অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাত কনিষ্ঠ সহায়কৰ পদখালী

অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা(ATEPFO)-ই কনিষ্ঠ সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংস্থাত কনিষ্ঠ সহায়কৰ পদখালী

খালী পদৰ সংখ্যাঃ ২৫টা। ইয়াৰে ১০টা অবিচি /এমঅবিচিৰ, ০৭টা এছ চিৰ, ০২টা এছ টি( ভৈয়ামৰ), এটা আৰ্থিকভাবে পিছপৰা শ্ৰেণীৰ আৰু এটা বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

দৰমহাঃ পে বেণ্ড-২, ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকাৰ লগতে ৬,২০০ টকাৰ গ্ৰেড পে।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৮-২০২১।

বয়সৰ সীমাঃ ২১ বছৰৰ পৰা ৩৮ বছৰ।

আবেদনৰ মাচুলঃ এছ চি/এছ টিৰ.200টকা। অন্যান্যৰ তিনিশ টকা আৰু বিশেষভাবে সক্ষমৰ নাই।

শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক হব লাগিব। তদুপৰি কম্পিউটাৰৰ. Word Processor, Spread Sheet, presentation graphics, the concept of database, internet, email, আৰু অসমীয়াত টাইপিঙৰ জ্ঞানসহ কম্পিউটাৰৰ ন্যূন্যতম ছমহীয়া ডিপ্লমা থাকিব লাগিব।

আবেদনৰ নিয়মঃ অসম চাহ কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা (ATEPFO)-ৰ ৰ অফিচিয়েল ৱেবছাইট চাই আবেদন জনাব লাগিব। আবেদন জমা দিয়াৰ শেষ তাৰিখঃ ১৪ আগষ্ট, ২০২১।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ দুটা স্তৰৰ পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হব। ইয়াৰে প্ৰথমটো স্তৰৰ ছিলেবাছত General studiesঃ current affairs, national and international — 60 marks. ii) General English - 20 marks. iii) Arithmetic — 20 marks থাকিব।

বাছনিকৃত প্ৰাৰ্থীৰ বাবে দ্বিতীয়টো স্তৰৰ ছিলেবাছত a) Computer test (English and Assamese typing) - 20 marks. b) Writing ability test in English. Writing ability tests shall include drafting, precis writing, comprehension, essay, etc. - 30 marks. Final Selection: Combined marks of Stage I (Objective Type Test) and Stage II (Computer Test and Writing ability test in English) থাকিব।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com