অসম বিত্ত নিগমত ৫ টা বিষয়া পদ খালী

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:
অসম বিত্ত নিগমত ৫ টা বিষয়া পদ খালী
Published on

অসম বিত্ত নিগমৰ বিষয়েঃ অসম বিত্ত নিগম  ১৯৫৪ত প্ৰতিষ্ঠা কৰা হয়। অসম বিত্ত নিগমক যুটীয়া ৰাজ্যিক বিত্ত নিগমৰূপে প্ৰতিষ্ঠা কৰা হৈছিল। এই নিগম এছ এফ চি আইন, ১৯৫১ৰ ৩ (ক) ধাৰা অনুসৰি প্ৰতিষ্ঠা কৰা হয়। পূৰ্বে অ-বিভক্ত অসম আৰু মণিপুৰ আৰু ত্ৰিপুৰাক সামৰি লোৱা হৈছিল। এই নিগমে ৫ দশক ধৰি সেৱা আগবঢ়াই আহিছে।  আন বিত্তীয় প্ৰতিষ্ঠানৰ দৰে নহয়, এই নিগমৰ কাম তৃণমূল পৰ্যায়লৈকে সম্প্ৰসাৰিত হৈছে। 

আগ্ৰহী প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:

পদৰ নাম

ষ্টাফ অফিচাৰ (টেকনিকেল/সাধাৰণ)

পদৰ নাম

ষ্টাফ অফিচাৰ (আইন)

খালী পদৰ সংখ্যা

ষ্টাফ অফিচাৰ (টেকনিকেল/সাধাৰণ)ৰ ৪টা আৰু ষ্টাফ অফিচাৰ (আইন)-ৰ ১ টা। 

বয়সৰ সীমা

০১-১২-২০২১ত সৰ্বোচ্চ ৩০ বছৰ। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়স ৰেহাই পাব।  

আবেদন গ্ৰহণৰ শেষ তাৰিখ

৩১-১২-২০২১ৰ সন্ধিয়া ৫ বজালৈকে। 

শিক্ষাগত অৰ্হতা:

ষ্টাফ অফিচাৰ (টেকনিকেল/সাধাৰণ)ঃ বাণিজ্যৰ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰী হোৱাৰ লগতে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন সময়ৰ এম বি এ হব লাগিব। অথবা বি ই বা বি টেক হোৱাৰ লগতে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা পূৰ্ণকালীন সময়ৰ এম বি এ হব লাগিব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা প্ৰথম হব লাগিব। কম্পিউটাৰৰ কাম জানিব লাগিব।

তদুপৰি বিত্তীয় খণ্ডৰ কামত ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। .

ষ্টাফ অফিচাৰ (আইন)ঃ আইনৰ স্নাতক  / স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব।হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা প্ৰথম হব লাগিব। কম্পিউটাৰৰ এম এছ ৱৰ্ডৰ কাম জানিব লাগিব।

তদুপৰি জিলা আদালত বা উচ্চ ন্যায়লয় বা ঋণ উদ্ধাৰ ন্যায়াধিকৰণ আদিত অসামৰিক আইনৰ উকালতি কৰাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। 

উপৰোক্ত দুয়োটা পদৰ ক্ষেত্ৰত প্ৰাৰ্থীয়ে অসমীয়ী আৰু ইংৰাজী লিখিব পৰা হব লাগিব। 

আবেদনৰ প্ৰক্ৰিয়া:

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনালৈ আবেদন প্ৰেৰণ কৰিব পাৰেঃ 

"The Managing Director,

Assam Financial Corporation, Head Office,

Vittiya Bhavan, Md. Shah Road, Paltanbazar, Guwahati-781008, Assam"-

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com