অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত বিষয়াৰ পদ খালী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকল্প বিষয়া, ডি ই অ' নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত বিষয়াৰ পদ খালী

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়ে:

২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ প্ৰতিষ্ঠা কৰা হৈছে। ২০০৬ চনত দুৰ্যোগ ব্যৱস্থাপনা আইন গ্ৰহণৰ সৈতে ২০০৭ চনত এই কৰ্তৃপক্ষ প্ৰতিষ্ঠাৰ জাননী জাৰি কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ইয়াৰ অধ্যক্ষ আৰু  ৰাজহ মন্ত্ৰী  ৰাজ্যিক  দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ  উপাধ্যক্ষ। কৰ্তৃপক্ষৰ আদেশ কাৰ্যকৰী কৰিবলৈ ৰাজ্যিক কাৰ্যকৰী সমিতিয়ে মুখ্য সচিবক ইয়াৰ অধ্যক্ষ হিচাপে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ ব্যৱস্থা অনুসৰি জাননী প্ৰদান কৰিছে।

ৰাজ্যিক কৰ্তৃপক্ষৰ কাম-কাজ সম্পাদন কৰাৰ বাবে বিষয়া, পৰামৰ্শদাতা আৰু কৰ্মচাৰীৰ সৈতে ASDMA সচিবালয় ২০১০ চনত সম্পূৰ্ণৰূপে কাৰ্যকৰী হয়। ASDMA-য়ে অসমৰ সকলো ২৭ খন জিলাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষক জাননী দিছে আৰু জিলাখনত দুৰ্যোগ ব্যৱস্থাপনা কাৰ্যকলাপ চলাবলৈ বিষয়াসকলক নিযুক্তি দিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বিভিন্ন চুক্তিবদ্ধ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আৱেদন আমন্ত্ৰণ কৰিছে। আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিযুক্তি-২০২২ঃ 

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকল্প বিষয়া, ডি ই অ' নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ 

 এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ 

পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

প্ৰকল্প বিষয়া, ডি ই অ'। 

পদৰ সংখ্যা

  ৭ টা। 

দৰমহা

 মাহিলী ১০ হেজাৰ টকাৰ পৰা ৮৭,০০০  টকা। 

চাকৰিৰ স্থান

গুৱাহাটী। 

বয়সৰ সীমা

০১-০১-২০২২- ২১ৰ পৰা ৪৩ বছৰ। 

অন্তিম তাৰিখ

১৬ ফেব্ৰুৱাৰী, ২০২২। 

ৱেবছাইট

sdmassam.nic.in

পদৰ সবিশেষঃ

প্ৰকল্প বিষয়াঃ খালী পদৰ সংখ্যা- ৩টা। 

জ্যেষ্ঠ প্ৰশাসনিক সহায়কঃ খালী পদৰ সংখ্যাঃ ১টা। 

ডাটা এণ্ট্ৰী অপাৰেটৰঃ খালী পদৰ সংখ্যাঃ ৩টা। 

দৰমহাঃ  

প্ৰকল্প বিষয়াঃমাহিলী ২৭, ৪০০ টকা। 

জ্যেষ্ঠ প্ৰশাসনিক সহায়কঃ মাহিলী  ২২ হেজাৰ টকাৰ পৰা ৮৭ হেজাৰ টকা। 

ডাটা এণ্ট্ৰী অপাৰেটৰঃ মাহিলী ১০ হেজাৰ টকা। 

শিক্ষাগত অৰ্হতাঃ 

প্ৰকল্প বিষয়াঃ ডিপ্লমা, ডিগ্ৰী, স্নাতক। 

জ্যেষ্ঠ প্ৰশাসনিক সহায়কঃ স্নাতক। 

ডাটা এণ্ট্ৰী অপাৰেটৰঃ দ্বাদশ শ্ৰেণী। 

অভিজ্ঞতাঃ 

প্ৰকল্প বিষয়াঃ ন্যূনতম ২ বছৰৰ। 

জ্যেষ্ঠ প্ৰশাসনিক সহায়কঃ ন্যূনতম ১ বছৰৰ। 

ডাটা এণ্ট্ৰী অপাৰেটৰঃ ন্যূনতম ২ বছৰৰ। 

আবেদনৰ নিয়মঃ 

প্ৰথমে ৱেবছাইট sdmassam.nic.in চাব।

তাৰ পাছতে  চাকৰিৰ অধিসূচনাৰ কেৰিয়াৰ বা নিযুক্তি অপচন চাব।

 চাকৰিৰ অফিচিয়েল লিংক ডাউনলোড কৰিব।

আবেদন পূৰণৰ পূৰ্বে আবেদন গ্ৰহণৰ শেষ তাৰিখ চাব।

কোনো ভুল নোহোৱাকৈ আবেদন প্ৰ-পত্ৰ পূৰণ কৰিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখ অহা ১৬ ফেব্ৰুৱাৰী, ২০২২ৰ ভিতৰত পোৱাকৈ আবেদন প্ৰেৰণ কৰিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com