Begin typing your search above and press return to search.

অসম কৃষি বিশ্ববিদ্যালয়ত ক্ষেত্ৰ সমন্বয়ক, কাৰ্যালয় সহায়কৰ পদ খালী

অসম কৃষি বিশ্ববিদ্যালয়ে ক্ষেত্ৰ সমন্বয়ক আৰু কাৰ্যালয় সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ

অসম কৃষি বিশ্ববিদ্যালয়ত ক্ষেত্ৰ সমন্বয়ক, কাৰ্যালয় সহায়কৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Dec 2021 11:45 AM GMT


অসম কৃষি বিশ্ববিদ্যালয়ৰ বিষয়ে:

অসম কৃষি বিশ্ববিদ্যালয় হৈছে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন কৃষি বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়ৰ মূল উদ্দেশ্য হৈছে কৃষি খণ্ডৰ বাবে বিশ্বমানৰ মানৱ সম্পদ তৈয়াৰ কৰা। ইয়াৰ জৰিয়তে কৃষকসকল আৰু কৃষিজাত সামগ্ৰীৰ ব্যৱসায় কৰাসকলৰ উপকাৰ্থে কৃষিক্ষেত্ৰত গৱেষণা চলোৱা। লগতে সাধাৰণ মানুহৰ খাদ্য সুৰক্ষা নিশ্চিত কৰা।

অসম কৃষি বিশ্ববিদ্যালয় হৈছে বিশ্বৰ একমাত্ৰ শৈক্ষিক কেন্দ্ৰ যত চাহ পালন আৰু চাহ প্ৰযুক্তিৰ স্পেচিয়েলাইজেচনসহ কৃষি বিজ্ঞানৰ চাৰি বছৰীয়া সংহত ডিগ্ৰী পাঠ্যক্ৰমৰ শিক্ষা আগবঢ়োৱা হয়। এই পাঠ্যক্ৰমে চাহ খেতি কৰা, চাহ উত্পাদন আৰু বিপননক সামৰি লয়। অসম কৃষি বিশ্ববিদ্যালয়ত কৃষি বিজ্ঞানৰ বি এছ চি, এম এছ চি আৰু পি এইচ ডি শিক্ষা আগবঢ়োৱা হয়।

এই বিশ্ববিদ্যালয়ৰ গাৰ্হস্থ্য বিজ্ঞান বিভাগে সকলো বিভাগৰ বি এছ চি আৰু এম এছ চি শিক্ষা আগবঢ়োৱাৰ উপৰি খাদ্য আৰু পৰিপুষ্টিত পি এইচ ডি শি৭া আগবঢ়ায়। বৰ্তমানে বি ভি এছ চি আৰু পশুপালন বিভাগৰ প্ৰথমবৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১০০। এম ভি এছ চিৰ সংখ্যা ১০ আৰু পি এইচ ডিৰ সংখ্যা ৪।

অসম কৃষি বিশ্ববিদ্যালয় নিযুক্তি, ২০২১ঃ

অসম কৃষি বিশ্ববিদ্যালয়ে ক্ষেত্ৰ সমন্বয়ক আৰু কাৰ্যালয় সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ


আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:

পদৰ নাম

ক্ষেত্ৰ সমন্বয়ক, কাৰ্যালয় সহায়ক।

খালী পদৰ সংখ্যা

২ টা।

দৰমহা

মাহিলী ১৭-১৮ হেজাৰ টকা।

চাকৰিৰ অৱস্থান

যোৰহাট, অসম

আবেদন মাচুল

কোনো আবেদন মাচুল নাই

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ

অন্তিম তাৰিখ

২৭ ডিচেম্বৰ, ২০২১।

ৱেবছাইট

aau.ac.in

দৰমহাৰ বিৱৰণ

পদৰ নাম

দৰমহা (প্ৰতি মাহে)

ক্ষেত্ৰ সমন্বয়ক

১৮,০০০/- টকা

কাৰ্যালয় সহায়ক

১৭,০০০/- টকা

খালী পদৰ সংখ্যাঃ

পদৰ নাম


ক্ষেত্ৰ সমন্বয়ক

১টা।

কাৰ্যালয় সহায়ক

১টা।

শিক্ষাগত অৰ্হতাঃ

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা হব লাগিব।

অভিজ্ঞতাঃ

কোনো ৰাজহুৱা খণ্ডৰ সংস্থাত কাৰ্যালয় ব্যৱস্থাপনা বা সচিবীয় কামত ন্যূনতম ১ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদন কৰাৰ পদক্ষেপসমূহ :

প্ৰথমে অফিচিয়েল ৱেবছাইট aau.ac.inচাওক আৰু আপুনি আবেদন কৰিব লগা অসম কৃষি বিশ্ববিদ্যালয়ৰ নিযুক্তি বা কেৰিয়াৰৰ বাবে পৰীক্ষা কৰক।

ক্ষেত্ৰ সমন্বয়ক আৰু কাৰ্যালয় সহায়কৰ চাকৰিৰ অধিসূচনা আৰু যোগ্যতা পৰীক্ষা কৰক।

আবেদন প্ৰপত্ৰ পূৰণ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

আৱেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়)

অহা ২৭ ডিচেম্বৰত সাক্ষাতকাৰ অনুষ্ঠিত হব।


আৰু পঢ়ক:অসম শ্ৰম কল্যাণ বিভাগৰ নিযুক্তি ২০২২: কাৰখানা পৰিদৰ্শকৰ পদখালী


Next Story
চাকৰি