Begin typing your search above and press return to search.

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত প্ৰশিক্ষাৰ্থী অভিযন্তাৰ পদ খালী

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে প্ৰশিক্ষাৰ্থী অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত প্ৰশিক্ষাৰ্থী অভিযন্তাৰ পদ খালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Dec 2021 10:50 AM GMT

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ বিষয়েঃ

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ( বি ই এল) হৈছে ভাৰত চৰকাৰৰ মালিকীস্বতৰ এটা মহাকাশ আৰু প্ৰতিৰক্ষা ইলেক্ট্ৰনিক্স কোম্পানী। ভূ-ভাগত তথা মহাকাশত ব্যৱহাৰৰ বাবে এই কোম্পানীয়ে ইলেক্ট্ৰনিক্স সঁজুলি উত্পাদন কৰে। ভাৰত চৰকাৰে এই কোম্পানীক নৱৰত্নৰ মৰ্যাদা প্ৰদান কৰিছে। ১৯৫৪ৰ কৰ্ণাটকৰ বাংগালুৰুত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড প্ৰতিষ্ঠা কৰা হয়। ১৯৫৬-ত ই কেতবোৰ যোগাযোগ সঁজুলি উত্পাদন কৰে।১৯৬১-ৰ পৰা ই গুণগতমানৰ সঁজুলি উত্পাদন কৰিবলৈ ধৰে। ১৯৬২-ত ইয়ে জাৰ্মেনিয়াম ছেমি-কনডাক্টৰ উত্পাদন কৰে। ১৯৬৪-ত ই ছোভিয়েট ৰাছিয়াৰ সহযোগত অল ইণ্ডিয়া ৰেডিঅৰ বাবে ৰেডিঅ ট্ৰান্সমিটাৰ উত্পাদন কৰে।

১৯৬৪-ত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে সেনাৰ বাবে ৰাডাৰ উত্পাদন কেন্দ্ৰ স্থাপন কৰে। পাছত ১৯৬৭-ত ইয়ে ট্ৰান্সমিটিং টিউব, ছিলিকন ডিভাইচ আৰু সংহত চাৰ্কিট উত্পদন কৰে। ১৯৬৮-ত ইয়াৰ পি চি বি উত্পাদন ক্ষেত্ৰ স্থাপন কৰা হয়। ১৯৭০-ত ইয়ে টেলিভিচনৰ ক'লা-বগা পিকচাৰ টিউব, এক্সৰে টিউব আৰু মাইক্ৰোৱেভ উত্পাদন কৰিবলৈ লয়। ১৯৭১-ত ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে সংহত চাৰ্কিট আৰু হাইব্ৰিড মাইক্ৰো চাৰ্কিট উত্পাদন কৰিবলৈ ধৰে।

১৯৭২-ত ইয়ে দূৰদৰ্শনৰ বাবে টি ভি ট্ৰান্সমিটাৰ উত্পাদন কৰিবলৈ ধৰে। ১৯৭৩ত ইয়ে নৌ-সেনাৰ বাবে ফ্ৰিগেট ৰাডাৰ উত্পাদন কৰিবলৈ লয়।


ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ নিযুক্তি-২০২২ঃ

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে প্ৰশিক্ষাৰ্থী অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে। এই বিষয়ে তলত সবিশেষ তথ্য় পাবঃ

আগ্ৰহী প্ৰাৰ্থীসকলে তলত দিয়া প্ৰাসঙ্গিক বিৱৰণবোৰ পৰীক্ষা কৰিব পাৰে:

পদৰ নাম

প্ৰশিক্ষাৰ্থী অভিযন্তা।

খালী পদৰ সংখ্যা

৮টা।

দৰমহা

মাহিলী ৩০-ৰ পৰা ৪০ হেজাৰ টকা।

চাকৰিৰ স্থান

মুম্বাই (মহাৰাষ্ট্ৰ)

বয়সৰ সীমা

০১-১২-২০২১-ত সৰ্বোচ্চ ২৮ বছৰ।

আবেদনৰ মাচুল

২০০ টকা। অৱশ্যে এছ চি / এছ টি/ বিশেষভাবে সক্ষম প্ৰাৰ্থীৰ নাই। মাচুল পৰিশোধৰ পদ্ধতি: অনলাইন।


প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া

সাক্ষাতকাৰ, মেধাভিত্তিক।

অন্তিম তাৰিখ

১৫ জানুৱাৰী, ২০২২

ৱেবছাইট

bel-india.in

শিক্ষাগত অৰ্হতা

প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা ইলেক্ট্ৰনিক্স/ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেচন/ ই এণ্ড টি/ টেলিকমিউনিকেচন ইঞ্জিনীয়াৰিঙৰ বি ই বা বি টেক হব লাগিব।

অভিজ্ঞতাঃ

শিক্ষা সমাপ্তিৰ পাছত ঔদ্যোগিক ক্ষেত্ৰৰ কামত ন্যূনতম ১ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।

ৰাডাৰ, যোগাযোগ ব্যৱস্থা, উচ্চ ভল্টেজৰ ট্ৰান্সমিটাৰ, ছিগনেল প্ৰচেছিং আদিৰ অভিজ্ঞতা অতিৰিক্ত সহায় হব।

প্ৰাৰ্থীৰ এণ্টেনা পৰীক্ষণৰ অভিজ্ঞতা থাকিব লাগিব।


আবেদনৰ পদক্ষেপ:

●প্ৰথমে, অফিচিয়েল ৱেবছাইট @bel-india.in চাওক

●আৰু আপুনি আবেদন কৰিব লগা ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডৰ নিযুক্তি বা কেৰিয়াৰ অপচন চাওক।

●প্ৰশিক্ষাৰ্থী অভিযন্তাৰ অপচন খোলক আৰু যোগ্যতা পৰীক্ষা কৰক।

●আবেদন প্ৰপত্ৰ আৰম্ভ কৰাৰ আগতে অন্তিম তাৰিখটো সাৱধানে পৰীক্ষা কৰক।

●কোনো ভুল নোহোৱাকৈ আবেদন পত্ৰ পূৰণ কৰক।

●আবেদন মাচুল পৰিশোধ কৰক (যদি প্ৰযোজ্য হয়) আৰু অন্তিম তাৰিখত বা তাৰ আগতে পোৱাকৈ আবেদন প্ৰেৰণ কৰক ( শেষ তাৰিখঃ ১৫ জানুৱাৰী ২০২২)


আৰু চাব পাৰে :RVNL নিযুক্তি ২০২২ – জেনেৰেল মেনেজাৰ (বৈদ্যুতিক) পদখালী




Next Story
চাকৰি