অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাত পদখালী
অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাই কনিষ্ঠ সহায়ক পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ২৫টা। ইয়াৰে ১৩ টা অ-সংৰক্ষিত, ০৯টা অবিচি-এমঅবিচিৰ, ০৩টা এছ চিৰ, ০৩টা এছ টি(পি) আৰু এটা এছটি(পাহাৰীয়া)ৰ বাবে সংৰক্ষিত।
বয়সৰ সীমাঃ ০১ জুন, ২০২১ত প্ৰাৰ্থীৰ বয়স ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ, অবিচি-এমঅবিচি প্ৰাৰ্থীয়ে ৩ বছৰ বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।
নিযুক্তিৰ স্থানঃ অসম।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৮-২০২১।
আবেদনৰ মাচুলঃ এছ চি-এছ চিৰ বাবে ২০০টকা। অন্যান্যসকলৰ বাবে ৩০০টকা। বিশেষভাবে সক্ষমৰ মাচুল নালাগে।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হব লাগিব। লগতে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ৱৰ্ডপ্ৰচেছৰ, স্প্ৰেডশ্বীট আদিক সামৰি কম্পিউটাৰৰ ন্যূনতম ছমাহৰ ডিপ্লমা থাকিব লাগিব। প্ৰাৰ্থীৰ অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন থাকিব লাগিব।
আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে এই চাহ শ্ৰমিক ভৱিষ্যনিধিৰ ৱেবছািটৰ পৰা অনলাইন আবেদন জনাব পাৰিব। অনলাইন আবেদন গ্ৰহণৰ শেষ তাৰিখ ১৪ আগষ্ট, ২০২১। অনলাইন আবেদনৰ লগত প্ৰাৰ্থীৰ শেহতীয়া পাছপোৰ্ট ফটো, মেট্ৰিকৰ এডমিট কাৰ্ড বা প্ৰমাণপত্ৰ, স্নাতকৰ প্ৰমাণপত্ৰ আৰু স্কেন কৰা স্বাক্ষৰ, নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নপত্ৰ, কম্পিউটাৰ ডিপ্লমা বা চাৰ্টিফিকেট, বিশেষভাবে সক্ষম প্ৰাৰ্থীয়ে অক্ষমতাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ আয়ৰ প্ৰমাণপত্ৰ(ৰাজহচক্ৰ বিষয়া বা উৰ্ধতন বিষয়াই দিয়া) আদি আপলোড কৰিব লাগিব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।