বেংক অৱ বৰোডাত ৩৭৬ টা প্ৰৱন্ধকৰ পদ খালী

বেংক অৱ বৰোডাই ছিনিয়ৰ ৰিলেছনশ্বিপ মেনেজাৰ আৰু ই-ৱেলথ ৰিলেশ্বনশ্বিপ মেনেজাৰৰ ৩৭৬টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বেংক অৱ বৰোডাত ৩৭৬ টা প্ৰৱন্ধকৰ পদ খালী

বেংক অৱ বৰোডাৰ বিষয়েঃ বেংক অৱ বৰোদা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংকিং আৰু বিত্তীয় সেৱা কোম্পানী। এই বেংক ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনৰ । বেংক অৱ বৰোডা হৈছে দেশৰ চতুৰ্থ বৃহত্তম ৰাষ্ট্ৰীয়কৃত বেংক। ইয়াৰ গ্ৰাহকৰ সংখ্যা ১৩২ নিযুত। ইয়াৰ মুঠ ব্যৱসায়ৰ পৰিমাণ ২১৮ বিলিয়ন ডলাৰ। বেংক অৱ বৰোডাৰ বিশ্বজুুৰি ব্যৱসায় আছে। বিদেশত ইয়াৰ ১০০ টা কাৰ্যালয় আছে। ২০১৯ ৰ তথ্য অনুসৰি ফোৰ্বছ গ্লবেল-২০০০ তালিকাত ই ১১৪৫ ৰেংক লাভ কৰে। 

১৯০৮ চনৰ ২০ জুলাইত বৰোডাৰ মহাৰাজা ছায়াজীৰাও গাইকোৱাড় তৃতীয়ই গুজৰাটৰ বৰোডা ৰাজ্যত এই বেংক স্থাপন কৰে। পৰৱৰ্তী সময়ত ১৯৬৯ৰ ১৯ জুলাইত ভাৰত চৰকাৰে আন ১৩ টা বেংকসহ বেংক অৱ বৰোদাৰো ৰাষ্ট্ৰীয়কৰণ কৰে।  এই বেংকক লাভদায়ক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰূপে সূচোৱা হয়। 

বেংক অৱ বৰোডাই ছিনিয়ৰ ৰিলেছনশ্বিপ মেনেজাৰ আৰু ই-ৱেলথ ৰিলেশ্বনশ্বিপ মেনেজাৰৰ ৩৭৬টা পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। 

এই পদসমূহৰ বিষয়ে তলত সবিশেষ তথ্য পাবঃ 

পদঃ 

ছিনিয়ৰ ৰিলেচনশ্বিপ মেনেজাৰ

খালী পদৰ সংখ্যাঃ ৩২৬টা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। দুবছৰৰ পূৰ্ণ-কালীন সময়ৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লোমা বিচৰা হব পাৰে। ৰাজহুৱা বেংক  / ব্যক্তিগত বেংক / বিদেশী বেংক / ব্ৰকিং ফাৰ্ম / সুৰক্ষা ফাৰ্ম / এছেট মেনেজমেণ্ট কোম্পানীত ৰিলেশ্বনশ্বিপ মেনেজাৰৰূপে ন্যূনতম ২ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব। 

ই-ৱেলথ ৰিলেশ্বনশ্বিপ মেনেজাৰ

খালী পদৰ সংখ্যাঃ ৫০টা। 

শিক্ষাগত অৰ্হতাঃ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্ৰী। দুবছৰৰ পূৰ্ণ-কালীন সময়ৰ স্নাতকোত্তৰ ডিগ্ৰী বা ডিপ্লোমা বিচৰা হব পাৰে। ৰাজহুৱা বেংক / ব্যক্তিগত বেংক / বিদেশী বেংক / ব্ৰকিং ফাৰ্ম / সুৰক্ষা ফাৰ্ম / এছেট মেনেজমেণ্ট কোম্পানীত ৰিলেশ্বনশ্বিপ মেনেজাৰৰূপে ন্যূনতম ১.৫ বছৰৰ কৰ্ম-অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমাঃ ন্যূনতমঃ ২৪ বছৰ, সৰ্বোচ্চ ৩৫ বছৰ। 

বেংক অৱ বৰোডাৰ এই নিযুক্তিৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহঃ 

#অনলাইন আবেদন জমা দিয়াৰ আৰম্ভণীৰ তাৰিখ:  ১৯-১১-২০২১।

#অনলাইন আবেদন জমা দিয়াৰ শেষ তাৰিখ : ০৯-১২-২০২১। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com