Begin typing your search above and press return to search.

শিলচৰত ৰাজবিপ্লৱৰ অভিযোগত আটক অসমীয়া সাংবাদিক

সাংবাদিক অনিৰ্বাণ ৰয় চৌধুৰীয়ে এটি নিউজ পৰ্টেল চলাই যাৰ নাম বৰাক বুলেটিন

শিলচৰত ৰাজবিপ্লৱৰ অভিযোগত আটক অসমীয়া সাংবাদিক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2021 11:09 AM GMT

যোৱা সোমবাৰে কেইবা ঘণ্টা যোৰা জেৰাৰ পাছত অসমৰ, শিলচৰ জিলাত আটক কৰা হৈছে অসমীয়া সাংবাদিক অনিৰ্বাণ ৰয় চৌধুৰীক। চৌধুৰীৰ ওপৰত বিৰুদ্ধে এটি লেখনিৰ যোগে ৰাজবিপ্লৱ কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

সাংবাদিক গৰাকীক শিলচৰ জিলাৰ সদৰ আৰক্ষী থানাত খণ্ড ১৫৩ (এ) (ভিন্ন দলৰ মাজত শত্ৰুভাৱৰ জন্ম দিয়া) আৰু ১২৪ (এ) ৰাজবিপ্লৱৰ ভিত্তিত। ইয়াৰ লগতে সংলগ্ন কৰা হৈছে শান্তনু সুত্ৰধাৰ নামৰ এগৰাকী ব্যৱসায়ীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ অন্য বহু খণ্ড।

সাংবাদিক অনিৰ্বাণ ৰয় চৌধুৰীয়ে এটি নিউজ পৰ্টেল চলাই যাৰ নাম বৰাক বুলেটিন, আৰু "দৃঢ়তাহীন নথকা সকলৰ স্বৰ্গলৈ স্বাগতম - আমি অসমীয়া ' ভাষা ছহিদ' মৃতক আৰু সেয়ে তেওঁলোকৰ নাতিপুতি" নামৰ এটি লেখনী লেখি আৰক্ষীৰ কালত পৰিছে সাংবাদিক গৰাকী। উল্লেখযোগ্য যে এই লেখনীটোৱে স্থানীয় সমাজ - সংস্কৃতি প্ৰতিষ্ঠানৰ সমূহৰ অসমীয়া ভাষা অধিনিয়ম ১৯৬১ৰ প্ৰতি থকা সংৰক্ষণৰ দায়িত্বক লৈ প্ৰশ্ন উত্থাপন কৰে।

মুকলি হোৱাৰ পাছত সাংবাদিক গৰাকীয়ে জনাই যে আৰক্ষীয়ে তেওঁক এই লেখনী লেকাৰ উদ্দেশ্যক লৈ প্ৰশ্ন কৰিছিল।

"তেওঁলোকে মোক সুধিছে যে মই এনেকুৱা লেখনী কীয় লিখিলোঁ, যাক পঢ়ি সমাজৰ বিভিন্ন শাখাৰ লোকৰ অনুভূতি আঘাট হ'ব পাৰে। মই তেওঁলোকক জনাও, তাত লিখা প্ৰতিটো শব্দকে মই সমৰ্থন কৰোঁ আৰু আমি ইয়াক কোনো ধৰণে সলনি নকৰোঁ। তেওঁলোকে মোক এই সুধপূচত সহযোগিতা প্ৰদান কৰিবলৈ আহ্বান জনাই, আৰু মই সেয়া কৰিছোঁ। বৰ্তমান তেওঁলোকে মোক পি আৰ বণ্ড যোগে মুকলি কৰিছে।", চৌধুৰীয়ে জনাই।

ইয়াৰ লগতে তেওঁ জনাই যে আৰক্ষী বিষয়া সকলে তেওঁক জনাইছে যে যদিহে তেওঁ বিচাৰে তেন্তে এই এজাহাৰৰ বিৰুদ্ধে ন্যায়ালয়ত গোহাৰি জনাব পাৰে।

ইয়াৰ পূৰ্বে অসমৰ, বৰাক উপত্যকাৰ তিনি খন জিলাৰ সাংবাদিক সকলে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লৈ তেওঁৰ বিৰুদ্ধে থকা কেছ উঠাই লোৱাৰ বাবে আহ্বান জনাইছিল আৰু লগতে সংবাদ মাধ্যমৰ লোক সকলক নীৰ্ভিক ভাৱে কাম কৰাৰ সুবিধা দিব বাবে আহ্বান জনাইছিল। আৰু কিছু স্থানীয় তথ্য অনুসৰি তেওঁ এই কেছত মাত মাতিছিল।

পিছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক, ৰমনদ্বীপ কৌৰে প্ৰকাশ কৰিছে যে, "মাননীয় মুখ্যমন্ত্ৰী মহুদয়ৰ পৰা আমি কোনো ধৰণৰ ক'ল বা সংবাদ পোৱা নাই। এই সুধপূচ অনুসন্ধানৰ এক অংশ আছিল।"

ইয়াৰ লগতে তেওঁ জনাই যে, আৰক্ষীয়ে চৌধুৰীক তেওঁৰ পৰা এই কাণ্ডৰ বিষয়ে জানিব বিচাৰিছিল। "আমি তেওঁ বৰ্তমান পি আৰ বণ্ডৰ অধীনত মুকলি কৰিছোঁ, কিন্তু ভৱিষ্যতে তেওঁক প্ৰয়োজন সাপেক্ষে পুনৰ মাটো পঠিওৱা হ'ব।"


আৰু পঢ়ক : পাশৱিক!গৰ্ভৱতী ভগ্নীৰ মুণ্ডচ্ছেদ কৰি চেলফি লয় দানৱৰূপী ভাতৃয়ে


Next Story
চাকৰি