ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডত প্ৰশিক্ষাৰ্থীৰ পদ খালী

শেহতীয়াভাবে বি চি পি এলে ১২ টা অনা-কাৰ্যবাহী পদত নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে।
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডত প্ৰশিক্ষাৰ্থীৰ পদ খালী

বি চি পি এলৰ বিষয়েঃ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড হৈছে অসম চুক্তি অনুসৰি স্থাপিত এটা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান। ই ডিব্ৰুগড় জিলাৰ লেপেটকটাত অৱস্থিত। অসম চু্ক্তিত ইয়াৰ নাম গেছ ক্ৰেকাৰ বুলি উল্লেখ আছে। ২০০৭ৰ ৯ এপ্ৰিলত তদানীন্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে বি চি পি এল উদ্ধোধন কৰে।  ২০১৬ৰ ফেব্ৰুৱাৰীত উত্পাদনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক মুকলি কৰে। 

বি চি পি এলৰ ৭০ শতাংশ শ্বেয়াৰ গেইলৰ হাতত আছে। বাকী শ্বেয়াৰ অসম চৰকাৰ, নুমলীগড় শোধনাগাৰ আৰু অইল ইণ্ডিয়াৰ। 

বি চি পি এলে ১২ টা অনা-কাৰ্যবাহী পদত নিযুক্তিৰ বাবে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। 

এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ 

১. ফৰেমন (ইলেকট্ৰিচিয়ান)-প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা - ৩টা। 

শিক্ষাগত অৰ্হতা - ন্যূনতম ৫৫% সহ ইলেকট্ৰিকেল অভিযন্তা/ ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক্স বিভাগত ডিপ্লোমা।

২. ফৰেমন (মেকানিকেল) - প্ৰশিক্ষাৰ্থী

খালী পদৰ সংখ্যা - ১ শিক্ষাগত অৰ্হতা - নূন্যতম ৫৫% সহ মেকানিকেল অভিযন্তা/ উৎপাদনত উদ্যোগ/ নিৰ্মাণ/ মেকানিকেল আৰু অটোমোবাইল বিভাগত ডিপ্লোমা।

৩. অপাৰেটৰ (ৰসায়ন) - প্ৰশিক্ষাৰ্থী

খালী পদৰ পদৰ - ৩টা।

শিক্ষাগত অৰ্হতা - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী নূন্যতম নম্বৰ ৫০% বা ৰসায়ন বিজ্ঞান বিশেষ বিষয় হিচাপে B. Sc, নূন্যতম নম্বৰ ৫০%।

৪. টেকনিচিয়ান (ইলেকট্ৰিকেল) - প্ৰশিক্ষাৰ্থী ।

খালী পদৰ সংখ্যা - ২ টা।

শিক্ষাগত অৰ্হতা - মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে ITI ট্ৰেডমেনচিপ/ ৰাষ্ট্ৰীয় প্ৰশিক্ষাৰ্থী প্ৰমাণপত্ৰ, বিষয় ইলেকট্ৰিকেল/ ৱাইৰমেইন ট্ৰেড।

৫. টেকনিচিয়ান(মেকানিকেল) - প্ৰশিক্ষাৰ্থী।

খালী পদৰ সংখ্যা - ১টা।

শিক্ষাগত অৰ্হতা - মেট্ৰিক উত্তীৰ্ণ হোৱাৰ লগতে ITI ট্ৰেডমেনচিপ/ ৰাষ্ট্ৰীয় প্ৰশিক্ষাৰ্থী প্ৰমাণপত্ৰ, বিষয় ফিটাৰ/ ডিজেল মেকানিক/ মেকানিষ্ট/ টুনাৰ ট্ৰেড।

৬. একাউণ্ট সহকাৰী - প্ৰশিক্ষাৰ্থী।

খালী পদৰ সংখ্যা - ১ টা।

শিক্ষাগত অৰ্হতা - নূন্যতম ৫০% নম্বৰসহ বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী আৰু টাইপিং স্পীড ইংৰাজীত ৪০wpm। কম্পিউটাৰত দক্ষতা থাকিব লাগিব।

দৰমহা : পদ ১ৰ পৰা ২লৈ - ২৩,০০০/- টকা পদ ৩ৰ পৰা ৬লৈ - ২১,০০০/- টকা বয়সৰ ৰেহাই : # SC/ ST - ৫বছৰ # OBC - NCL - ৩বছৰ # PwBD - সাধাৰণ শ্ৰেণী/ EWS - ১০বছৰ # PwBD - OBC - NCL - ১৩বছৰ # PwBD SC/ ST - ১৫বছৰ

অভিজ্ঞতা : দৰমহা প্ৰাপ্ত প্ৰশিক্ষাৰ্থী হিচাপে ১বছৰীয়া অভিজ্ঞতা।

আবেদনৰ মাছুল : # UR/ EWS/ OBC - NCL - ২০০/- টকা # SC/ ST/ PWBD - নাই

# মাছুল জমাৰ প্ৰক্ৰিয়া - অনলাইন আবেদন প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীসকলে বি চি পি এল নিযুক্তি পৰ্টেলত গৈ অনলাইন যোগে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব। সম্পূৰ্ণ প্ৰক্ৰিয়া : •

অফিচিয়েল ৱেবচাইট rbi.org.in খোলক • আপুনি আবেদন দাখিল কৰিব বিচৰা পদটো বিচাৰক • পদৰ বাবে উপলব্ধ আবেদন পত্ৰ ডাউনলোড কৰক • আৱেদন দাখিলৰ অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰিবলৈ নাপাহৰিব • শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক •

প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আবেদন পত্ৰ জমা কৰাৰ গুৰুত্বপূৰ্ণ তাৰিখসমূহ : # আবেদন গ্ৰহণৰ আৰম্ভণিৰ তাৰিখ - ১২/১১/২০২১ #অন্তিম তাৰিখ - ১১/১২/২০২১

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com