Begin typing your search above and press return to search.

দিল্লী বিশ্ববিদ্যালয় নিযুক্তি ২০২২ - সহায়ক, জেষ্ঠ সহায়ক পদ খালী

দিল্লী বিশ্ববিদ্যালয়ত সহায়ক, জেষ্ঠ সহায়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।

দিল্লী বিশ্ববিদ্যালয় নিযুক্তি ২০২২ - সহায়ক, জেষ্ঠ সহায়ক পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2021 12:10 PM GMT

দিল্লী বিশ্ববিদ্যালয় :

দিল্লী বিশ্ববিদ্যালয় হৈছে এক কলেজিয়েট ৰাজহুৱা কেন্দ্ৰীয় বিশ্ববিদ্যালয়, আৰু ই অৱস্থিত ভাৰতৰ, নতুন দিল্লীত। বিশ্ববিদ্যালয় খনৰ আৰম্ভণি হৈছিল হৈছিল ১৯২২ চনত আৰু ইয়াক কেন্দ্ৰীয় আইনী সভাৰ অধীনত ইয়াক ইউনিভাৰ্ছিটি গ্ৰান্ট কমিছনৰ দ্বাৰা এখন খ্যাতিৰ প্ৰতিষ্ঠান ৰূপে পৰিগণিত কৰা হয়। এখন কলিজিয়েট বিশ্ববিদ্যালয় ৰূপে ইয়াৰ মুখ্য দায়িত্ব সমূহ বিশ্ববিদ্যালয় আৰু ইয়াৰ অধীনত পৰিচালিত মহাবিদ্যালয় সমূহৰ প্ৰশাসন বিভাগত বিভক্ত কৰা হয়। প্ৰাৰম্ভনিতে মাত্ৰ তিনি খন মহাবিদ্যালয়, দুগৰাকী অনুষদেৰে আৰু ৭৫০গৰাকী শিক্ষাৰ্থীৰ সৈতে আৰম্ভণি কৰা এই বিশ্ববিদ্যালয় বৰ্তমান সময়ত ভাৰতৰ সৰ্ববৃহৎ উচ্চ শিক্ষা অনুষ্ঠান আৰু সমগ্ৰ বিশ্বৰ সৰ্ববৃহৎ অনুষ্ঠান সমূহৰ মাজত অন্যতম। বৰ্তমান সময়ত এই বিশ্ববিদ্যালয়ৰ অধীনত ১৬ গৰাকী অনুষদ, ৮৬ টা বিভাগ সমগ্ৰ উত্তৰ আৰু দক্ষিণ চৌহদত বিয়লি পৰিছে। ইয়াৰ অধীনত মুঠ ৭৭ খন মহাবিদ্যালয় আৰু ৫খন অন্য অনুষ্ঠান পৰিচালিত কৰা হয়। ভাৰতৰ উপ ৰাষ্ট্ৰপতি এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ৰূপে কৰ্মৰত।

দিল্লী বিশ্ববিদ্যালয়ত পদ খালী :

দিল্লী বিশ্ববিদ্যালয়ত শেহতীয়া ভাৱে সহায়ক, জেষ্ঠ সহায়কৰ খালী পদত নিযুক্তি প্ৰদান কৰিবৰ বাবে প্ৰাৰ্থী সকলৰ পৰা আৱেদন পত্ৰ বিচৰা হৈছে।


পদৰ সবিশেষ তথ্য তলত উল্লেখিত কৰা হৈছে :

পদৰ নাম

সহায়ক, জেষ্ঠ সহায়ক

খালী পদ

৩২

বয়স

অধিকতম ৩৫ বছৰ, ২৮/১২/২০২১ৰ মতে

দৰমহা

নিয়মাৱলী অনুসৰি

অৱস্থান

দিল্লী

অন্তিম তাৰিখ

২৪/০১/২০২২

আৱেদন মাছুল

অন্য প্ৰাৰ্থী - ৫০০/- টকা

অনুসূচিত জাতি/ জনজাতি - ২৫০/- টকা

পি দব্লিউ ডি/ মহিলা - নিল

পৰিশোধ ধৰণ - অনলাইন



শিক্ষাগত অৰ্হতা :

দিল্লী বিশ্ববিদ্যালয়ৰ অফিচিয়েল অধিসূচনা অনুসৰি প্ৰাৰ্থী সকল কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা দশম, দ্বাদশ, BE/ B Tech, গ্ৰেজুৱেট, পোষ্ট গ্ৰেজুৱেট,MCA, M. Sc উত্তীৰ্ণ হ'ব লাগিব।

আৱেদন প্ৰক্ৰিয়া :

ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলে দিল্লী বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবচাইট du.ac.in যোগে আৱেদন দাখিল কৰিব পৰিব।

পি দব্লিউ ডি প্ৰাৰ্থী সকলৰ বাবে অফলাইন ঠিকনা : অধ্যক্ষ, ৰাম লাল আনন্দ মহাবিদ্যালয়, বেনিটো জুৱাৰেজ পথ (আনন্দ নিকেতন), নতুন দিল্লী - ১১০০২১


আৰু পঢ়ক : উত্তৰ-পূব আঞ্চলিক শিক্ষা প্ৰতিষ্ঠান (NERIE) মেঘালয় নিযুক্তি ২০২২: জুনিয়ৰ প্ৰজেক্ট ফেলো পদখালী


Next Story
চাকৰি