Begin typing your search above and press return to search.

বেংক অৱ বৰোদাত সহকাৰী উপাধ্যক্ষৰ ৫৩ টা পদ খালী

বেংক অৱ বৰোদাই সহকাৰী উপাধ্যক্ষৰ ৫৩ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

বেংক অৱ বৰোদাত সহকাৰী উপাধ্যক্ষৰ ৫৩ টা পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jan 2022 9:05 AM GMT

বেংক অৱ বৰোদাৰ বিষয়েঃ

বেংক অৱ বৰোদা হৈছে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকিং আৰু বিত্তীয় সেৱা কোম্পানী। এই বেংকৰ মালিকীস্বত্ব ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ হাতত আছে। এই বেংক হৈছে দেশৰ চতুৰ্থ সৰ্ববৃহত্ বেংক। ইয়াৰ গ্ৰাহকৰ সংখ্যা প্ৰায় ১৪ কোটি( ১৩২ নিযুত)। ইয়াৰ ব্যৱসায়িক পুঁজিৰ পৰিমাণ ২১৮ নিযুত ডলাৰ। বিশ্বতে বেংক অৱ বৰোদাৰ অৱস্থিতি আছে। বিদেশত ইয়াৰ ১০০ টা শাখা আছে। ২০১৯-ৰ তথ্য অনুসৰি ইয়ে ফৰ্বছৰ গ্লোবেল ২০০০-ৰ তালিকাত স্থান লাভ কৰে। ১৯০৮ চনৰ ২০ জুলাইত বৰোদাৰ মহাৰজা তৃতীয় সয়াজিৰাও গাইকোৱাড়ে বেংক অৱ বৰোদা প্ৰতিষ্ঠা কৰে। গুজৰাটৰ বৰোদা ৰাজ্যত এই বেংক প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৬৯-ৰ ১৯ জুলাইত আন ১৩ টা বেংকসহ বেংক অৱ বৰোদাক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয়কৃত কৰে। এই বেংকক লাভদায়ক ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠানৰূপে চিহ্নিত কৰা হৈছে।

বেংক অৱ বৰোদাৰ নিযুক্তি-২০২২ঃ

বেংক অৱ বৰোদাই সহকাৰী উপাধ্যক্ষৰ ৫৩ টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা, বয়সৰ সীমা, দৰমহা আদিৰ তথ্য তলত পাব।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত দিয়া হৈছে:-

পদৰ নাম

সহকাৰী উপাধ্যক্ষ ( আহৰণ আৰু সম্পৰ্ক ব্য়ৱস্থাপনা), সহকাৰী উপাধ্যক্ষ ( প্ৰডাক্ট মেনেজাৰ)

খালী পদ

সহকাৰী উপাধ্যক্ষ ( আহৰণ আৰু সম্পৰ্ক ব্য়ৱস্থাপনা)-ৰ ৫০টা আৰু সহকাৰী উপাধ্যক্ষ ( প্ৰডাক্ট মেনেজাৰ)-ৰ ৩টা।

বয়স

সহকাৰী উপাধ্যক্ষ ( আহৰণ আৰু সম্পৰ্ক ব্য়ৱস্থাপনা)ৰ ক্ষেত্ৰত ২৬-ৰ পৰা ৪০ বছৰ। সহকাৰী উপাধ্যক্ষ ( প্ৰডাক্ট মেনেজাৰ)-ৰ ক্ষেত্ৰত ২৫-ৰ পৰা ৪০ বছৰ।

দৰমহা

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা, বয়স আদিত দৰমহা নিৰ্ভৰ কৰিব।

অন্তিম তাৰিখ

০১-০২-,২০২২

স্থান

ভাৰতৰ যিকোনো স্থানত।

আবেদনৰ মাচুল

সাধাৰণ শ্ৰেণী, ও বি চি, আৰ্থিকভাবে পিছপৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত ৬০০ টকা। লগত অন্যান্য শুল্ক সংঘোজন হব পাৰে। এছ চি-এছ টি, বিশেষভাবে সক্ষম আৰু মহিলা প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০০ টকা আৰু অন্যান্য শুল্ক সংযোজন হব পাৰে।

চাকৰিৰ প্ৰকাৰ

স্থায়ী।

আবেদন প্ৰক্ৰিয়া

অনলাইন-

শিক্ষাগত অৰ্হতাঃ

সহকাৰী উপাধ্যক্ষ ( আহৰণ আৰু সম্পৰ্ক ব্য়ৱস্থাপনা)-ৰ বাবে প্ৰাৰ্থী যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে মেনেজমেণ্টত ন্যূনতম ২ বছৰীয়া পাঠ্যক্ৰমৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লোমা থাকিব লাগিব। বা চাৰ্টাৰ্ড একাউণ্টেণ্ট হব লাগিব।

অভিজ্ঞতাঃ অন্ততঃ ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। ইয়াৰে তিনি বছৰ ৰাজহুৱা খণ্ড/ বিদেশী বেংক/ বিক্ৰী/ সম্পৰ্ক ব্যৱস্থাপনা সেৱাৰ হব লাগিব। অথবা বেংকৰ পৰা বেংকলৈ বা বেংকৰ পৰা গ্ৰাহকলৈ পেমেণ্ট কোম্পানীত ৩ বছৰ কাম কৰা হব লাগিব।

সহকাৰী উপাধ্যক্ষ ( প্ৰডাক্ট মেনেজাৰ)-ৰ ক্ষেত্ৰত প্ৰাৰ্থী বি ই / বি টেক / এম চি এ / চি এ / এম বি এ/ ব্যৱসায় শিক্ষাত স্নাতকোত্তৰ ডিপ্লমা থকা হব লাগিব।

সংশ্লিষ্ট ক্ষেত্ৰত ন্যূনতম ৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

আবেদন নিয়মঃ

আগ্ৰহী প্ৰাৰ্থীয়ে https://www.bankofbaroda.in/- ৰ পৰা আবেদন জনাব পাৰে।

অনলাইন পঞ্জীয়ন আৰু মাচুল পৰিশোধৰ শেষ তাৰিখঃ ০১-০২-২০২২।


আৰু চাব পাৰে :NEIGRIHMS নিয়োগ ২০২২: বিজ্ঞানী, প্ৰকল্প সহায়ক, টেকনিচিয়ান আৰু DEO খালী পদ


Next Story
চাকৰি