অষ্টম শ্ৰেণী উত্তীৰ্ণ সকলৰ বাবে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি

অসম চৰকাৰৰ, স্বাস্থ্য সেৱা সঞ্চালকালয় অন্তৰ্গত আৰম্ভ কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া
অষ্টম শ্ৰেণী উত্তীৰ্ণ সকলৰ বাবে, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি
Published on

শেহতীয়া কৈ এটি সুখবৰ আহি পৰিছে ৰাজ্যখনৰ নিবনুৱা যুৱ সকলৰ বাবে। অসম চৰকাৰৰ, স্বাস্থ্য সেৱা সঞ্চালকালয় (DHS, অসম) অন্তৰ্গত শেহতীয়া ভাৱে আৰম্ভ কৰিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া।

এই খালী পদ সমুহৰ বাবে অষ্টম শ্ৰেণী উত্তীৰ্ণ তথা অন্যান্য অৰ্হতা সমূহ পূৰণ কৰিব পৰা অসমীয়া নাগৰিক হিচাপে প্ৰমাণিত প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব। এই নিযুক্তি প্ৰক্ৰিয়াৰ অন্তৰ্গত সৰ্বমুঠ ২,৭২০ টা খালী পদত নিযুক্তি প্ৰদান কৰা হ'ব। ইয়াৰ দ্বাৰা নিযুক্তি প্ৰদান কৰা প্ৰাৰ্থী সমূহক প্ৰতি মাহে গ্ৰেড পেৰ লগতে ১৪,০০০/- টকাৰ পৰা ৬০,০০০/- টকা লৈকে দৰমহা প্ৰদান কৰা হ'ব।

নতুন কৈ মুকলি কৰা এই পদ সমূহত আৱেদন দাখিল কৰিবলৈ ইচ্ছুক প্ৰাৰ্থী সকলে DHS অসমৰ, নিযুক্তিকৰণ পৰ্টেলত গৈ, গুৰুত্বপূৰ্ণ লিংক সমূহ পৰ্যবেক্ষণ কৰিব লাগিব। মনত ৰাখিব যে আৱেদন দাখিল কৰাৰ পাছত প্ৰাৰ্থী সকলে নিজৰ আৱেদন পত্ৰৰ এটি প্ৰিণ্ট আউট কপী নিজৰ লগত ৰাখিব লাগিব।

উল্লেখযোগ্য যে, নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপি প্ৰতিনিধিত্ব চৰকাৰে ৰাজ্য খনৰ ১লাখ নিবনুৱা যুৱ প্ৰজন্মক চাকৰীৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com