Begin typing your search above and press return to search.

অসম জৰীপ আৰু বন্দবস্তি প্ৰশিক্ষণ কেন্দ্ৰত পদ খালী

ASSTC ত আধুনিক জৰীপৰ শিক্ষকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

অসম জৰীপ আৰু বন্দবস্তি প্ৰশিক্ষণ কেন্দ্ৰত পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Dec 2021 11:05 AM GMT


অসম জৰীপ আৰু বন্দবস্তি প্ৰশিক্ষণ কেন্দ্ৰ (ASSTC)ৰ বিষয়ে :

অসম জৰীপ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পূৰ্বৰ নাম আছিল "অসম জৰীপ স্কুল"। ১৮৮২ চনত ভূমি তথ্য আৰু কৃষি বিভাগ অসমৰ সৈতে গঢ়ি তোলা হৈছিল অসমৰ ভিন্ন স্থান, গুৱাহাটী; মঙলদৈ; তেজপুৰ; যোৰহাট; আৰু শিৱসাগৰত ০৫খন কৈ অসম জৰীপ স্কুল। কিন্তু পৰবৰ্তী সময়ত ১৯৮৭ - ৮৮ত ইয়াৰে এখন বিদ্যালয় উঠাই লোৱা হয়। আন পাছত সক্ৰিয় হয় ৰয় গুৱাহাটীস্থিত জৰীপ স্কুল। আৰু সেই সময়ৰ পৰা ৰাজ্য চৰকাৰৰ অধীনত সক্ৰিয়ভাবে কৰ্মৰত হৈ আছে গুৱাহাটীৰ জালুকবাৰী অঞ্চলত অৱস্থিত এই জৰীপ স্কুল। ১৯৬২চনত চীন সৈন্যৰ দ্বাৰা অসমত আক্ৰমণ কৰাৰ সময়ত অনুসন্ধান বিদ্যালয়ৰ স্থায়ী চৌহদ দখল কৰিছিল সংৰক্ষণ বাহিনীৰ কৰ্তৃপক্ষই আৰু এই জৰীপ স্কুল স্থানান্তৰ কৰা হৈছিল গুৱাহাটীৰ শান্তিপুৰলৈ। যাৰ পাছত এই বিদ্যালয় স্থায়ীৰূপে নিৰ্মাণ কৰিবৰ হেতু ১৯৮০-৮১ত অসম চৰকাৰে গুৱাহাটীৰ দক্ষিণগাঁও অঞ্চলত কাম আৰম্ভ কৰে আৰু ০২/০৯/১৯৯৮চনত এই স্থায়ী চৌহদ লৈ স্থানান্তৰ কৰে। আৰু ইয়াৰ মাজতে এই প্ৰতিষ্ঠানৰ পুনৰ নামাকৰণ কৰা হয়, "অসম জৰীপ আৰু প্ৰশিক্ষণ কেন্দ্ৰ " নামেৰে।

ASSTC ত শেহতীয়া পদ খালী:

ASSTC ত শেহতীয়াভাবে আধুনিক জৰীপৰ শিক্ষকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন পূৰণৰ অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আবেদন পত্ৰ দাখিল কৰিব পাৰিব।

পদৰ সবিশেষ তলত উল্লেখিত কৰা হ'ল:

পদৰ বিৱৰণ

প্ৰয়োজনীয় তথ্য

পদৰ নাম

আধুনিক জৰীপ শিক্ষক

খালী পদ

০৩ টা।

বয়স

০১/০১/২০২১লৈকে অধিকতম ৬৫বছৰ ।

দৰমহা

প্ৰতি মাহে ২৫,০০০/- টকা

অৱস্থান

গুৱাহাটী অসম

অন্তিম তাৰিখ

১৪/১২/২০২১

পদৰ ধৰণ

চৰকাৰী


শিক্ষক পদৰ বাবে শিক্ষাগত অৰ্হতা:

১/ ভূগোল/ ভূ-বিজ্ঞান/ জিঅ'ইনফৰ্মেটিক্স/ পদাৰ্থ বিজ্ঞান/ গণিত/ চিভিল অভিযান্ত্ৰিক বিভাগত স্নাতকোত্তৰ ডিগ্ৰীৰ লগতে জি আই এছ, মডাৰ্ণ চাৰ্ভে, কম্পিউটাৰ সংযুক্ত ডিজাইন, ডিজিটেল মানচিত্ৰাংকণ বিদ্যা বা ৰিমোট ছেন্সিং আদি অধ্যয়নৰ প্ৰমাণ থাকিব লাগিব।

বা

কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত গ্ৰেজুৱেট লগতে কোনো স্বীকৃতি প্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা জি আই এছ, জি পি এছ/ ই পি এছ, অট'কেড বা ৰিমোট সেনাই সেন্সিং আদিত ০১বছৰীয়া বিশেষ পাঠ্যক্ৰম

২/ ইংৰাজী ভাষাত স্পষ্ট আৰু লগতে অসমীয়া বা বাংলা ভাষাত কথোপকথনৰ অৰ্হতা

৩/ ০৩বছৰীয়া প্ৰাসংগিক অভিজ্ঞতা থকা প্ৰাৰ্থী সকলক প্ৰাধান্য দিয়া হ'ব

আৱেদন প্ৰক্ৰিয়া:

১/ ইচ্ছুক প্ৰাৰ্থীয়ে https://www.asstc.org.in/application-form লিংক যোগে আবেদন পত্ৰ প্ৰেৰণ কৰিব লাগিব

২/ ১৪/১২/২০২১ তাৰিখৰ ভিতৰত আবেদন প্ৰেৰণ কৰিব লাগিব।

বাছনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ


আৰু পঢ়ক : CNBC চিকিৎসালয় নিযুক্তি ২০২১ – ৭ জন কনিষ্ঠ আৱাসীৰ পদখালী


Next Story
চাকৰি