অসম কৃষি বিশ্ববিদ্যালয়ত কাৰিকৰী সহযোগীৰ পদখালী

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।
অসম কৃষি বিশ্ববিদ্যালয়ত কাৰিকৰী সহযোগীৰ পদখালী
Published on: 

অসম কৃষি বিশ্ববিদ্যালয়ত কাৰিকৰী সহযোগীৰ খালীপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ নাম : কাৰিকৰী সহযোগী (Technical Assistant Vacancy)। 

খালী পদৰ সংখ্যা : ০১টা। 

বয়স : উল্লেখ নাই

দৰমহা : ১৫,০০০টকা, মাহিলী

নিযুক্তিৰ স্থান : অসম

আবেদন গ্ৰহণৰ অন্তিম তাৰিখ : ২৮/০৯/২০২১

প্ৰকল্পৰ নাম : AINP on Agril. Acarology

শিক্ষাগত অৰ্হতা :

এই পদত আবেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী পতংগতত্ব বিষয়ত পোষ্ট গ্ৰেজুৱেট কৰা হ'ব লাগিব।

আকাংক্ষিত :

কম্পিউটাৰ বিজ্ঞানত দক্ষতা প্ৰাপ্ত প্ৰাৰ্থী আকাংক্ষিত।

আবেদন প্ৰক্ৰিয়া :

এই পদৰ ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থীসকলক নিজৰ বায়ডাটা, পুনৰ্মুদ্ৰন/ প্ৰকাশন/ গৱেষণা গ্ৰন্থ আদি, এখন পাছপৰ্ট ফটো, প্ৰয়োজনীয় নথি পত্ৰ ( প্ৰকৃত আৰু প্ৰতিলিপি) সহ সাক্ষাৎকাৰৰ বাবে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱা হ'ল।

বাছনি প্ৰক্ৰিয়া : সাক্ষাৎকাৰ

তাৰিখ : ২৮/০৯/২০২১

সময় : পোৱা ১০:৩০

অৱস্থান : পতংগতত্ব বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট - ৭৮৫০১৩

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com