Begin typing your search above and press return to search.

এন টি পি চি নিযুক্তি ২০২২ - ১০ সহকাৰী আইনী বিষয়াৰ পদখালী

ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম সীমিত সহকাৰী আইনী বিষয়াৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

এন টি পি চি নিযুক্তি ২০২২ - ১০ সহকাৰী আইনী বিষয়াৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2021 11:09 AM GMT

ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম সীমিত :

ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম সীমিত হৈছে এন টি পি চি লিমিটেডৰ পূৰ্বৰ নাম। ই হৈছে ভাৰতৰ এক ৰাজহুৱা খণ্ড যাৰ অধীনত পৰিচালিত কৰা হয় বিদ্যুৎ উৎপাদনৰ কাম, আৰু তাৰ লগত সংযুক্ত কাম সমূহ পৰিচালনা কৰা হয়। এন টি পি চি হৈছে ভাৰতৰ সৰ্ববৃহৎ শক্তি উৎপাদক, যাৰ আৰম্ভনি ঘটিছিল চন ১৯৭৫ত, ভাৰতত শক্তি উন্নয়নৰ কাম নিয়ন্ত্ৰণ কৰিবৰ বাবে। জীৱাশ্ম ইন্ধনৰ লগতে, ই বিভিন্ন উৎস যেনে জল, নিউক্লিয়াৰ আৰু নৱীকৰণ শক্তি উৎসৰ পৰা বিদ্যুৎ সংগ্ৰহ কৰে।

এন টি পি চিক ২০১০চনৰ মে মাহত মহাৰত্ন কোম্পানী হিচাপে পৰিগণিত কৰা হয়, এই সন্মানেৰে। সন্মাইত ৪টা কোম্পানীৰ মাজত ই অন্যতম। ২০১৯চনত ফৰ্বছ গ্লোবেল ২০০০' ৰ অধীনত বিশ্বৰ সৰ্ববৃহৎ কোম্পানী সমূহৰ মাজত ইয়াৰ স্থান আছিল ৪৯২।

ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম সীমিতত পদ খালী :


ৰাষ্ট্ৰীয় তাপ বিদ্যুৎ নিগম সীমিত শেহতীয়া ভাৱে সহকাৰী আইনী বিষয়াৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

সহকাৰী আইনী বিষয়া

খালী পদ

১০

বয়স

৩০বছৰ

দৰমহা

৩০,০০০ -১,২০,০০০/- টকা, প্ৰতি মাহে

অন্তিম তাৰিখ

০৭/০১/২০২২

অৱস্থান

নতুন দিল্লী, দিল্লী

আৱেদন প্ৰক্ৰিয়া

অনলাইন

আৱেদন মাছুল

আৱেদন মাছুল

ৱেবচাইট

https:/www.ntpc.co.in

সহকাৰী আইনী বিষয়া পদৰ বাবে শিক্ষাগত অৰ্হতা :


প্ৰাৰ্থী সকল আইন বিভাগত নূন্যতম ৬০% নম্বৰ (SC/ PWD সকলৰ বাবে ৫৫%) সহ স্নাতক উত্তীৰ্ণ হ'ব লাগিব (কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নিয়মীয়া পাঠ্যক্ৰম যোগে - এল এল বি বা প্ৰাসংগিক)।

প্ৰাৰ্থী সকল বাৰ কাউন্সিলৰ অধীনত পঞ্জীভূত হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

প্ৰাৰ্থী সকলক আৱেদন দাখিলৰ বাবে এন টি পি চিৰ অফিচিয়েল ৱেবচাইট পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক : চি এম এছ এছ নিযুক্তি ২০২২ - ০১ সহকাৰী মহাপ্ৰবন্ধকৰ পদ খালী


Next Story
চাকৰি