অসম আৰক্ষীত সহকাৰী উপ-নিয়ন্ত্ৰক, অন্যান্য পদত নিযুক্তি

অসম আৰক্ষীৰ অসামৰিক প্ৰতিৰক্ষা(জে আৰ)-ত সহকাৰী উপ-নিয়ন্ত্ৰক আৰু অন্যান্য পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।
অসম আৰক্ষীত সহকাৰী উপ-নিয়ন্ত্ৰক, অন্যান্য পদত নিযুক্তি

পদসমূহঃ 

১)সহকাৰী উপ-নিয়ন্ত্ৰকঃ

খালী পদৰ সংখ্যাঃ ০৬টা ৷

বয়সৰ সীমাঃ ১৮ৰ পৰা ৩৮বছৰ ৷

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীয়ে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ অধীনত ন্যূনতম স্নাতক ডিগ্ৰী (কলা/বিজ্ঞান/বাণিজ্যৰ)ধাৰী হ'ব লাগিব। তদুপৰি নাগপুৰস্থিত ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা কলেজৰ পৰা ইনষ্ট্ৰাক্টৰ পাঠ্যক্ৰমৰ উত্তীৰ্ণ প্ৰমাণপত্ৰ থকা হ'ব লাগিব ৷ লগতে প্ৰাথমিক অগ্নি-নিৰ্বাপন সেৱাৰ উত্তীৰ্ণ প্ৰমাণপত্ৰ থকা হ'ব লাগিব ৷

দৰমহাঃ ১৪হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা ৷

অভিজ্ঞতাঃ নতুনেও আবেদন জনাব পাৰিব ৷

২) পদঃ

অসামৰিক প্ৰতিৰক্ষা ডেম'নষ্ট্ৰেটৰ/ৱায়াৰলেছ অপাৰেটৰ/পি বি এক্স অপাৰেটৰ

খালী পদৰ সংখ্যাঃ ২৮টা ৷

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত ব'ৰ্ডৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ ৷ তদুপৰি নাগপুৰস্থিত ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা/এন ডি আৰ এফ কলেজৰ পৰা ইনষ্ট্ৰাক্টৰ পাঠ্যক্ৰমৰ প্ৰমাণপত্ৰ লাভ কৰা হ'ব লাগিব। লগতে অগ্নি-নিৰ্বাপন সেৱাৰ প্ৰশিক্ষণৰ প্ৰাৰম্ভিক প্ৰমাণপত্ৰ থকা হ'ব লাগিব।

কৰ্ম-অভিজ্ঞতাঃ নতুন সকলেও আবেদন জনাব পাৰিব ৷

দৰমহাঃ ১৪হেজাৰৰ পৰা ৪৮হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ অহা ১৫জুন ৷ আবেদন অনলাইনত লোৱা হ'ব ৷

সবিশেষ জানিবলৈ www. slprbassam.in চাওক ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com