Begin typing your search above and press return to search.

অসম এইড্ছ নিয়ন্ত্ৰণ সমিতিত চিকিত্সক-নাৰ্ছ আদি পদ খালী

অসম ৰাজ্যিক এইড্ছ নিয়ন্ত্ৰণ সমিতিয়ে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

অসম এইড্ছ নিয়ন্ত্ৰণ সমিতিত চিকিত্সক-নাৰ্ছ আদি পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Oct 2021 10:30 AM GMT

পদসমূহঃ

১) চিকিত্সা বিষয়া।

খালী পদৰ সংখ্যাঃ দুটা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৬৫ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী ৫০ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ OST কেন্দ্ৰৰ বাবে : এম বি বি এছ। মানসিক ৰোগ বিজ্ঞানৰ এম ডি, মানসিক ৰোগ বিজ্ঞানৰ ডিপ্লমাধাৰী, মানসিক ৰোগৰ ডিপ্লমাধাৰীয়ে অগ্ৰাধিকাৰ পাব। প্ৰাৰ্থীৰ চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিবই লাগিব।

FIART কেন্দ্ৰৰ বাবে: এম বি বি এছ। NACO-ৰ দ্বাৰা প্ৰশিক্ষিত আৰু NACO য়ে নিৰ্দিষ্ট কৰা কেন্দ্ৰত কাম কৰা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব। প্ৰাৰ্থীৰ চিকিত্সা পৰিষদত পঞ্জীয়ন থাকিবই লাগিব।

২) কাউন্সেলৰ

খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৬০ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী ১৩ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী মনোবিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী বা ডিপ্লমাধাৰী নতুবা সামাজিক কৰ্ম / সমাজশাস্ত্ৰ /নৃতত্ব/ মানৱ উন্নয়নৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব।

৩) ডাটা মেনেজাৰ।

খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৬০ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী ১৩ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্নাতক (বাণিজ্যক অগ্ৰাধিকাৰ দিয়া হৈছে) ডিগ্ৰীধাৰী হব লাগিব। লগতে কম্পিউটাৰ লগতে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা এপ্লিকেচনৰ ডিপ্লমাধাৰী DOEACCৃৰ পৰা "O" Level কৰা হব লাগিব।

ষ্টাফ নাৰ্ছ ।

খালী পদৰ সংখ্যাঃ ১ টা।

বয়সৰ সীমাঃ ০১-০১-২০২১ত ৬০ বছৰতকৈ অধিক হব নালাগিব।

দৰমহাঃ মাহিলী ৯ হেজাৰ টকা।

শিক্ষাগত অৰ্হতাঃ প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা এ এন এম কৰা হব লাগিব। বি এছ চি নাৰ্ছিং কৰাসকলে অগ্ৰাধিকাৰ পাব।

নিযুক্তিৰ স্থানঃ নগাঁও ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮/১০/২০২১।

আবেদনৰ মাচুলঃ তথ্য উপলব্ধ নহয়।

চাকৰিৰ প্ৰকৃতিঃ স্থায়ী।


সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি