আছাম ৰাইফলছত ৰাইফল মেন, হাবিলদাৰ ক্লাৰ্ক নিযুক্তি

আছাম ৰাইফলচে ৰাইফল মেন (জেনেৰেল ডিউটী) আৰু হাবিলদাৰ ক্লাৰ্ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আছাম ৰাইফলছত ৰাইফল মেন, হাবিলদাৰ ক্লাৰ্ক নিযুক্তি

আছাম ৰাইফলছৰ বিষয়েঃ

ভাৰতীয় সেনাৰ সবাতোকৈ পুৰণি অৰ্ধ-সামৰিক বাহিনী হৈছেো আছাম ৰাইফলছ ৷ ইয়াৰ ইতিহাস ব্ৰিটিছ ৰাজৰ সময়ৰ ১৮৩৫ৰ ৷ কাছাৰ চুক্তি অনুসৰি আছাম ৰাইফলছ প্ৰতিষ্ঠা কৰা হয়।

১৯১৭ৰ পৰা বাহিনীটোৰ বৰ্তমানৰ নাম আছাম ৰাইফলছ ব্যৱহাৰ কৰা হৈ আহিছে। জম্মু-কাশ্মীৰত যেনেদৰে ৰাষ্ট্ৰীয় ৰাইফলছে উগ্ৰপন্থীবিৰোধী অভিযান চলাই, তেনেদৰে উত্তৰ-পূবত উগ্ৰপন্থীবিৰোধী অভিযানৰ বিশেষীকৃত বাহিনী হৈছে আছাম ৰাইফলছ ৷

বিগত সময়ত আছাম ৰাইফলছে প্ৰথম বিশ্বযুদ্ধকে ধৰি মধ্য প্ৰাচ্য, দ্বিতীয় বিশ্বযুদ্ধ আদিতো অংশ লয় ৷ অৰুণাচল প্ৰদেশত আইন-শৃংখলা নিয়ন্ত্ৰণতো আছাম ৰাইফলছে ভূমিকা পালন কৰি আহিছে ৷

আছাম ৰাইফলছৰ নিযুক্তি-২০২২ঃ 

আছাম ৰাইফলচে ৰাইফল মেন (জেনেৰেল ডিউটী) আৰু হাবিলদাৰ ক্লাৰ্ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।  এই বিষয়ে তলত সবিশেষ  সবিশেষ তথ্য পাবঃ 

 এই পদসমূহৰ  বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা আদিৰ তলত সবিশেষ তথ্য পাবঃ 


পদৰ বিৱৰণ

প্ৰয়োজনীয়তা

পদৰ নাম

 ৰাইফল মেন (জেনেৰেল ডিউটী) আৰু হাবিলদাৰ ক্লাৰ্ক

পদৰ সংখ্যা

১৫২টা। 

দৰমহা

নিয়ম অনুসৰি। 

বয়সৰ সীমা


নিয়ম অনুসৰি। 

নিযুক্তিৰ স্থান

অসম। 

অন্তিম তাৰিখ

১২ মাৰ্চ, ২০২২। 

আবেদনৰ মাচুল 

নাই। 

শিক্ষাগত অৰ্হতাঃ 

স্বীকতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা প্ৰাৰ্থী দশম, দ্বাদশ শ্ৰেণী উত্ৰীৰ্ণ হব লাগিব। 

আবেদনৰ নিয়মঃ 

প্ৰাৰ্তীসকলে আবেদন পত্ৰ Directorate General Assam Rifles (Recruitment Branch) Laitkor, Shillong Meghalaya – 793010 লৈ বা, Email: rectbrdgar@gmail.com-লৈ প্ৰেৰণ কৰিব লাগিব। 

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ অহা ১২ মাৰ্চ, ২০২২। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com