Begin typing your search above and press return to search.

অসমৰ ন্য়ায়িক বিভাগৰ নিযুক্তি-২০২২ গাড়ী চালক পদখালী

গাড়ী চালক নিযুক্তিৰ বাবে অসমৰ ন্য়ায়িক বিভাগে আবেদন বিচাৰিছে।

অসমৰ ন্য়ায়িক বিভাগৰ নিযুক্তি-২০২২ গাড়ী চালক পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jan 2022 11:53 AM GMT

অসমৰ ন্য়ায়িক বিভাগৰ বিষয়েঃ

১৮৭৪-ত অসম সচিবালয়ত সাধাৰণ বিভাগ আৰু ৰাজহ বিভাগৰ সৈতে একেলগে স্বতন্ত্ৰ ন্যায়িক বিভাগ প্ৰতিষ্ঠা কৰা হয়। অসমৰ ন্যায়িক বিভাগৰ প্ৰতিষ্ঠাকালীন মুৰব্বী আছিল বি এন ৰাও। ৰাও ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত সমিতিৰ সাংবাধানিক পৰামৰ্শদাতাও আছিল। পৰৱৰ্তী সময়ত তেওঁ আন্তৰ্জাতিক ন্যায় আদালতৰ এগৰাকী ন্যায়াধীশৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। এই বিভাগৰ গৌৰবময় ইতিহাস আছে। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলী আহমেদৰ লেখীয়া ব্যক্তিয়েও একালত এই বিভাগক নেতৃত্ব দিছিল। তদুপৰি উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যাযাধীশ বি এ হান্সুৰিয়ায়ো একালত এই বিভাগক নেতৃত্ব দিছিল।

১৯৭৬-ত আইন বিভাগক দুটা ভাগত বিভক্ত কৰি ন্য়ায়িক আৰু বিধায়িনী বিভাগ প্ৰতিষ্ঠা কৰা হয়।

অসমৰ ন্য়ায়িক বিভাগৰ নিযুক্তি-২০২২ঃ

গাড়ী চালক নিযুক্তিৰ বাবে অসমৰ ন্য়ায়িক বিভাগে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত উল্লেখ কৰা হৈছেঃ

প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ চাব পাৰে:

পদৰ নাম

গাড়ীচালক।

খালী পদৰ সংখ্যা

১ টা।

বয়সৰ সীমা

০১-০১-২০২২-ত ১৮-ৰ পৰা ৪০ বছৰ।

দৰমহা

মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৬০,৫০০ টকা।

নিযুক্তিৰ স্থান

গুৱাহাটী।

বাছনি প্ৰক্ৰিয়া

স্কীল টেষ্ট।

আবেদন মাচুল

কোনো আবেদন মাচুল নাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখ

২৬ জানুৱাৰী, ২০২২।

বয়স ৰেহাই: ও বি চি-এম ও বি চিৰ বাবে ৩ বছৰ।

এছ চি-এছ টিৰ বাবে ৫ বছৰ।

স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ প্ৰাৰ্থী দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা হব লাগিব।

আবেদনৰ নিয়মঃ

আবেদন জনোৱাৰ বাবে judicial.assam.gov.in চাব।

উক্ত ৱেবচাইটৰ নিযুক্তি বা কেৰিয়াৰ অপচনত ক্লিক কৰি চাব।

উক্ত ৱেবছাইটৰ নটিফিকেশ্যন লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰিব।

কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰিব আৰু অন্তিম তাৰিখ অহা ২৬ জানুৱাৰী, ২০২২-ৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব।






আৰু চাব পাৰে :NEIGRIHMS নিযুক্তি ২০২২: ডি.ৱাই. চিকিৎসা অধীক্ষক আৰু জুনিয়ৰ চিকিৎসা বিষয়াৰ খালী পদ


Next Story
চাকৰি