Begin typing your search above and press return to search.

ভাৰতীয় পুৰাতত্ব জৰীপৰ চাকৰিৰ আবেদন আহ্বান

ভাৰতীয় পুৰাতাত্বিক জৰীপৰ তৰফৰ পৰা প্ৰাৰ্থীসকলক কনিষ্ঠ পুৰাতত্ত্ববিদৰ পদৰ বাবে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

ভাৰতীয় পুৰাতত্ব জৰীপৰ চাকৰিৰ আবেদন আহ্বান

RaktimBy : Raktim

  |  14 Aug 2021 5:01 AM GMT


ভাৰতীয় পুৰাতাত্বিক জৰীপ(ASI)-এ পুৰাতত্ত্ববিদৰ খালিপদ পূৰণৰ বাবে অৰ্হতাসম্পন্ন ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূ্ৰ্বে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

ভাৰতীয় পুৰাতাত্বিক জৰীপৰ তৰফৰ পৰা প্ৰাৰ্থীসকলক কনিষ্ঠ পুৰাতত্ত্ববিদৰ পদৰ বাবে আবেদন কৰিবলৈ অনুৰোধ জনোৱা হৈছে । পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম : কনিষ্ঠ পুৰাতত্ত্ববিদ

বয়স : ৩৪ বছৰ

দৰমহা : মাহিলী ৩৫,০০০ টকা।

নিযুক্তিৰ স্থান : ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৭/৮/২০২১

আবেদনৰ প্ৰক্ৰিয়া : অফলাইন

অৰ্হতা :

যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পুৰাতত্ব বিভাগ নতুবা ঐতিহ্য সংৰক্ষণ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ'ব লাগিব।

ইচ্ছুক প্ৰাৰ্থীসকলে অন্তিম তাৰিখৰ আগতে আবেদন পত্ৰ অফলাইন যোগে দাখিল কৰিব লাগিব। আধৰুৱা আবেদন সমূহ নাকচ কৰা হ'ব।

কাৰ্যালয়ৰ ঠিকনা : ছেকচন অফিচাৰ (এডমিনিষ্ট্ৰেচন)।

আৰ্কিঅ'লজিকেল চাৰ্ভে অৱ ইণ্ডিয়া হেডকোৱাটাৰ্চ, ধৰোহৰ ভৱন, ২৪ তিলক মাৰ্গ, নতুন দিল্লী।

ই মেইল : soadmone.asi@gmail.com

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি