Begin typing your search above and press return to search.

অসম পেট্ৰোকেমিকলেছ লিমিটেজত বিষয়াসহ বিভিন্ন পদত নিযুক্তি

অসম পেট্ৰোকেমিকেলছ লিমিটেডে নিম্নোক্ত পদসমূহত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম পেট্ৰোকেমিকলেছ লিমিটেজত বিষয়াসহ বিভিন্ন পদত নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Jun 2021 2:11 PM GMT

পদসমূহঃ

জনসংযোগ বিষয়া, খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে গণ সংযোগৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী হব লাগিব। এম এচ অফিচ আৰু ডিটিপিৰ কামৰ অভিজ্ঞতা থকা প্ৰাৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

অভিজ্ঞতাঃ শিক্ষা সমাপ্তিৰ পাছত কোনো চৰকাৰী সংস্থা/ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান/বে-চৰকাৰী উদ্যোগত গণ সংযোগৰ কামত ন্যূনতম ৩ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। ইংৰাজী আৰু অসমীয়া ভাষাত লেখা প্ৰকাশ পোৱা হব লাগিব। প্ৰেজেণ্টচনৰ দক্ষতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব।

উচ্চবৰ্গৰ কাৰ্যালয় সহায়ক

খালী পদৰ সংখ্যাঃ ০১টা।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰ এপ্লিকেচনৰ ডিপ্লমা বা চাৰ্টিফিকেট থকা হব লাগিব। বি চি এ/ পিজিডিচিএ কৰা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হব। অভিজ্ঞতাঃ কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান /ব্যক্তিগত উদ্যোগত কাম কৰাৰ সাত বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অৱশ্যে চৰকাৰী পি এছ ইউচ কাম কৰা প্ৰা্ৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

টাইপিষ্ট কাম ক্লাৰ্ক

খালী পদৰ সংখ্যাঃ ০৩টা।

শিক্ষাগত অৰ্হতাঃ যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে কম্পিউটাৰ এপ্লিকেচনৰ চাৰ্টিফিকেট বা ডিপ্লমা থাকিব লাগিব। বি চি এ /পি জি ডি চি এ থকাসকলে অগ্ৰাধিকাৰ পাব। অভিজ্ঞতাঃ কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান /ব্যক্তিগত উদ্যোগত কাম কৰাৰ ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অৱশ্যে চৰকাৰী পি এছ ইউচ কাম কৰা প্ৰা্ৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

টাইপিষ্ট

খালী পদৰ সংখ্যাঃ ০২টা।

শিক্ষাগত অৰ্হতাঃ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাৰ লগতে কম্পিউটাৰ এপ্লিকেচনৰ চাৰ্টিফিকেট বা ডিপ্লমা থাকিব লাগিব। অভিজ্ঞতাঃ কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান /ব্যক্তিগত উদ্যোগত কাম কৰাৰ ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব। অৱশ্যে চৰকাৰী পি এছ ইউচ কাম কৰা প্ৰা্ৰ্থীয়ে অগ্ৰাধিকাৰ পাব।

কনিষ্ঠ গাড়ীচালক।

খালী পদৰ সংখ্যাঃ ০৩টা।

অৰ্হতাঃ উপযুক্ত কৰ্তৃপক্ষৰ পৰা উলিওৱা বাণিজ্যিক গাড়ী চলোৱাৰ গাড়ীচালকৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। অভিজ্ঞতাঃ কোনো ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান /ব্যক্তিগত উদ্যোগত কাম কৰাৰ ৫ বছৰ গাড়ী চলোৱাৰ অভিজ্ঞতা থাকিব লাগিব। অৱশ্যে চৰকাৰী পি এছ ইউচ কাম কৰা প্ৰা্ৰ্থীয়ে অগ্ৰাধিকাৰ পাব ।

বয়সৰ সীমাঃ ৪০ ৰ পৰা ৪৩ বছৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৯-০৭-২০২১।

নিযুক্তিৰ স্থানঃ নামৰূপ।

আবেদন জনোৱাৰ নিয়মঃ অনলাইন।

ৱেবছাইটঃ http://www.assampetrochemicals.co.in।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

Next Story
চাকৰি