ARIAS ছোচাইটীত বিভিন্ন ধৰণৰ পদ খালী

ইচ্ছুক প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰে।
ARIAS ছোচাইটীত বিভিন্ন ধৰণৰ পদ খালী

ARIAS ছোচাইটীৰ বিষয়েঃ অসম চৰকাৰৰ দ্বাৰা ১৯৯৮চনত স্থাপিত অসম গ্ৰামীণ আন্তঃগাঁথনি আৰু কৃষি সেৱা, এটা স্বায়ত্ত্ব শাসিত অনুষ্ঠান, যাৰ মুখ্য পদত আছে অসমৰ মুখ্য সচিব।  এই অনুষ্ঠান়ৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰে অসমৰ কৃষি উৎপাদন আয়ুক্ত। প্ৰকল্প সমন্বয় সন্থা হৈছে অনুষ্ঠানটোৰ মুখ্য কাৰ্যালয় যাৰ অধিসূচনা কৰে জিলা প্ৰকল্প নিৰ্দেশকে। এই অনুষ্ঠানৰ মূল লক্ষ্য ৱৰ্ল্ড বেংক দ্বাৰা সাহায্যপ্ৰাপ্ত প্ৰকল্প সমূহৰ আৰু লগতে ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰাধিকৰণ অন্য বহুলভাবে সাহায্যপ্ৰাপ্ত প্ৰকল্প সমূহৰ ব্যৱস্থাপনা, স্থানাংক, আৰু ৰূপায়ন কৰা, আৰু লগতে বিভিন্ন বিভাগে প্ৰকল্পটোৰ ৰূপায়ন কৰিবৰ কাৰণে অৱয়ব কৰা পদক্ষেপ সমূহৰ নিৰীক্ষণ কৰা। 

অসম গ্ৰামীণ আন্তঃগাঁথনি আৰু কৃষি সেৱা গুৱাহাটীত, শেহতীয়াভাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা নিম্নোক্ত পদসমূহত নিযুক্তি দিবলৈ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে তলত সবিশেষ তথ্য চাব পাৰে। 

পদসমূহঃ 

এম আই এছ কাৰ্যবাহী

খালী পদৰ সংখ্যাঃ ২০টা। 

শিক্ষাগত অৰ্হতাঃ  বি এছ চি. ( আই টি বা কম্পিউটাৰ ছায়েন্স) । অথবা কম্পিউটাৰ ছায়েন্সৰ বি টেক। নতুবা বি চি এ। নাইবা কম্পিউটাৰ এপ্লিকেচনৰ তিনি বছৰীয়া ডিপ্লোমা। 

অভিজ্ঞতাঃ:  এম আই এছ অপাৰেটৰৰ ন্যূনতম ৪ বছৰৰ পেচাগত অভিজ্ঞতা থাকিব লাগিব। 

জিলা উদ্যোগ প্ৰতিষ্ঠান উন্নয়ন সমন্বয়ক

খালী পদৰ সংখ্যাঃ ০৪টা। 

শিক্ষাগত অৰ্হতাঃ কৃষি-ব্যৱসায় বা এণ্টাৰপ্ৰেণিউৰশ্বিপত স্পেচিয়েলাইজেচনসহ এম বি এ বা পি জি ডি বি এম হব লাগিব।  


অভিজ্ঞতা:  এণ্টাৰপ্ৰেণিউৰশ্বিপৰ কামত ৫ বছৰৰ অভিজ্ঞতাসহ থাকিব লাগিব। 

কাৰ্যালয় পৰিচালনা কাৰ্যবাহী (Office Management Executive)

খালী পদৰ সংখ্যাঃ ২০টা। 

শিক্ষাগত অৰ্হতাঃ ন্যূনতম স্নাতক ডিগ্ৰী। 

কৰ্ম অভিজ্ঞতাঃ ন্যূনতম ২ বছৰৰ। 

জিলা উদ্যানশস্য সমন্বয়ক (District Horticulture Coordinator)

খলা পদৰ সংখ্যাঃ ২ টা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা  কৃষি/ উদ্যনশস্যৰ স্নাতক ডিগ্ৰীধাৰী হব লাগিব। 

কৰ্ম-অভিজ্ঞতাঃ উদ্যানশস্যৰ সৈতে বা কৃষি সৈতে সম্পৰ্কিত কামত অন্ততঃ তিনি বছৰৰ অভিজ্ঞতা থাকিবই লাগিব। 

আবেদনৰ ধৰণঃ মৌখিক সাক্ষাতকাৰ। 

# এম আই এছ কাৰ্যবাহীৰ বাবে ৭ ডিচেম্বৰৰ পৰা ১০-৩০ ৰ পৰা দুপৰীয়া ১২ বজালৈ সাক্ষাতকাৰ অনুষ্ঠিত হব। 

# জিলা উদ্যোগ প্ৰতিষ্ঠান উন্নয়ন সমন্বয়কৰ বাবে ১৭ ডিচেম্বৰৰ পৰা ১০-৩০ ৰ পৰা দুপৰীয়া ১২ বজালৈ সাক্ষাতকাৰ অনুষ্ঠিত হব।

# কাৰ্যালয় পৰিচালনা কাৰ্যবাহী (Office Management Executive)ৰ বাবে ২২ ডিচেম্বৰৰ পৰা ১০-৩০ ৰ পৰা দুপৰীয়া ১২ বজালৈ সাক্ষাতকাৰ অনুষ্ঠিত হব।

# জিলা উদ্যানশস্য সমন্বয়ক (District Horticulture Coordinator)-ৰ বাবে ৯ ডিচেম্বৰৰ পৰা ১০-৩০ ৰ পৰা দুপৰীয়া ১২ বজালৈ সাক্ষাতকাৰ অনুষ্ঠিত হব

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com