়োগৰ বিষয়েঃ 

১৯৩৭ৰ ১ এপ্ৰিলত অসম লোকসেৱা আয়োগ (APSC) প্ৰতিষ্ঠা কৰা হয়। এ পি এছ চিয়ে অসমৰ অসামৰিক সোৱাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে। APSC-ৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ খানাপাৰৰ জৱাহৰনগৰত অৱস্থিত। এই আয়োগৰ নিজা সচিবালয় আছে। বৰ্তমানে এ পি এছ চিৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰি আছে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ৰাজীৱ কুমাৰ বৰাই।  

অসম লোকসেৱা আয়োগে কনিষ্ঠ প্ৰশাসনিক সহায়কৰ ১৩ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। আবেদন গ্ৰহণৰ শেষ তাৰিখৰ ভিতৰত আগ্ৰহী প্ৰাৰ্থীসকলে আবেদন জনাব পাৰে।  এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণ চাব পাৰে:

পদৰ নাম

কনিষ্ঠ প্ৰশাসনিক সহায়ক। 

খালী পদৰ সংখ্যা 

১৩টা [ ইয়াৰে ৪ টা অ-সংৰক্ষিত, ও বি চি  /এম ও বি চিৰ ২টা, এছ চি  : ১টা, এছ টি (ভৈয়াম)-ৰ ৩টা,  এছ টি (পাহাৰীয়া)ৰ ১টা, আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ ২ টা। 

দৰমহা 

মাহিলা ১৪ হেজাৰ টকাৰ পৰা ৬০, ৫০০টকা। লগতে ৮,৭০০ টকাৰ গ্ৰেড পে। 

চাকৰিৰ স্থান

অসমৰ সকলো চিকিসত্সা মহাবিদ্যালয় আৰু হাস্পতালত।  

আবেদন গ্ৰহণৰ শেষ তাৰিখ

৩০-০১-২০২২। 

আবেদন গ্ৰহণৰ আৰম্ভণীৰ তাৰিখ

০৩ৃ০১-২০২২। 

বয়সৰ সীমা 

০১ /০১/২০২২ত ১৮ বছৰতকৈ কম আৰু ৪০ বছৰতকৈ অধিক হব নালাগিব। অৱশ্য এছ চি- এছ টি প্ৰাৰ্থীয়ে ৪৫ বছৰলৈ, ও বি চি প্ৰাৰ্থীয়ে ৪৩ বছৰলৈ বয়স ৰেহাই পাব। 

আবেদনৰ মাচুল

সাধাৰণ শ্ৰেণী /আৰ্থিকভাবে পিছ পৰা শ্ৰেণীৰ ৩৫.৪০ টকা,  এছ চি  /এছ টি /অ বি চি  /এম ও বি চি ৩৫.৪০ টকা, দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰাৰ্থীৰ ৩৫.৪০ টকা। 

শিক্ষাগত অৰ্হতা : 

প্ৰাৰ্থী বিজ্ঞান বা কলা অথবা বাণিজ্যৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। তদুপৰি কম্পিউটাৰ এপ্লিকেচনৰ ন্যূনতম ৬ মাহৰ ডিপ্লোমা থাকিব লাগিব। MS-Office Word, Excel, Powerpoint, Access, Internet etc.আদি জানিব লাগিব। 


কেনেদৰে আবেদন জনাব পাৰেঃ 

প্ৰাৰ্থীসকলে  http://apsc.nic.in-ৰ পৰা আবেদন জনাব পাৰে। 

অনলাইন আবেদন গ্ৰহণৰ আৰম্ভণিৰ তাৰিখঃ ০৩-০১-২০২২।

অনলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০১-২০২২। 

আবেদনৰ মাচুলঃ

সাধাৰণ শ্ৰেণী /আৰ্থিকভাবে পিছ পৰা শ্ৰেণীৰ ৩৫.৪০ টকা, এছ চি /এছ টি /অ বি চি /এম ও বি চি ৩৫.৪০ টকা, দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰাৰ্থীৰ ৩৫.৪০ টকা। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com