বেংক অৱ বৰোদাত ছুপাৰভাইজৰৰ পদ খালী
প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:

বেংক অৱ বৰোদাৰ বিষয়েঃ
বেংক অৱ বৰোদা হৈছে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংকিং আৰু বিত্তীয় সেৱা কোম্পানী। এই বেংকৰ মালিকীস্বত্ব ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ হাতত আছে। এই বেংক হৈছে দেশৰ চতুৰ্থ সৰ্ববৃহত্ বেংক। ইয়াৰ গ্ৰাহকৰ সংখ্যা প্ৰায় ১৪ কোটি( ১৩২ নিযুত)। ইয়াৰ ব্যৱসায়িক পুঁজিৰ পৰিমাণ ২১৮ নিযুত ডলাৰ। বিশ্বতে বেংক অৱ বৰোদাৰ অৱস্থিতি আছে। বিদেশত ইয়াৰ ১০০ টা শাখা আছে। ২০১৯-ৰ তথ্য অনুসৰি ইয়ে ফৰ্বছৰ গ্লোবেল ২০০০-ৰ তালিকাত স্থান লাভ কৰে।
১৯০৮ চনৰ ২০ জুলাইত বৰোদাৰ মহাৰজা তৃতীয় সয়াজিৰাও গাইকোৱাড়ে বেংক অৱ বৰোদা প্ৰতিষ্ঠা কৰে। গুজৰাটৰ বৰোদা ৰাজ্যত এই বেংক প্ৰতিষ্ঠা কৰা হৈছিল। ১৯৬৯-ৰ ১৯ জুলাইত আন ১৩ টা বেংকসহ বেংক অৱ বৰোদাক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয়কৃত কৰে। এই বেংকক লাভদায়ক ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠানৰূপে চিহ্নিত কৰা হৈছে।
বেংক অৱ বৰোদাত নিযুক্তি-২০২২ঃ
বেংক অৱ বৰোদাই ছুপাৰভাইজৰ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য পাবঃ
প্ৰাৰ্থীসকলে তলত নিৰ্ধাৰিত পদ, বয়সৰ সীমা, দৰমহা, অৰ্হতা আদিৰ সকলো চাকৰিৰ বিৱৰণ পৰীক্ষা কৰিব পাৰে:
পদৰ নাম | ছুপাৰভাইজৰ |
খালী পদৰ সংখ্যা | ০২ টা। |
বয়সৰ সীমা | ২১-০১-২০২২-ত ২১ বছৰৰ পৰা ৪৫ বছৰ। |
দৰমহা | মাহিলী ১০ হেজাৰ টকাৰ পৰা ১৫ হেজাৰ টকা। |
চাকৰিৰ স্থান | প্ৰতাপগড় ( উত্তৰ প্ৰদেশ), ছিৰোহী (ৰাজস্থান)। |
আবেদনৰ অন্তিম তাৰিখ | ৩১ জানুৱাৰী, ২০২২। |
প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া | সাক্ষাতকাৰ। |
ৱেবছাইট | bankofbaroda.in |
শিক্ষাগত অৰ্হতা আৰু যোগ্যতা:
স্বীকৃতিপ্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা বি ই / বি টেক, এম এছ চি, এম বি এ, এম চি এ হব লাগিব।
অভিজ্ঞতাৰ বিৱৰণঃ অৱসৰপ্ৰাপ্ত কেৰাণী বা ভাল অৰ্হতাসহ JAIIB- উত্তীৰ্ণ হব লাগিব। গ্ৰামাঞ্চলত কাম কৰাৰ ন্যূনতম ৩ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ পদ্ধতিঃ
প্ৰথমে অফিচিয়েল ৱেবছাইট bankofbaroda.in চাব
। এই ৱেবছাইটৰ Recruitment বাCareers চাব।
আপুনি তাত শেহতীয়া পদৰ নিযুক্তিৰ জাননী পাব।
সাৱধানেৰে নিৰ্দেশাৱলী পঢ়িব।
নোহোৱাকৈ আবেদন পত্ৰ প্ৰেৰণ কৰিব। নথি-পত্ৰৰ স্ব-প্ৰত্যায়িত প্ৰতিলিপিসহ আবেদন অহা ৩১ জানুৱাৰীৰ ভিতৰত পোৱাকৈ প্ৰেৰণ কৰিব পাৰে।
আৰু চাব পাৰে :NIPER গুৱাহাটী নিযুক্তি ২০২২ - জে.আৰ.এফ., প্ৰকল্প সহায়ক খালী পদ