Begin typing your search above and press return to search.

অসম লোকসেৱা আয়োগৰ ষ্টেনোগ্ৰাফাৰ আৰু জিলা ক্ৰীড়া বিষয়া নিযুক্তি

অসম লোকসেৱা আয়োগে ষ্টেনোগ্ৰাফাৰ আৰু জিলা ক্ৰীড়া বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম লোকসেৱা আয়োগৰ ষ্টেনোগ্ৰাফাৰ আৰু জিলা ক্ৰীড়া বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jan 2022 10:03 AM GMT


অসম লোকসেৱা আয়োগৰ বিষয়েঃ

অসম লোকসেৱা আয়োগ হৈছে অসমৰ বাবে অসামৰিক সেৱাৰ বিষয়া নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ কৰ্তৃত্বপ্ৰাপ্ত ৰাজ্যিক নিযুক্তি সংস্থা। গুৱাহাটীৰ খানাপাৰাৰ জৱাহৰনগৰত এ পি এছ চিৰ কাৰ্য়ালয় অৱস্থিত। ১৯৩৭-ৰ ১ এপ্ৰিলত এ পি এছ চি প্ৰতিষ্ঠা কৰা হয়। এই আয়োগৰ বৰ্তমানৰ অধ্যক্ষ হৈছে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া ৰাজীৱ কুমাৰ বৰা। ভাৰত স্বাধীন হোৱাৰ পাছত অসম ৰাজ্যপালে ভাৰতীয় সংবিধানৰ ৩১৮ অনুচ্ছেদ অনুসৰি এ পি এছ চিৰ নীতি-নিযমাৱলী প্ৰস্তুত কৰে। এই নীতি-নিয়মাৱলীসমূহ ১৯৬১-ৰ ১ ছেপ্টেম্বৰৰ পৰা বলবত হয়। তদুপৰি উক্ত বছৰৰ পৰা অসম লোকসেৱা আয়োগ (কাৰ্য নিয়ন্ত্ৰণ)) বিধিও প্ৰযোজ্য হয়। এই বিধি দেশৰ সংবিধানৰ ৩২০ অনুচ্ছেদৰ দ্বিতীয় দফাৰ অন্তৰ্গত। শিক্ষাবিদ কামেশ্বৰ দাস আছিল এ পি এছ চি নিয়মাৱলী ১৯৫১ বলবত হোৱাৰ পাছত হোৱা প্ৰথমজন অনানুষ্ঠানিক অধ্যক্ষ। ১৯৫২লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।

অসম লোকসেৱা আয়োগৰ নিযুক্তি-২০২২ঃ

অসম লোকসেৱা আয়োগে ষ্টেনোগ্ৰাফাৰ আৰু জিলা ক্ৰীড়া বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

ষ্টেনোগ্ৰাফাৰ আৰু জিলা ক্ৰীড়া বিষয়া

খালী পদসমূহ

৫০টা।

চাকৰিৰ স্থান

অসম।

দৰমহা

মাহিলী ২২ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

ৱেবছাইট

apsc.nic.in

বয়সৰ সীমা

০১-০১-২০২১-ত সৰ্বোচ্চ ৩৮ বছৰ।

আৱেদন গ্ৰহণৰ শেষ তাৰিখ

৩০ জানুৱাৰী, ২০২২।

শিক্ষাগত অৰ্হতাঃ

ষ্টেনোগ্ৰাফাৰ (গ্ৰুপ-১, ইংৰাজী)ঃ স্নাতক।

ষ্টেনোগ্ৰাফাৰ (গ্ৰুপ-১, ভাষা)ঃ স্নাতক।

জিলা ক্ৰীড়া বিষয়াঃ ফিজিকেল এডুকেচনৰ ডিপ্লমা, কলা/ বিজ্ঞান/ বাণিজ্য / ফিজিকেল এডুকেচনৰ ডিগ্ৰী।

আবেদনৰ নিয়মঃ অহা ৩০ জানুৱাৰী, ২০২২লৈকে apsc.nic.in-ৰ পৰা আবেদন জনাব পাৰিব।


আৰু চাব পাৰে:ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ নিযুক্তি ২০২২ - কাৰ্যবাহী সঞ্চালকৰ খালী পদ


Next Story
চাকৰি